header ads

প্ৰবন্ধ, শ্ৰীশ্ৰী হৰগৌৰী মন্দিৰৰ ইতিহাস আৰু শিৱৰাত্ৰি মহোৎসৱঃ, প্ৰদীপ কলিতা

 শ্ৰীশ্ৰী হৰগৌৰী মন্দিৰৰ ইতিহাস আৰু শিৱৰাত্ৰি মহোৎসৱঃ




          ' ওঁ নমো ভগৱতে মহেশ্বৰায় '


       শ্ৰীশ্ৰী হৰগৌৰী মন্দিৰ ধৰ্মীয় আৰু আধ্যাত্মিক মহামিলনৰ তীৰ্থস্থান । নানা ৰঙৰ ফুল-ফল , বৃক্ষৰ সমাহাৰ , বিভিন্ন ৰঙৰ চৰাইৰ সুললিত মাতে মন প্ৰাণ হৰি নিয়া এক নান্দনিক নৈসৰ্গিক পৰিবেশৰ এই প্ৰসিদ্ধ তীৰ্থস্থান দৈনিক দিনে-ৰাতিয়ে ভক্তি বন্দনাৰে মুখৰিত হৈ থাকে । ভক্তৰ সুললিত গীত-মাত আৰু শংখ , ঘন্টা , বৰকাঁহ , ডবা , মৃদংগৰ শব্দত আকাশ-বতাহত প্ৰতিধ্বনি হয় হৰগৌৰীৰ মংগলাচৰণ ! যেন প্ৰকৃতিৰ বসনা পিন্ধা সৌন্দৰ্যপুৰী কৈলাস !

       উত্তৰ কামৰূপৰ হাজো সমষ্টিৰ হাজো মৌজাৰ অন্তৰ্গত তেতেলীয়া-নিজবাউসী গাঁওত অৱস্থিত অসমৰ ইতিহাস প্ৰসিদ্ধ তীৰ্থস্থান খনেই হ'ল শ্ৰীশ্ৰী হৰগৌৰী মন্দিৰ । এই মন্দিৰটোৰ অতি মাহাত্ম্য থকা বুলি জনমানসত প্ৰচাৰ হৈছে । সেইবাবেই কিজানি অসমৰ অগনণ ভক্তৰ স্ৰোত বয় । জনশ্ৰুতিমূলক তথ্য মতে আজিৰ পৰা প্ৰায় দুইশ-আঢ়ৈশ বছৰ আগতে এই ঠাইখন অটব্য হাবিৰে ঠাহ খাই আছিল । এই হাবিৰ মাজতে এটি মাটিয়া পাহাৰৰ সৰু টিলা আছিল । অসমত প্ৰলয়ংকাৰী ভূঁইকঁপৰ ফলত মাটিয়া পাহাৰখনৰ সৰহ ভাগেই সোমাই গৈ শীৰ্ষভাগত থকা দুটা শিলাখণ্ড ওলাই থাকে । ইতিমধ্যে মন্দিৰৰ চৌহদত ৰাইজে অনেক যত্ন কৰিও আজিলৈকে দমকল বহুৱাব নোৱাৰাটোৱে প্ৰমাণ কৰে যে ইয়াৰ তলি ভাগ কেইবা তৰপ শিলেৰে ঠাহ খাই আছে । 

       তেতেলীয়া-নিজবাউসী গাঁৱৰ গৰখীয়া ল'ৰাবোৰে গৰু চৰাবলৈ আহি সেই শিলাখণ্ডত বহি ৰংধেমালি কৰে । এদিন এটা অঘটন ঘটিল । এজন গৰখীয়া ল'ৰা শিলটোৰ পৰা পৰি মূৰ্ছা গ'ল ৷ বাকী সকলে ওচৰৰ পৰা পানী আনি , কচুৰ পাতেৰে বিচি মূৰ্ছা যোৱা গৰখীয়া জনক সংজ্ঞা ঘূৰাই আনিলে । ৰাতি গৰখীয়া ল'ৰাজনক জঁটাধাৰী শিৱ ভগৱানে আহি সপোনত ক'লে যে গৰখীয়াবোৰে বহা শিলাখণ্ডত তেওঁ ( শিৱই ) পৰিয়ালসহ মূৰ্তিমান হৈ আছে । তাত পূজা সেৱা কৰিলে তেওঁলোকৰ কল্যাণ হ'ব আৰু গাঁওবাসীৰ মংগল হ'ব । পিছদিনা গৰখীয়া জনে আহি তাৰ লগৰীয়া সকলক আৰু গাঁৱৰ মানুহক সকলো বিৱৰি ক'লে । তেতিয়াৰ পৰা গাঁৱৰ মানুহে নৈৱেদ্য দি নাম কীৰ্তন কৰিবলৈ ধৰিলে । 

