header ads

অসমীয়া কবিতা,আকাশ,লিমা দাম

আকাশ


বৃহৎ আকাশৰ
নাই কোনো পৰিসীমা
নাই কোনো ঠিকনা ,
মাথো শূন্যলৈ বিস্তৃত
এক অসীম যাত্ৰা
যি যাত্ৰাৰ নাই
কোনো লক্ষ্মণ ৰেখা ৷

নাজানো কি আছে তাত
যাবলৈ ইচ্ছা ,
চাবলৈ ইচ্ছা ,
সেয়েহে হেঁপাহেৰে চাই থাকোঁ তালৈ
যেন ৰৈ আছে মোলৈ
বৃহৎ জ্ঞানৰ ভাণ্ডাৰ ৷

তোমাক অৰ্জন কৰিবৰ বাবে
চেষ্টাৰ পথেৰে আগুৱাই যাম,
মইও এদিন
আকাশ চুই চাম ৷



লিমা দাম
দ্বাদশ শ্রেণী
তুলসীবাৰী বহুমূখী উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ৰঙিয়া ।

Post a Comment

1 Comments