header ads

প্ৰবন্ধ, আকাশী গংগা বিধৌত শ্ৰী শ্ৰীধাৰেশ্বৰ দেৱালয়, শ্ৰী বিচিত্ৰা কলিতা

 আকাশী গংগা বিধৌত শ্ৰী শ্ৰীধাৰেশ্বৰ দেৱালয়


       অসমত পৰ্বত - পাহাৰ জুৰি যিমান সংখ্যক ঐতিহ্যমণ্ডিত তথা বুৰঞ্জী প্ৰসিদ্ধ মঠ -  মন্দিৰ দেৱালয় আছে , এই সমূহৰ ভিতৰত কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীমূৰা পাহাৰৰ পশ্চিম প্ৰান্তৰ মধ্যভাগত অৱস্থিত শ্ৰী শ্ৰীধাৰেশ্বৰ দেৱালয় এক জাগ্ৰত শিৱধাম হিচাপে প্ৰসিদ্ধ ৷ হাতীমূৰা পাহাৰৰ বৈচিত্ৰময় প্ৰাকৃতিক প্ৰাচুৰ্য্যৰ মাজত চিৰপ্ৰবাহমান আকাশী গংগাৰ পবিত্ৰ জলধাৰাৰে বিধৌত এই দেৱালয়ৰ প্ৰাকৃতিগতভাৱে এক বিশেষ বৈশিষ্ট্য আছে ৷ পাহাৰৰ নামনিত শিলেৰে নিৰ্মিত সুন্দৰ পদ্মকোষৰ মাজত শিৱলিংগ তথা মূল বিগ্ৰহ আৰু ইয়াৰ উপৰিভাগত প্ৰায় ২০০ মিটাৰ উচ্চতাত বিশাল শৈল গহ্বৰ ভেদি ওলোৱা চিৰপ্ৰবাহমান আকাশী গংগাৰ নিৰ্মল পবিত্ৰ জলাধাৰ অনাদি কালৰে পৰা আজিও বৈ আছে ৷ এই সোঁত বা ধাৰটোৰ কাৰণে দেৱালয়ৰ নাম ধাৰেশ্বৰ হয় ৷ সুন্দৰ সমান্তৰাল বিশাল শৈল গহ্বৰৰ ভিতৰত অবিৰতভাবে বৰষি থকা আকাশী গংগাৰ পবিত্ৰ জলাধাৰাৰ উচ্চ শিখৰত  যি শিলাময় ঠাইত পৰিছে তাত এটি গাঁতৰ সৃষ্টি হৈছে ৷ পূৰ্বতে এই নিৰ্মল বিশুদ্ধ জলাধাৰাৰ সোঁত  পাহাৰৰ উচ্চ শিখৰৰ পৰা সুৰঙ্গয়েদি  বৈ আহি মন্দিৰৰ শৈল পদ্মকোষৰ মধ্যস্হিত শিৱলিংগ প্লাৱিত কৰি ৰাখিছিল আৰু আকাশী গংগালৈ উঠি যোৱা গোটেই পথছোৱাতে অতি সুন্দৰকৈ নিৰ্মিত শিলৰ প্ৰাচীন খটখটি  আছিল ৷ কালাপাহাৰৰ হিন্দু মঠ - মন্দিৰ ধ্বংসৰ অভিযানৰ লগতে  ১৮৯৭ চনৰ প্ৰৱল ভূঁইকঁপত এই সুৰঙ্গ আৰু শিলৰ প্ৰাচীন খটখটিৰ পথছোৱাৰ বিস্তৰ ক্ষতি হৈছিল ৷ মূল বিগ্ৰহ তথা শিৱলিংগৰ পৰা প্ৰায় ৩০ মিটাৰ আতৰত দক্ষিণে এটা প্ৰকাণ্ড শিলত খোদিত কৰা গণেশৰ মূৰ্তি আছে ৷ যোগিনতন্ত্ৰত এই দেৱালয়ৰ বৰ্ণনা তলত উল্লেখ কৰা ধৰণে আছে ৷ বৰ্তমান শিলগুৰী গাঁও ধাৰেশ্বৰ দেৱালয়ৰ নিকটৱৰ্তী গাঁও হলেও যোগিনীতন্ত্ৰত ধাৰেশ্বৰ দেৱালয়ৰ উপস্থিতি সম্পৰ্কত হাতীমূৰা পাহাৰ আৰু সিদ্ধেশ্বৰ দেৱালয়ৰ বাহিৰে বিশেষ কোনো ঠাইৰ উল্লেখ নাই ৷