       বৰম্বৈ পাহাৰখন হৰগৌৰী মন্দিৰৰ কিছু দূৰত অৱস্থিত । এইখন পাহাৰত দিনতে বাঘ ওলাইছিল । এই হিংস্ৰ বাঘে পোহনীয়া গৰু - ছাগলী ধৰি খোৱাৰ উপৰিও মানুহকো আক্ৰমণ কৰিছিল । ইয়াৰ পৰিত্ৰাণ বিচাৰি গাই গৰুৱে পোৱালি জন্ম দিলে প্ৰথমতে মানুহে নিজে গাখীৰ নাখাই সেই শিলাখণ্ডত ভোগ আগবঢ়ায় । পিছত দেখা গ'ল যে পাহাৰৰ পৰা বাঘে গৰু আৰু অন্য জীৱ জন্তু খাবলৈ নহা হ'ল । কিছুমানে আনকি গৰু আৰু দামুৰি হেৰালেও এই শিৱথানত নৈৱেদ্য আৰু ভোগ দিবলৈ ধৰিলে । ' বিশ্বাসে মিলয় হৰি ' এই আপ্ত বাক্যটিৰ পৰিপ্ৰেক্ষিতত গাঁওবাসীয়ে সুফল পাবলৈ ধৰিলে । থানখনৰ মাহাত্ম্যৰ কথা ওচৰৰ গাঁওবোৰলৈ বিয়পি গ'ল । ওচৰৰ গাঁওবোৰৰ পৰা মানুহৰ সোঁত ব'বলৈ ধৰিলে ।

       শিৱথানখনত গাঁৱৰ মানুহে দান-বৰঙণি তুলি এটা থানগৃহ আৰু এটা ভোগঘৰ নিৰ্মাণ কৰিলে । ৰাইজে ৰামদিয়াৰ পৰা এজন চানাআপা নামৰ ব্যক্তিক ( বাবা ) অবৈতনিকভাৱে পূজাৰী হিচাপে নিয়োগ কৰে । তেওঁক থকাৰ বাবে ৰাইজে খেৰ-বাঁহ গোটাই এটা জুপুৰী ঘৰ নিৰ্মাণ কৰি দিলে । পূজাৰীয়ে শিলাখণ্ডৰ সোঁফালৰ খণ্ডটোক হৰ , বাওঁফালৰ খণ্ডটোক গৌৰী আৰু কাষত থকা সৰু শিলাখণ্ড দুটাক গণেশ আৰু কাৰ্ত্তিক নামেৰে নামাকৰণ কৰি আটোম-টোকাৰিকৈ পৰিচালনা কৰিবলৈ ধৰিলে । তেতিয়াৰ পৰা জন সাধাৰণৰ মাজত এই অসম প্ৰসিদ্ধ ঐতিহাসিক থানখনৰ নাম হৰগৌৰী থান হিচাপে জনাজাত হৈ পৰে । 

       জনপ্ৰবাদ মতে ইং ১৮৮৭ ইং চনৰ বৰভূঁইকঁপত তেতেলীয়া প্ৰমুখ্যে ওচৰে পাঁজৰে থকা গাঁওবাসীয়ে ঘৰ-দুৱাৰ , সা-সম্পত্তি এৰি এই হৰগৌৰী থানত আশ্ৰয় লৈ হৰগৌৰীৰ কৃপাত নিৰাপদে আছিল । তেতিয়াৰ পৰা মানুহৰ মনত এই শিৱপীঠ খনৰ প্ৰতি অধিক ভক্তি ভাৱ জন্মে । স্থানীয় ৰাইজে পৰৱৰ্তী সময়ত কাঠ আৰু টিন পাতেৰে মন্দিৰটো নিৰ্মাণ কৰিবলৈ যো-জা চলায় । এই সামগ্ৰীসমূহ গঞা ৰাইজে গুৱাহাটীৰ পৰা ক্ৰয় কৰি পানী জাহাজেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ কৰি আনি গৰু গাড়ীৰে মন্দিৰৰ চৌহদলৈ লৈ আহিছিল ।

