header ads

প্ৰবন্ধ,বঢ়াৰ পো তোমাৰ মোৰ ভিন পৰ নাই, হেমেন চন্দ্ৰ হাজৰিকা


বঢ়াৰ পো তোমাৰ মোৰ ভিন পৰ নাই



  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰেষ্ঠ শিষ্য মহাপুৰুষ মাধৱদেৱ এগৰাকী একান্ত গুৰুসেৱক আছিল । তেওঁৰ গুৰুসেৱা আছিল অতীৱ নিভাজ ।
       তেওঁ পুৱা দোকমোকালিতে উঠি , প্ৰাত:কৃত্যাদি সমাপন কৰি লৰালৰিকৈ গুৰুগৃহলৈ আহি শংকৰদেৱৰ কাৰণে দাঁতোন , খৰিকা , তেল , পীৰা আদি স্নান কৰা সকলো সম্ভাৰ যতনাই থৈ ; নিজৰ ঘৰলৈ গৈ নিজে স্নান কৰি আহি গুৰুৰ কাৰণে গৰম পানী আৰু চৰিয়া , গামোচা , আৰু ঈশ্বৰৰ কথা চৰ্চা কৰিবলৈ কঠ পাৰি দিয়ে । ইয়াৰ পিছত দুয়োজনে কীৰ্তনঘৰত বহি নাম - প্ৰসংগ কৰে । নাম - প্ৰসংগ শেষ হোৱাৰ পাছত গুৰুজন কীৰ্তন ঘৰৰপৰা ওলাই আহিলে মাধৱদেৱে গুৰুজনাৰ ভোজনৰ বাবে কাঁহী পীৰা পানী যতনাই থয় আৰু ভোজনৰ পিছত মুখ শুদ্ধিৰ বাবে তামোল পাণ আদি যোগান ধৰে । ইয়াৰ পিছত বিশ্ৰামৰ বাবে যেতিয়া শয্যাত পৰে তেতিয়া সেৱা কৰি নিজে ভোজন কৰিবৰ বাবে নিজ ঘৰলৈ যায় । ভোজন কৰি পুনৰ গুৰু গৃহলৈ আহে আৰু গুৰুক শয্যাতে পায় । এদিন মাধৱদেৱ আহি বাহিৰত বহি আছে । গুৰু তেতিয়াও শয্যাতে আছে । এনেতে শঙ্কৰদেৱৰ নুমলীয়া জীয়ৰী ৰুক্মিণীদেৱীয়ে মাধৱদেৱক বাহিৰত বহি থকা দেখি পিতাকক এই বুলি ক'লে , " পিতাই আপোনাৰ বান্ধৱ মাধৱ , সেৱা কৰিবৰ বাবে বাহিৰত বহি আছে । " জীয়েকৰ কথা শুনি শংকৰদেৱে মৰমেৰে ক'লে - " আই তুমি মাধৱক মোৰ বান্ধৱ জানিলা । ধন্য আই , মাধৱক জানি তুমি সাৰ্থক লভিলা । "

       শঙ্কৰদেৱে তীৰ্থ ভ্ৰমণলৈ যাওঁতে মাধৱদেৱৰ গুৰু সেৱা দেখি তৱধ মানিছিল । প্ৰতিদিনে শঙ্কৰদেৱ যি ঠাইত ৰাতি থাকে , তাতে তেওঁ ঠাই পৰিষ্কাৰ কৰি গুৰুৱে জিৰণি ল'বলৈ আসন পাৰি দিয়ে আৰু বজাৰৰ পৰা খোৱা বস্তু অনাই ভোজনৰ দিহা কৰি দিয়ে । শয়ন কৰিবৰ কাৰণে বিছনা পাৰি দিয়ে । টোপনি অহাৰ পিছত তাৰ পৰা উঠি গৈ নিজে গা ধুই ভোজন কৰি শয়ন কৰে ।

       বাটত যাওঁতে এদিন শঙ্কৰদেৱৰ গাত ঠাণ্ডা লগাত মাধৱদেৱক কৈছিল আজি তুমি আৰু মই একেলগে শয়ন কৰোঁ আহা । এই কথা শুনি মাধৱদেৱে উত্তৰ দিলে , " বাপ এনে কথা নকৱ । মই অধমে আপোনাৰ লগত শ‌য়ন কৰাৰ যোগ্য নহওঁ । "

