header ads

অসমীয়া কবিতা. ৩য় বছৰ ৩য় সংখ্যা, তীৰ্থ শংকৰ ডেকা

 জীৱন






জীৱননো কি যাত্রাহে এটি
সহযাত্রীও পাম
কোনোবা নামিব আগত , কোনোবা পিছত ...
খালী চিটত আকৌ কোনোবা বহিব
কোনোজনে বুকুত সাঁচ বহুৱাব
একা-বেঁকা পথত হাতত ধৰি মোৰ
ভাৰসাম্য ৰাখি নামি যাব তেওঁ
তেওঁৰ ষ্ট'পেজত ...
মনটোৱে কব'
" আৰু কিছুদূৰ যদি যাত্ৰা কৰিলেহেঁতেন তেওঁ ..."
তথাপি যাত্ৰা থমকি নৰয় ,
এদিন মোৰো ষ্ট'পেজ আহিব
ময়ো নামি ৰ'ম ক'ৰবাত
হয়তো মোকো মনত পেলাব কোনোবাই ,
হয়তো নেপেলায় ...
তথাপি জীৱন আশাবাদী
আশাকেই সাৰথি কৰি আগুৱাই
কোনোবা অনাকাংক্ষিত সুখৰ ঠিকনা বিচাৰি ...




তীৰ্থ শংকৰ ডেকা
ব্লক ই. ডি. পি. কমলপুৰ প্ৰাথমিক 
শিক্ষাখণ্ড - কমলপুৰ ।

Post a Comment

0 Comments