       ইং ১৯৭৫ চনত তেতেলীয়া-নিজবাউসী গাঁও উন্নয়ন সমিতিয়ে মন্দিৰ নিৰ্মাণৰ দায়িত্ব লৈ চৰকাৰী অনুদান দহ হাজাৰ টকা আৰু গাঁওবাসীৰ লগতে তীৰ্থযাত্ৰী সকলে প্ৰণামী হিচাপে আগবঢ়োৱা দান - বৰঙণি একত্ৰিত কৰি গঠন হোৱা পুঁজিৰে আটক ধুনীয়াকৈ মন্দিৰ সাজি উলিয়ায় । মন্দিৰটোৰ উচ্চতা প্ৰায় ৩৩ ফুট আৰু শীৰ্ষভাগত ত্ৰিশূল সংযুক্ত আছে ।

       মন্দিৰৰ স্থাৱৰ ভূমিৰ ভিতৰত চৌহদত থকা চাৰি বিঘা দহ লেচা , বৰ পুখুৰীত তিনি বিঘা আৰু কৃষি ভূমি হিচাপে পাঁচ বিঘা মাটি আছে ৷ মন্দিৰৰ অস্থাৱৰ সম্পত্তিও যথেষ্ট আছে । মন্দিৰৰ চৌহদ দেৱালৰে আগুৰা । ৰাইজৰ অনুদানেৰে নিৰ্মিত সভাঘৰটো যাত্ৰীসকলৰ নাম প্ৰসংগকে আদি কৰি শাস্ত্ৰ আদি পাঠ পৰ্য্যন্ত সকলো অনুষ্ঠানৰ সুবিধা প্ৰদান কৰি আছে । মন্দিৰৰ পূৱ দিশত থকা বৃহৎ আকাৰৰ ভোগঘৰটি শিৱৰাত্ৰি আৰু তীৰ্থযাত্ৰী সকলৰ অন্ন যোগানৰ বাবে ব্যৱহাৰ কৰা হয় । তীৰ্থযাত্ৰী সকলৰ বাবে চাহ বনোৱা বা পৰমান্নভোগ তৈয়াৰ কৰাৰ বাবে এটা ঘৰ নিৰ্মাণ কৰা হৈছে । আনকি পূজাৰীৰ বাবেও এটা সুন্দৰ ঘৰ নিৰ্মাণ কৰিছে মন্দিৰ উন্নয়নৰ সমিতিয়ে । মন্দিৰৰ চৌহদৰ উত্তৰ , দক্ষিণ আৰু পশ্চিম ফালৰ পকী বেৰ , অশ্বত্থ বৃক্ষৰ গুৰি পকীকৰণ , পুখুৰীৰ খটখটি , পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱগাৰ স্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে ।

       হৰগৌৰী থানখন কেনেকৈ হৰগৌৰী মন্দিৰলৈ ৰূপান্তৰিত হ'ল তাৰ বিষয়ে নক'লে লিখনিটো সম্পূৰ্ণ নহ'ব ।  অন্য এক প্ৰবাদমতে মহাপ্ৰভু শিৱক সহধৰ্মিনী পাৰ্ব্বতীয়ে সৃষ্টিৰ ৰহস্য সম্পৰ্কে কবলৈ অনুৰোধ কৰাত শিৱ প্ৰভুৱে কোনো প্ৰাণীৰ উপস্থিতি নথকা নিৰ্জন আৰু গুপ্ত স্থানৰ সন্ধান কৰি ঘূৰি ফুৰিছিল । পিছত তেতেলীয়া গাঁও এলেকাৰ মুকলি পথাৰৰ মাজৰ ঘন হাবিৰে আবৃত বৰ্তমানৰ হৰগৌৰী মন্দিৰ অৱস্থিত স্থানখিনি শিৱ প্ৰভুৱে নিৰ্বাচন কৰি ঠাইখনত থকা শিলাখণ্ড সমূহৰ দুটি ডাঙৰ শিলাখণ্ডত পাৰ্বতী সহ অৱস্থান কৰি সৃষ্টিৰ ৰহস্যৰ কথা ক'বলৈ সাজু হৈছিল । কিন্তু প্ৰভুই প্ৰাণীৰ উপস্থিতিৰ কথা গম পাই সেই ঠাই পৰিত্যাগ কৰি বৰ্তমানৰ উমানন্দ লৈ গতি কৰে । এই ধৰ্মীয় বিশ্বাস প্ৰগাঢ় কৰি থানখনক ৰাইজে হৰগৌৰী নামেৰে নামাকৰণ কৰে আৰু মন্দিৰ নিৰ্মাণৰ ব্যৱস্থা কৰি ' হৰগৌৰী মন্দিৰ ' হিচাপে তীৰ্থস্থানত পৰিণত কৰে ৷ আদি যামলৰ মতে পুষ্পভদ্ৰাৰ কাহিনীৰ লগত হৰগৌৰী মন্দিৰৰ সম্পৰ্কই ইয়াৰ উপযুক্ত সাক্ষ্য প্ৰমাণ ৷