       ধাৰেশ্বৰ দেৱালয় দৰ্শনাৰ্থীসকলে মূল মন্দিৰত প্ৰৱেশ কৰাৰ আগেয়ে দেৱালয়ৰ নামনিত থকা পুখুৰীত হাত - ভৰি ধুই মূল বিগ্ৰহৰ দক্ষিণে থকা সিদ্বিদাতা গণেশক পূজা-সেৱা কৰি লয় ৷ শিলত খোদিত কৰা এই গণেশ হ’ল ব্ৰক্ষ্মবৈৱৰ্ত পুৰাণ মতে বিষ্ণুৰ অংশ ৷ গণেশ সৰ্বস্বৰূপ , স্ববৈশ , ঞ্জানৰাশিস্বৰূপ অব্যক্ত অক্ষৰ , নিত্য , আত্মাস্বৰূপ , এই সংসাৰ সাগৰৰ কৰ্ণধাৰ সত্যস্বৰূপ তেওঁ নিৰ্গুণ গুণময় ৷ ' বিদ্যাৰ্থী লভতে  বিদ্যাং , ধনাৰ্থী লভতে ধনম্ ৷ পুত্ৰাৰ্থী লভতে পুত্ৰান্ , মোক্ষাৰ্থী লভতে গতিম্ ৷৷ ' গণেশৰ পূজাৰ ফলত বিদ্যাৰ্থীয়ে বিদ্যা , ধনাৰ্থীয়ে ধন , পুত্ৰাৰ্থীয়ে পুত্ৰ আৰু মোক্ষাৰ্থীয়ে পৰম গতি লাভ কৰে ৷ সেয়ে তেওঁ সকলোৰে বাবে সিদ্বিদাতা গণপতি ৷ গণসমষ্টিৰ একছত্ৰী নায়ক কাৰণে তেওঁৰ অন্য নাম বিনায়ক ৷ ধাৰেশ্বৰ দেৱালয়ৰ অৱস্থিত বৈদিক পূজাভাগৰ বিধান তথা মন্ত্ৰ আদিতো উচ্চাৰিত হোৱা শুনা যায় ৷ বিভিন্ন মাংগলিক পূজা পাতলৰ ক্ষেত্ৰত ‘ ওম ধাৰেশ্বৰায় নমঃ , ওম পিঙ্গলেশ্বৰালয়ঃ নমঃ ’ মন্ত্ৰ উচ্চাৰণ তথা স্মৰণ কৰি প্ৰভু  ধাৰেশ্বৰক আৰাধনা কৰি অহা হৈছে ৷ পূজা - পাৰ্বণৰ মন্ত্ৰ আদিত ধাৰেশ্বৰ দেৱালয়ৰ গুৰুত্বৰ লগতে এই দেৱালয় প্ৰাচীন কালৰে পৰা যে এখন অতি ঐতিহ্যপূৰ্ণ দেৱালয় এইবোৰ কথাই ইয়াৰ সাক্ষ্য বহন কৰি আহিছে । এক জাগ্ৰত দেৱ স্থান হিচাপে অসমৰ বিভিন্ন ঠাইৰ ভক্তসকলৰ মনত বিশ্বাসৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই দেৱালয়ৰ গুৰুত্ব মন কৰিবলগীয়া ৷ কাৰণ হাজোৰ হয়গ্ৰীৱ মাধৱ আৰু কেদাৰ মন্দিৰৰ লগতে এসময়ত প্ৰতিবছৰে ভূটানৰ পৰা ভূটীয়াসকল তীৰ্থ যাত্ৰাত আহি সিদ্ধেশ্বৰ আৰু ধাৰেশ্বৰ দেৱালয় দৰ্শন কৰিহে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছিল ৷ ধাৰেশ্বৰ দেৱালয়ৰ বৰ্ণনাৰ প্ৰসঙ্গত উপৰোক্ত কথাখিনি এই কাৰণে উল্লেখ কৰিব লগীয়া হ’ল যে বুৰঞ্জী প্ৰসিদ্ধ এই কথাবোৰৰ লগতে ভূটীয়া বৌদ্ধসকলৰ ধৰ্মীয়ভাৱে পবিত্ৰ স্থান হিচাপে কামৰূপৰ বিভিন্ন ঐতিহ্যপূৰ্ণ দেৱালয়সমূহৰ প্ৰতি থকা বিশ্বাস আকৰ্ষণ আদিৰ পৰা আমি অনুমান কৰিব পাৰো প্ৰকৃততে এই মঠ-মন্দিৰবোৰ অতি প্ৰাচীন ৷