       তেতিয়া গুৰুৱে হাঁহি মাৰি কৈছিল , " বঢ়াৰ পো তোমাৰ মোৰ ভিন পৰ নাই । একো ভয় নাই । " এনেদৰে দুই / তিনি দিন কোৱাৰ পিছত গুৰু বাক্য পালনৰ কাৰণে গুৰুৰ শয্যাতকৈ অলপ নামনিত নিজৰ শয্যা পাৰি কাপোৰ একজাপ কৰি এখন হাত তলত আৰু আনখন হাত কাপোৰৰ ওপৰত দি প্ৰতিদিনে শয়ন কৰিছিল ।

       মাধৱদেৱৰ উপস্থিত বুদ্ধি বৰ চোকা আছিল । গুৰু আৰু গুৰুপত্নীৰ মাজত হোৱা কাজিয়া সহজে মীমাংসা কৰি দিছিল । উদাহৰণস্বৰূপে : এদিন শঙ্কৰদেৱৰ দাসী চান্দেৰীয়ে চোতালত ধান মেলি দিছিল । হঠাৎ তেওঁৰ ঘৰৰ ষাঁড় গৰুটোৱে আহি ধান খালে । শঙ্কৰদেৱৰ ভাৰ্যাই গৰুটো খেদি দি খঙেৰে ক'লে , " চোৰৰ গৰু চুৰ কৰি ধানবোৰ খালি .." সেই সময়ত শঙ্কৰদেৱ আৰু মাধৱদেৱ দুয়োজনে একেলগে ঘৰৰ ভিতৰত আছিল । এই কথা শঙ্কৰদেৱে শুনি খং উঠি ভাৰ্যাক ক'লে , " তোৰ ইমান সাহ মোক চোৰ বুলিলি । " ততালিকে মাধৱদেৱে প্ৰাৰ্থনা কৰি মুৰ পাতি লৈ ক'লে - " বাপ আইৰ কি দোষ বুজি নাপালোঁ । আপুনি গকুলৰ কথা পাহৰিলে নেকি ? " এই কথা শুনি শংকৰদেৱৰ খং নাইকীয়া হ'ল আৰু ক'লে , " আপোনাৰ শৰীৰত ক্ৰোধ জন্মিল । আপুনি গা ধুৱ লাগে । " এই কথা শুনি শঙ্কৰদেৱে উঠি গৈ গা ধুলে ।

       যোগধাৰী বিলৰ পাৰত শঙ্কৰদেৱৰ আলধৰা ধ্বজাই সৰিয়হৰ খেতি কৰিছিল । সৰিয়হবোৰ পকিল সেই খবৰ ধ্বজাই শঙ্কৰদেৱক দিলে যে সৰিয়হ পকিছে , সোনকালে তুলি নানিলে নষ্ট হৈ যাব  । কিন্তু সৰিয়হবোৰ তুলিবলৈ বহু মানুহ লাগিব । এই কথা শুনি শঙ্কৰদেৱ অলপ চিন্তিতি হ'ল । কাৰণ সেই সময়তেই মানুহ পোৱা বৰ টান । পিছদিনা মাধৱদেৱ আহি গুৰুজনাক অলপ চিন্তিত দেখি তাৰ কাৰণ জানিব পাৰি তেওঁক ক'লে , " আপুনি চিন্তা নকৰিব । ইয়াৰ উপায় মই কৰিম । " এইবুলি কৈ মাধৱদেৱে কিছু মাহ-প্ৰসাদ আৰু তামোল-পাণ কাটি লৈ ধ্বজাৰ লগত  বিলৰ পাৰলৈ গৈ ধ্বজাৰ হতুৱাই কিছুমান কাঠ খৰি আনি ডাঙৰকৈ জুই একুৰা ধৰিলে । সেই সময়ত যোগধাৰী বিলত মাছ মাৰিবলৈ বহু মানুহ আহিছিল । সিহঁতে ঠাণ্ডাত ৰব নোৱাৰি জুইকুৰা দেখি ওচৰ চাপি আহি জুই পুৱাব ধৰিলে । সেই সুযোগতে মাধৱদেৱে লগত নিয়া মাহ প্ৰসাদ , তামোল পাণ খাবলৈ দিলে । সিহঁতে খাবলৈ পাই আনন্দ কৰিবলৈ  ধৰিলে আৰু মাধৱদেৱক ক'লে " মোৰ একো সকাম নাই ! " " গুৰুজনাৰ এই সৰিয়হডৰা পকি নষ্ট হ'ব ধৰিছে । তোমালোকে যদি দয়া কৰা সি এতিয়াই উঠিব । " এই কথা শুনি সকলোৱে উঠি ধৰ বুলি কৈ সৰিয়হবোৰ তুলি মাধৱদেৱক ধন্যবাদ দি হৰিধ্বনি কৰি গুচি গ'ল ।