       হৰগৌৰী মন্দিৰত পূজাৰীয়ে ৰাতিপুৱা ৬ বজাৰ পৰা শংখ , ঘন্টা , বৰকাঁহ আদি দেৱবাদ্যৰ ধ্বনি কৰি নানা ৰঙৰ ফুল আৰু বেলপাতেৰে নিত্য পূজাভাগ সমাপন কৰে । মন্দিৰৰ মাহাত্ম্যৰ ওপৰত প্ৰামাণিক আত্ম-সন্তুষ্টি লাভ কৰি অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তসকলে অন্নভোগ , পৰমান্নভোগ , গোপালভোগ নৈবেদ্য সহ আহি পূজা অৰ্চনা কৰে । যাত্ৰীসকলে নিজ নিজ মানস অনুযায়ী ফুলাম গামোচা , সোণৰ ফুল , ৰূপৰ ফুল , চন্দ্ৰতাপ , শংখ , ঘন্টা , বৰকাঁহ , লো , সোণ , ৰূপ আদিৰ ত্ৰিশূল , সোণৰ বেলপাত , ৰাজহাঁহ , কাছমাছ , পাৰ , হাঁহ , পঠাছাগলী , দমৰা গৰু আদি হিচাপে উচৰ্গা কৰে । এই মন্দিৰত বিবাহ , অন্নপ্ৰাশন , চূড়াকৰণ আদি মাংগলিক কৰ্মও অনুষ্ঠিত হয় । ১ জানুৱাৰী তাৰিখে আৰু শিৱৰাত্ৰিৰ সময়ত অসমৰ অগনণ ভক্তৰ লানি নিছিগা স্ৰোত বয় এই হৰগৌৰী মন্দিৰলৈ । বছৰত মাত্ৰ ৪ দিন অম্বুবাচী উপলক্ষ্যে মন্দিৰৰ দুৱাৰ বন্ধ থাকে । 

       প্ৰতি বছৰৰ ফাগুন মাহত , কাচিৎহে মাঘ মাহৰ কৃষ্ণ পক্ষৰ চতূৰ্দশী তিথিত মন্দিৰত উলহ - মালহেৰে শিৱৰাত্ৰি মহোৎসৱ উদযাপন কৰা হয় ৷ সেইদিনা গাঁৱৰ মানুহে প্ৰায়ে উপবাসে থাকি শিৱৰাত্ৰি পালন কৰে । গাঁৱৰ তিৰোতা আৰু ছোৱালীসকলে পিঠা-পনাৰে অতিথিসকলক সুন্দৰকৈ আপ্যায়ন কৰে ৷ শিৱৰাত্ৰিৰ দিনা ৰাতিপুৱাৰ পৰা ভক্তসকলে আহি শিৱপূজাৰ বাবে আৰৈ চাউল , মাহৰ ডাইল , বিবিধ প্ৰকাৰৰ শাক-পাচলি , বাৰে বৰণীয়া ফুল , বেলপাত , ধূপৰ পেকেট আৰু পঠা ছাগলী নৈবেদ্যসহ পূজা সমিতিৰ হাতত জমা দিয়ে । এই সকলোবোৰ পূজাৰীয়ে  মন্দিৰত উছৰ্গা কৰে । ৰাতিপুৱা ১০ বজাৰ পৰা আমন্ত্ৰিত পাঠকৰ দ্বাৰা শিৱ পুৰাণ পাঠ হয় । ১০ বজাৰ আগে আগে গঞা ৰাইজে নিজ নিজ পদূলি মুখত কলপুলি পুতি ফুল আৰু চাকি-ধূপ জ্বলাই নৈৱেদ্য সজাই , নতুন বস্ত্ৰ পাৰি কীৰ্তনীয় ভক্ত সকললৈকে অপেক্ষা কৰি থাকে ।

