header ads

বিজ্ঞানৰ ইটো-সিটো, ৩য় বছৰ ৩য় সংখ্যা, পল্লবী পাঠক

 


ন'বেল বঁটা আৰু ইয়াৰ  নজনা বহু কথা -

   নোবেল বঁটাটোক সকলোতকৈ শ্ৰেষ্ঠ বঁটা বুলি সকলোৱেই জানে । এটা বিষয়ত অতি-বিশেষ অৱদান আগবঢ়োৱা সকললৈ এই বঁটা প্ৰদান কৰা হয় । ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেলৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা প্ৰদানৰ বাবে কমিটি গঠন কৰা হয় । ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল । ‌বঁটা প্ৰদান কৰা বিভাগসমূহ আছিল - পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , চিকিৎসা বিজ্ঞান , সাহিত্য আৰু শান্তি । ১৮৯৫ চনৰ ২৭ নৱেম্বৰত আলফ্ৰেড ন'বেলে নিজৰ উপাৰ্জনৰ এটা বৃহৎ অংশ নোবেল বঁটাৰ কাৰণে দান দি থৈ গৈছে । নোবেল বঁটাত থকা টকাৰ পৰিমাণ প্ৰত্যেক বছৰেই বেলেগ হয় । প্ৰতিজন বঁটা প্ৰাপকে একোটা সোণৰ মেডেল , এখন মানপত্ৰ , আৰু এক নিৰ্দিষ্ট পৰিমাণৰ টকা লাভ কৰে । ' ন'বেল প্ৰতিষ্ঠানে ' সেই বছৰত আয় কৰা টকাৰ ওপৰত ন'বেল বঁটাৰ লগত দিয়া টকাৰ মান নিৰ্ভৰ কৰে । 

ন'বেল বঁটাৰ বিষয়ে জানিবলগীয়া সৰু বৰ কথা :-

- ন'বেল বঁটা মৃত্যুৰ পাছত প্ৰদান কৰা নহয় । অৱশ্যে বঁটা ঘোষণা কৰাৰ পাছত প্ৰাপকৰ মৃত্যু হ'লে বঁটা দিয়া হয় ।

- তিনিজনতকৈ বেছি ব্যক্তিৰ মাজত ন'বেল বঁটা ভাগ কৰা নহয় । অৱশ্যে যোৱা শতিকাত প্ৰতিটো বঁটাৰ বাবদ প্ৰাপকৰ সংখ্যা বাঢ়ি অহা পৰিলক্ষিত হৈছে ।

       নোবেল বঁটাৰ যোগ্য সকলক কোনে নিৰ্বাচন কৰে , নোবেলে শেষ সময়ত কোনে  কোনটো বিষয়ৰ যোগ্যসকলক নিৰ্বাচন কৰিব তাক ধুনীয়াকৈ ঠিক কৰি গৈছে ।

       The Royal Swedish Academy of Science এ পদাৰ্থ-বিজ্ঞান আৰু ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটাৰ যোগ্যসকলক নিৰ্বাচন কৰে । 

       মেডিচিন বা ফিজিঅ’লজীৰ নোবেল বঁটাৰ যোগ্যকেইজনক নিৰ্বাচন কৰাৰ দায়িত্ব দি থৈ গৈছে Karolinska Institute ক । 

       The Swedish Academy এ সাহিত্যৰ যোগ্যজনক নিৰ্বাচন কৰে ।

       নৰৱেৰ পাৰ্লিয়ামেন্টৰ পৰা ভোটত জিকা পাঁচজন সদস্য লৈ এখন কমিটি গঠন কৰি সেই কমিটিখনে শান্তিৰ নোবেল বঁটা প্ৰাপ্যৰ যোগ্যজনক নিৰ্বাচন কৰে ।



সংগ্ৰাহক :-
পল্লবী পাঠক
সহকাৰী শিক্ষয়িত্ৰী
পুখৰীপাৰ মধ্য ইংৰাজী বিদ্যালয়
শিক্ষাখণ্ড : ছয়গাঁও

Post a Comment

0 Comments