header ads

অসমীয়া কবিতা, সময়বোৰ যে কাৰো নহয়, দিপুৰাণী দাস

 সময়বোৰ যে কাৰো নহয়







সময়ে শিকাই জীৱন জীয়াবলৈ
সময়ে শিকাই সপোনবোৰ দিঠক কৰিবলৈ
কিন্তু সময়বোৰ যে কাৰো নহয় ৷
সময়ে শিকাই ইতিহাস ৰচিবলৈ
সময়ে শিকাই পৰিৱৰ্তন হ’বলৈ
কিন্তু সময়বোৰ যে কাৰো নহয় ৷
সময়ে শিকাই পৰিস্থিতিৰ লগত যুঁজিবলৈ
সময়ে শিকাই অভিজ্ঞতা বুটলিবলৈ
কিন্তু সময়বোৰ যে কাৰো নহয় ৷
সময়ে শিকাই পাহৰণিত বুৰিবলৈ
সময়ে শিকাই আৱিষ্কাৰ কৰিবলৈ
কিন্তু সময়বোৰ যে কাৰো নহয় ৷
ভাল সময়ে শিকাই আত্মীয় চিনিবলৈ
বেয়া সময়ে শিকাই বন্ধু চিনিবলৈ
কিন্তু সময়বোৰ যে কাৰো নহয় ।।




দিপুৰাণী দাস
সহকাৰী শিক্ষয়িত্ৰী
২৬ নং আমত'লা আদৰ্শ প্ৰাথমিক বিদ্যালয়
শিক্ষা খণ্ড : ছয়গাঁও

Post a Comment

0 Comments