       ধাৰেশ্বৰ দেৱালয়ৰ তীৰ্থ যাত্ৰীসকলৰ বাবে আটাইতকৈ আকৰ্ষণীয় ঠাই হ’ল বিশাল গভীৰ শৈল গহ্বৰৰ বুকুভেদি ওলোৱা ‘ আকাশী গংগা ’ নামৰ পবিত্ৰ জলাধাৰটো ৷ গছ - লতিকাৰে ভৰা শৈল গহ্বৰৰ বুকুৱেদি ওলোৱা এই পবিত্ৰ জলাধাৰা বাৰিষা কিম্বা খৰালি কাল সকলো সময়তে একে গতিত অনাদি কালৰে পৰা বৈ আছে ৷ প্ৰকৃতিৰ খৰাং সদৃশ বতৰেও আকাশী গংগাৰ জলস্ৰোত কমাব নোৱাৰে নতুবা বৰ্ষাকালৰ ধাৰাসাৰ বৃষ্টিয়েও এই পবিত্ৰ জলধাৰাৰ সোঁত বঢ়াব নোৱাৰে । আকাশী গংগালৈ যোৱা পথছোৱা প্ৰায় ৮০ ফুট দীঘল আৰু ১৫ ফুট বহল আৰু সুন্দৰ খট্ খটিৰে দুয়োপিনে সমান্তৰালভাৱে থকা বিশাল প্ৰাচীৰৰ মাজত চিৰ প্ৰবাহমান আকাশী গংগাৰ পবিত্ৰ জলধাৰা অহৰহ পুষ্পবৃষ্টি বৰিষণ কৰি থকা গহ্বৰ বা গুহাত আৰোহণ কৰিলে মনত যি বিমল আনন্দ আৰু প্ৰশান্তি ভাৱৰ উদ্ৰেক হয় সেইটো আৰোহণ কৰাজনেহে উপলব্ধি কৰিব পাৰে । জন বিশ্বাস মতে এই আকাশী গংগাত স্নান কৰিলে বা ইয়াৰ পবিত্ৰ বিশুদ্ধ জলধাৰা গাত পৰিলে সকলো পাপ - দুখ মোচন হয় আৰু মনোবাঞ্ছা পূৰণৰ লগতে দৰ্শনাৰ্থীয়ে দীৰ্ঘায়ু লাভ কৰে । কালক্ৰমত কালাপাহাৰৰ হিন্দু মঠ - মন্দিৰ ধ্বংসৰ অভিযানৰ কৱলত এই দুয়োটা মন্দিৰ ধ্বংসপ্ৰাপ্ত হৈছিল । কিন্তু ধাৰেশ্বৰ দেৱালয়ৰ হাতীমূৰা পাহাৰৰ উচ্চ শিখৰত প্ৰকৃতিগতভাৱে বিশাল শৈল গহ্বৰৰ বুকু ভেদি ওলোৱা আকাশী গংগা চিৰপ্ৰবাহমান হৈয়ে থাকিল । এই আকাশী গংগাৰ চিৰস্থায়ী ৰূপৰ বাবে ধাৰেশ্বৰ দেৱালয় পুনৰ উদ্ধাৰ হ'ল । গতিকে হাতীমূৰা পাহাৰৰ আশে - পাশে দেৱীৰ মহিমা তথা অস্তিত্ব বিলুপ্ত নহ'ল বুলি যোগিনীতন্ত্ৰত উল্লেখ আছে । " তত্ৰং ধীৰেশ্বৰ লিঙ্গ , দক্ষিণেতু মহেশ্বৰী " ৰ মহিমাৰে হাতীমূৰা পাহাৰৰ দাঁতিতে দক্ষিণৰ মধ্যাংশত কালীমন্দিৰ দেৱীৰ মহিমাৰে আজিও বিৰাজমান । পদ্মপুৰাণৰ সময়চোৱাৰ বেউলা - লখিন্দৰৰ আখ্যানত পোৱা যায় । হাতীমূৰা পাহাৰৰ পৰা উত্তৰে হাজো মণিকূট , কেদাৰ পাহাৰ পৰ্যন্ত বিশাল ' গুঞ্জৰী বা কেকোঁৰা সাগৰ ' হিচাপে পৰিচিত আছিল । চন্দোসদাগৰৰ চম্পক নগৰৰ পৰা মৃতস্বামী সহ বেউলাৰ ভেল উজাই হাতীমূৰা পাহাৰৰ গোধাই বৰশী বোৱা পাক আহি পালে । বেউলাৰ অপৰূপ সৌন্দৰ্যত মোহিত হৈ গোধা কছাৰীয়ে বেউলাক স্বামী বৰণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়ালে । গোধাৰ নানা চলাহী কথাত অতিষ্ঠ হৈ বেউলাই গোধাক অভিশাপ দিছিল । এই গোধা কছাৰী সম্প্ৰদায়ৰ লোকসকলে খেতি-বাতিৰ লগতে গো-পালন কৰিছিল । গোধাৰ পূৰ্বজ বংশধৰসকলৰ এঘৰৰ কামধেনু সদৃশ কপিলী গাই এজনী আছিল । এই গাইজনীয়ে পাহাৰৰ  দাঁতিত চৰি থকাৰ সময়তে মাজে - সময়ে গৈ বিৰিণাবনৰ জোপোহা থকা অলপ ওখ ঠাই এটুকুৰাত থিয় হৈ ৰয় । গৰখীয়াই এই কথাতো উমান পাই নিৰীক্ষণ কৰি দেখিলে খীৰতী গাইজনীয়ে সেই নিৰ্দিষ্ট ঠাইখিনিত ৰৈ থকা সময়ত ওহাৰৰ পৰা আপোনা - আপুনি গাখীৰ ওলাই বিৰিণাবন জোপোহাৰ গুৰিত পৰে । এইদৰে প্ৰতিদিনে গাইজনী সেই নিৰ্দিষ্ট ঠাইখিনিত কিছুসময় থিয় হৈ থাকি বিৰিণাবনৰ জোপোহাৰ গুৰিত গাখীৰ দি পুনৰ পাহাৰৰ দাঁতিত মুকলিমূৰীয়া ঠাইত ঘাঁহনিত চৰিবলৈ ধৰে । কথাটো ৰাইজৰ মাজত প্ৰচাৰ হোৱাত এই কথাটোৰ ৰহস্য উদ্ঘাটন কৰিবলৈ গৰখীয়াসকলে এদিন গাঁৱৰ মানুহৰ লগত আলচি কপিলী গাইজনীয়ে গাখীৰ দিয়া ঠাইখিনি খান্দি পেলালে । লগে লগে সকলোৱে দেখিবলৈ পালে পদ্মকোষৰ মাজত এটা শিৱলিংগ । সেই ঠাইতেই ঐতিহ্যমণ্ডিত ধাৰেশ্বৰ দেৱালয় স্থাপিত হয় আৰু বৰ্তমানো এই শিৱলিংগ তথা মূল বিগ্ৰহত দৈনিক অগণন শিৱভক্ত দৰ্শনাৰ্থীয়ে পূজা - অৰ্চনা কৰি আহিছে ।
       বুৰঞ্জীৰ পৰাও জানিব পাৰি যে ১৫৫৩ খ্ৰীষ্টাব্দৰ সময়ছোৱাত কালাপাহাৰে কামৰূপৰ মঠ - মন্দিৰ ধ্বংস কৰাৰ পিছত কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে এই মঠ - মন্দিৰবিলাক পুনৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল ।
       ইয়াৰ পিছত নৰনাৰায়ণ আৰু  বীৰ চিলাৰায়ৰ মৃত্যুত আহোমসকল অসমলৈ আহিছিল । আহোমসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰি কামৰূপৰ দেৱ - দেৱীৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰি যিদৰে পূজা প্ৰৱৰ্তন কৰিছিল আজিও সেই পূজা সেৱা প্ৰচলিত আছে । আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই শক্তি মন্ত্ৰত দীক্ষিত হৈ এইজনা ৰজায়েই ১৬৩৮ শকতে বৰ অসমৰ চাৰিসীমা পুনৰুদ্ধাৰৰ অৰ্থে গুৱাহাটী ক্ষেত্ৰত পৰ্বত - পাহাৰ সমূহৰ তালিকা প্ৰস্তুত কৰি এক জৰীপ কাৰ্য চলাইছিল । কামৰূপ বুৰঞ্জীত সন্নিৱিষ্ট