পথাৰ
ভূঁই গোঁজা পথাৰ
অকলশৰীয়া গছ
এজাক বগলী
অভিন্ন সংগী
ভৰুণ অথবা কঙালী ।
পিতায়ে কৈছিল - " কৰ্ষণ কৰ মনৰ মাটি "
উভতি নেচাবি
নিজৰ বাট নিজেই ল কাটি ।
হাবিতলৰ বাটেৰে বঁহত বুটলি
স্কুললৈ বুলি ঢাপলি মেলা সেই পুৱা
পানীখোৱা- ছুটীৰ দুপৰীয়া
আৰু ঘৰমুৱা আবেলিবোৰত
পথাৰেই আমাৰ বাট আছিল ;
আজি সেয়েহে আক্ষেপ নাই
খেতি নথকা মানুহ বুলি
পথাৰখন যে বুকুতে সোমাই আহিছিল
সেই তেতিয়াৰপৰাই ৷
চয়নিকা চাংমাই
সহকাৰী শিক্ষয়িত্ৰী
মধ্য পাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষা খণ্ড : ৰঙিয়া
0 Comments