       ৰাতিপুৱা ১০ বজাৰ লগে লগে মন্দিৰ প্ৰাংগনৰ পৰা শিৱ ভগৱানৰ চলন্ত পিতলৰ মূৰ্তি এটা আটক ধুনীয়াকৈ সজোৱা খাটোলাত তুলিলৈ অগণন ভক্তপ্ৰাণ ডেকা-ডেকেৰী , পুৰুষ-মহিলা আৰু গায়ন-বায়নে নাম প্ৰসংগৰে চৌদিশ মুখৰিত কৰি নাম-কীৰ্ত্তন কৰে । সন্ধিয়াৰ পিছত ব্ৰাহ্মণ পুৰোহিতে বিধিগত ভাৱে শিৱ পূজা আৰম্ভ কৰে । এই পূজাত পূজাৰীয়ে চাৰি প্ৰহৰত চাৰিবাৰ ভিন ভিন দ্ৰব্য আৰু উপচাৰৰে পূজা অৰ্চনা কৰে । যেনে প্ৰথম প্ৰহৰৰ স্নান দ্ৰব্য-দুগ্ধ , দ্বিতীয় প্ৰহৰৰ স্নান দ্ৰব্য-দধি , তৃতীয় প্ৰহৰৰ স্নান দ্ৰব্য-ঘৃত আৰু চতুৰ্থ প্ৰহৰৰ স্নান দ্ৰব্য-মধু । নিশা প্ৰায় ১২ বজাৰ পৰা মনিকূটৰ বাহিৰত শিৱ হোম আৰম্ভ হয় । সেইদিনা ৰাতিয়েই দুই- তিনিটা নাগাৰা নামৰ দলক আমন্ত্ৰণ কৰি নাগাৰা নাম প্ৰদৰ্শন কৰি মন্দিৰ প্ৰাংগনত ভক্তিৰ বন্দনাৰে আনন্দমুখৰ পৰিবেশ সৃষ্টি কৰা হয় । এনেদৰে এক আধ্যাত্মিক আৰু মাংগলিক পৰিবেশত সহাস্ৰাধিক ভক্ত গোটেই নিশা নিমজ্জিত থাকে । ৰাতিপুৱা জনসাধাৰণৰ ভোজনৰ বাবে ব্ৰাহ্মণ ৰান্ধনিৰ দ্বাৰা আমিষ আহাৰ প্ৰস্তুত কৰা হয় আৰু সুশৃংখল ভাবে মহাপ্ৰভূৰ ভোগ বিতৰণ কৰি শিৱৰাত্ৰি মহোৎসৱৰ সামৰণি পেলোৱা হয় ৷

       শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰ এক মন্দিৰয়েই নহয় , ই ভক্ত সকলৰ সমন্বয়ৰ স্থলী , আধ্যাত্মিকতাৰ উপাসনাৰ বেদী । ৰজাঘৰ আৰু প্ৰজাঘৰৰ সদিচ্ছা আৰু সহায়-সহযোগিতাত হৰগৌৰী মন্দিৰ এদিন ৰাষ্ট্ৰীয় পৰ্যায়ত ভক্তিৰ উপাসনাৰ কেন্দ্ৰ বিন্দু হৈ জিলিকি উঠিব --- সেয়া আমাৰ দৃঢ়বিশ্বাস । হৰগৌৰী মন্দিৰৰ ভক্ত সকলৰ লগতে অসম তথা ভাৰতৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থলী হওঁক -- তাৰে কামনা কৰিলোঁ ।




বি:দ্ৰ: লিখনিৰ তথ্যসমূহ ' শ্ৰীশ্ৰী হৰগৌৰী মন্দিৰৰ ইতিবৃত্ত ' নামৰ গ্ৰন্থখনৰ পৰা সংগৃহীত ।




প্ৰদীপ কলিতা
সহকাৰী শিক্ষক ,
হাজো এছ. বি. এছ. কে. আৰ. উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : হাজো





তামস আকাশখনৰ স্তব্ধতা ভাঙে
কোমল কঁহুৱা ফুলে
কবিতাৰো বতৰ আছে
আহিনৰ আকাশে কাণে  কাণে ক'লে ।
        ( আহিনৰ লেণ্ডস্কেপ , হীৰেন ভট্টাচাৰ্য )

Post a Comment

0 Comments