উক্ত জৰীপ তালিকাত হাতীমূৰা পাহাৰৰ আকাশী গংগাৰ উল্লেখ আছে । পিতৃ ৰুদ্ৰসিংহৰ গুৱাহাটী ক্ষেত্ৰৰ পৰ্বত - পাহাৰ সমূহৰ জৰীপ কাৰ্যৰ পৰা হাতীমূৰা পাহাৰৰ আকাশী গংগাৰ কথা জানিব পাৰি স্বৰ্গদেউ শিৱসিংহই তেওঁৰ ৰাজ প্ৰতিনিধি তৰুণ দুৱৰা বৰফুকনৰ তত্বাৱধানত ধাৰেশ্বৰ দেৱালয় পুনৰ নিৰ্মাণ ; পৰিচালনা দায়িত্ব অৰ্পণ কৰে । অসম প্ৰকাশন পৰিষদৰ পৰা ডঃ মহেশ্বৰ নেওঁগৰ  সম্পাদিত প্ৰাচ্য শাসনাৱালীত ধাৰেশ্বৰ দেৱালয়ৰ তামৰ ফলি শিতানত এনেদৰে লিখা আছে - ' ৰজা শিৱসিংহ । পাত্ৰ ( ডেকা ) তৰুণ দুৱৰা ফুকন । বিগ্ৰহ ধাৰেশ্বৰ শিৱ । তাৰিখ ১৬৬০ শক । ' ঐতিহ্যপূৰ্ণ ধাৰেশ্বৰ দেৱালয় এইদৰে স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত পুনৰ নিৰ্মাণ আৰু ৰজাঘৰীয়া পৃষ্ঠপোষকতাৰে মন্দিৰৰ পূজা - সেৱাৰ বিধান চলিল । আহোমৰ আমোলত পুৰোহিত , দেৱ - দেৱালয় , মঠ - মন্দিৰ আৰু দাতব্য উদ্দেশ্যৰে ভূমি দান কৰাৰ পৰম্পৰা আছিল । আহোম ৰজাসকলে পুৰোহিতৰ ভৰণ - পোষণ , মন্দিৰৰ মেৰামতি , দেৱ - দেৱীৰ পূজা - অৰ্চনাৰ উপলক্ষে ভূমি দান কৰিছিল ।
        স্বৰ্গদেউ শিৱসিংহই ১৬৬০ শকত ধাৰেশ্বৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰি পূজা - সেৱাৰ বিধান কৰাৰ পৰৱৰ্তী কালত মন্দিৰৰ পূজা - অৰ্চনাৰ বাবে মালা - ফুল আদিৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সোৱানচাহ গাঁৱত ( মালী - শাৰা ) কেইটিমান পৰিয়াল সংস্থাপিত হৈছিল । আঠপৰীয়া , দুৱৰী , ধুলীয়া , দগৰীয়া , কালিয়া , ওজা - পালি , চত্ৰধৰা , দণ্ডধৰা , চামধৰা আদি পাইকসকল নিকটৱৰ্তী শিলগুৰী , বামুন্দী আৰু হালোগাঁৱত সংস্থাপিত হৈছিল । ব্ৰাহ্মণ পূজাৰী দেউৰী দলৈসকল নলবাৰী বৰভাগ অঞ্চলৰ দীঘেলী , দেউৰীয়াকুছি , বৰমুৰিকোণৰ লগতে বামুন্দীতো ইয়াৰ দুটা ঠাল আছে । ধাৰেশ্বৰ মন্দিৰ পৰিচালনাৰ বাবে মন্দিৰ প্ৰতিষ্ঠাৰ পৰৱৰ্তীকালত দুৰ্গাবৰ কায়স্থৰ উত্তৰ পুৰুষক ভাণ্ডাৰ কায়স্থ উপাধি প্ৰদান কৰি তাম্ৰফলিযোগে এই স্বত্ব প্ৰদান কৰিছিল । ইয়াৰে মূল ঠালতো ক্ষেত্ৰিহাৰদিয়াত সংস্থাপিত হৈছিল আৰু পৰৱৰ্তী কালৰ এই বংশৰ এটা অংশ হালোগাঁৱত সংস্থাপিত হৈছিল ।
