header ads

অসমীয়া কবিতা, ফাগুন ,উৎপলা শৰ্মা, ৩য় বছৰ ৩য় সংখ্যা

 

ফাগুন... 
অহা বাটে আহিলি তই ,
ধূলিয়ৰি দিনৰ সপোন সিঁচি ... 
লঠঙা ডালত 
বসন্তৰ আবিৰ সানি .. I 


উদং পথাৰত 
সোণালী দিনৰ 
প্ৰতিশ্ৰুতি লৈ... 
সৰাপাতৰ বেদনাবোৰ 
বুকুত সাৱটি 
সেউজীয়া জীৱনৰ 
সম্ভাৱনা হৈ I 


ফাগুন ...

তই যে চঞ্চলা ...
তই যে উন্মনা ...
অকপটে গুজি দিলি 
শিমলু , মদাৰৰ ৰংবোৰ ...
উতনুৱা বতাহজাকত 
উৰি ফুৰিছে
কেঁচা যৌৱনৰ সুৰবোৰ ...


ফাগুন ...

তই এনেকৈয়ে আহিবি ...
এবুকু সঁচা 
মৰম ... ভালপোৱা ... 
আবেগৰ সোঁতেৰে বোৱা 
এখনি বোঁৱতী নৈ হৈ l






উৎপলা শৰ্মা
সহকাৰী শিক্ষয়িত্ৰী
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষা খণ্ড : ছমৰীয়া ।

Post a Comment

0 Comments