header ads

ছাত্ৰ-ছাত্ৰীৰ শিতান, সাঁথৰ, বিকি বায়ন

 সাঁথৰ



১) আগ তিতা গুৰি মৌ ,
কি কৰিছা ভাৱলি বৌ
উত্তৰ : কুঁহিয়াৰ

২) নহয় গোসাঁই , নহয় বামুণ
কান্ধে লগুণ
উত্তৰ : যঁতৰ

৩) পাত আছে , ডাল নাই ,
কথা আছে , মাত নাই
উত্তৰ : কিতাপ

৪) বিল শুকাই গ'ল ,
গছৰ আগত পানী ৰ'ল
উত্তৰ : নাৰিকল

৫) চাৰিটাকৈ ভৰি মোৰ , হাত হ'ল দুখন
আনক মই কোলাত লঁও যিমানেই হঁওক ওজন
উত্তৰ : চকী


সংগ্রাহক :
বিকি বায়ন  
নৱম শ্ৰেণী
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষা খণ্ড : ছমৰীয়া

Post a Comment

1 Comments