       স্বৰ্গদেউ শিৱসিংহই  তাম্ৰফলি যোগে ভূ - সম্পত্তি দান কৰাৰ পিছত ধাৰেশ্বৰ দেৱালয়ৰ ইতিহাসৰ এটি নতুন অধ্যায়ৰ সূচনা হয় । ' প্ৰাচ্য - শাসনাৱলী ' গ্ৰন্থৰ পৰা ধাৰেশ্বৰ দেৱালয়ৰ তামৰ ফলিত তলত দিয়া ধৰণৰ তথ্য পোৱা গৈছে :-
' শ্ৰীৰাম ১৬৬০ - শ্ৰীশ্ৰী ধাৰেশ্বৰ শিৱপূজা নিয়মাৰ্থং স্বস্তি মহামহেন্দ্ৰ শ্ৰীশ্ৰী শিৱসিংহ - নৃপতি - প্ৰৱৰ - শ্ৰীযুত তৰুণ দুৱৰা বৃহৎফুকনেন দত্ত তাম্ৰপত্ৰিকেয়ং । ঁশ্ৰীসেৱাইত ব্ৰাহ্মণ - ২ বৰদেউৰী - ১ শূদ্ৰ পাইক ৪৫৩ আঠপৰীয়া - ২ চামধৰী - ২ চত্ৰধৰা - ২ ত্ৰিশুলধৰা - ১ ধূলিআ দগৰিয়া - ২ কালিয়া - ১ পালি - ৬ দুঅৰি থলশাৰা - ২ ভাণ্ডাৰকাইথ - ১ মুদিয়াৰ - ১ মালিয়াশাৰা - ১ ওজা - ১ চাউলকৰা পানীঅনা - ১ ' ( পৃষ্ঠা ৩২৪ প্ৰাচ্য শাসনাৱলী ) ।
       অসম সাহিত্য সভাৰ ড° মহেশ্বৰ নেওগ সম্পাদিত ' পবিত্ৰ অসম ' ত ধাৰেশ্বৰ শিৱৰ স্থান শিতানত এনেদৰে লিপিবদ্ধ আছে :- ' গুৱাহাটীৰ পৰা কুৰি মাইলমান দূৰৰ হাতীমূৰা পৰ্বতত । তাত আকাশী গংগা আছে । মানুহ দেৱালয়লৈ যাওঁতে তিতি যায় , আহোঁতে একো নাই । ( কাঃ বুঃ ) ইয়াৰ লাখেৰাজ ১৭৩২ বিঘা । গেজেটিয়াৰ মতে ১৭৩০ চনত স্বৰ্গদেউ শিৱসিংহৰ দিনত স্থাপিত । ' ( পৃষ্ঠা ২৩৫ দ্বিতীয় সংস্কৰণ ,  জানুৱাৰী ১৬৬৯ চন ) আকৌ অসম প্ৰকাশন পৰিষদৰ পৰা ড° মহেশ্বৰ নেওগ সম্পাদিত ' প্ৰাচ্য শাসনাৱলীত ' , ' ধাৰেশ্বৰ দেৱালয়ৰ তামৰ ফলি ' শিতানত এনেদৰে লিখা হৈছে :- ' ৰজা শিৱসিংহ । পাত্ৰ ( ডেকা ) তৰুণ দুৱৰা ফুকন বিগ্ৰহ ধাৰেশ্বৰ শিৱ । তাৰিখ ১৬৬০ শক । 'এই ফলিৰ নকল সৰ্বেশ্বৰ কটকীয়ে ' বাহীঁত ( ১৪ শ বছৰ , ১২ শ সংখ্যা , চ'ত ১৮৪৬ শক ) ' অসম ৰজাই ভূমিদান দিয়াৰ তামৰ ফলি ' প্ৰবন্ধৰ লগত উলিয়াইছিল । ( পৃঃ ৩৮ , ভূমিকা , ১৯৭৪ ইং ) এইদৰে কামৰূপ বুৰঞ্জী , প্ৰাচ্য - শাসনাৱলী , পবিত্ৰ অসম আদি মহৎ গ্ৰন্থ সমূহত অসমৰ বিশিষ্ট পণ্ডিত গৱেষকসকলে ধাৰেশ্বৰ দেৱালয়ৰ তাম্ৰফলিৰ লগতে ৰজাঘৰীয়া পৃষ্ঠপোষকতাৰ বিষয়ে উল্লেখ কৰিছে ।
