পৰিব্ৰাজক
দুখৰ পোচাক পিন্ধি
তেওঁ জীৱনৰ পৰিব্ৰাজক
জেপত লৈ ফুৰে
নিসংগ ঈশ্বৰৰ ঠিকনা
তেওঁ সোঁৱৰণি দিনৰ প্ৰেমিক
শূণ্যতাৰ উপাসক
বুকুত ভালপোৱাৰ আধালিখা স্তৱক
লগ পালে হঠাৎ
আপোনাকো সুধিব পাৰে
কোনপিনেৰে গ'লে পোৱা যাব
পাহৰণি নৈখনৰ সম্ভেদ ।।
ত্ৰিদীপ শৰ্মা
সহকাৰী শিক্ষক
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষা খণ্ড : ছমৰীয়া
1 Comments
Awesome sir
ReplyDelete