       অতীতৰে পৰা এই মন্দিৰৰ পূজা বিধানৰ ক্ষেত্ৰত তেতিয়াৰ অবিভক্ত কামৰূপৰ ( বৰ্তমান নলবাৰী ) নলবাৰীৰ দীঘেলী গাঁৱৰ পৰাশৰ গোত্ৰীয় ব্ৰাহ্মণ পৰিয়ালৰ পৰা দলৈ , পূজাৰী , বৰদেউৰী আদি নিয়োগ কৰা হৈছিল । ইয়াতে এটা কথা উল্লেখ কৰিব পাৰি যে কামৰূপ ৰত্ন ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য দেৱৰ পিতৃৰ  পূৰ্বপুৰুষসকল এই দীঘলী গাঁৱৰে বাসিন্দা আছিল আৰু বামুন্দীতো দুটা বৰদেউৰীৰ থাল আছিল । পৰৱৰ্তী সময়ত  ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য দেৱৰ আজোককা ঁকমলেশ্বৰ ভট্টাচাৰ্য ধাৰেশ্বৰ দেৱালয়ৰ দলৈ হৈছিল । ইয়াৰ পিছত বামুণীকোণা গাঁৱৰ বৈকুণ্ঠ নাথ দলৈকে ধৰি বামুন্দীৰ মহেন্দ্ৰ নাথ শৰ্মা আদিয়ে দলৈ হিচাপে ধাৰেশ্বৰ দেৱালয় পৰিচালনা কৰিছিল । সম্প্ৰতি অসম চৰকাৰে Assam State Acquisition of Lands Belonging to Gegions or Charitable Institutions of Public Nature Act , 1959 আইনৰ পৰিপ্ৰেক্ষিতত R.R.T. 19167130 dated 1 - 3 - 67 ৰ অধ্যাদেশ যোগে সকলো দেৱালয়ৰ মাটি চৰকাৰীভাৱে হস্তান্তৰ কৰে । ইয়াৰ পিছত পুৰণি ৰজাঘৰীয়া স্বত্বৰ বিলোপ সাধন কৰি ধৰ্মানুষ্ঠানবোৰৰ দায়িত্ব চৰকাৰী কৰ্তৃপক্ষই বহন কৰে ।
       অতীজৰে পৰা দেৱালয়ত শিৱ - ৰাত্ৰি , দৌল উৎসৱ আৰু পশ্চিম বংশৰ মৌজাৰ পৃষ্ঠপোষকতাত শাৰদীয় দূৰ্গা পূজা প্ৰতি বছৰে উলহ - মালহেৰে পালন কৰি আহিছে । ইয়াৰ উপৰিও প্ৰতি চতুৰ্দশী তিথিৰ ৰাতি এই দেৱালয়ত পূজা কৰা হয় । প্ৰতিদিনেই অসমৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তই ধাৰেশ্বৰ শিৱৰ ওপৰত অহৰহ বৰষি থকা আকাশী গংগাৰ নিৰ্মল পবিত্ৰ জলধাৰাত স্নান কৰি বা স্পৰ্শ কৰি আৰু নামনিত শিৱলিংগত গাখীৰ ঢালে তথা মূল বিগ্ৰহৰ ওচৰত নিৰামিষ ভোগ ( চাউল , দাইল , পাচলি ) গাখীৰ , পায়স , বুট - মুগ  , ফল আদিৰ শৰাই নৈবদ্য আগবঢ়াই ধূপ - চাকি  জ্বলাই ফুল - বেলপাত আদিৰে দেৱাদিদেৱ প্ৰভু ধাৰেশ্বৰক পবিত্ৰ মনে পূজা অৰ্চনাৰে আৰাধনা জনাই মনোবাঞ্ছা পূৰণ কৰে ।

ঔম্ নমঃ শিৱায় । ।
ঔম্ নমঃ শিৱায় । ।
ঔম্ নমঃ শিৱায় । ।

( আলম লৈ লিখা )

শ্ৰী বিচিত্ৰা কলিতা ,
ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ,
বামুন্দী জি. এল. সোঁৱৰণী উচ্চমাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড - হাজো

Post a Comment

0 Comments