       মাধৱদেৱে প্ৰতিদিনে গুৰুসেৱা কৰি ঘৰলৈ যায় । সেই দেখি গুৰু পত্নীয়ে স্বামীক জনালে , " মাধৱদেৱে সদায় দুপৰীয়া নোখোৱাকৈ ঘৰলৈ যায় সেইবাবে মোৰ অলপ দুখ লাগে । অহাকালি তেওঁক আপুনি আমাৰ ইয়াতে ভোজন কৰি যোৱাৰ কথা ক'ব । " এই কথা শুনি শঙ্কৰদেৱে ক'লে , " হ'ব বাৰু তুমি কোৱা বুলি কৈ চাম । কিন্তু অলপ ঘট্ মট্ হ'ব যেন পাইছোঁ । " পিছদিনা মাধৱদেৱে নিয়মিত শুশ্ৰূষাৰ কামবোৰ কৰি অটাই সেৱা কৰি ঘৰলৈ যাবলৈ বিদাই লোৱাত শঙ্কৰদেৱে ক'লে - " গুৰুপত্নী সাক্ষাৎ লক্ষ্মী আই । তেওঁৰ অন্ন ভোজন কৰিবলৈ ভাগ্যতহে পোৱা যায় । কিন্তু ঘৰটো মই এবাৰ চাব লাগিব । তেতিয়াহে ভোজন কৰা হ'ব । " শঙ্কৰদেৱে হাঁহি সন্মতি দিলে । মাধৱদেৱে ঘৰৰ ভিতৰত সোমাই দেখিলে যে ঘৰৰ এচুকত গণেশ মূৰ্তি , ঘট-পট পতা আছে । সেইবোৰ দেখি মাধৱদেৱে গুৰুপত্নীক সুধিলে , " আপুনি গনেশ পূজা কৰে ? " গুৰু পত্নীয়ে লাহেকৈ ক'লে , " ল'ৰা-ছোৱালী কেইটাৰ মঙ্গলৰ কাৰণে কেতিয়াবা পূজা সেৱা কৰোঁ । " " আপোনাৰ স্বামীয়ে পূজা সেৱা উঠাই একমাত্ৰ পৰমেশ্বৰৰ নাম ধৰ্ম প্ৰচাৰ কৰে । লক্ষ লক্ষ মানুহে তেওঁক গুৰু মানি উদ্ধাৰ হৈছে । তেখেতৰ পত্নী হৈ আপুনি এনে কাম কৰে ! " এই কথা শুনি গুৰুপত্নীয়ে নিজৰ ভুল বুজিব পাৰি শঙ্কৰদেৱৰ চৰণত সাষ্টাঙ্গে প্ৰণাম কৰি ধৰ্মগুৰু বুলি মানি লয় । তাৰ পিছত মাধৱদেৱে ধ্বজাৰ হতুৱাই ঘট্ পট্ , মূৰ্তি আদি বাহিৰত পেলাই দি চৰু হাৰি ধুৱাই ঘৰ লিপা পোছা কৰি গুৰুপত্নীক গা ধুৱাই তেওঁৰ হতুৱাই ভাত ৰন্ধাইহে ভোজন কৰে ।

       শঙ্কৰদেৱ ধুৱাহাটত থকা সময়ত গুৰুপত্নীয়ে ক'লে , " আমাৰ নুমলীয়া কন্যা ৰুক্মিণীৰ বিবাহ , সুযোগ্য মাধৱৰ লগত পাতিবৰ মোৰ বৰ ইচ্ছা । আপুনি মাধৱক এবাৰ সুধি চাওঁক । আপুনি ক'লে তেওঁ হয়তো সন্মত হ'ব । " এই কথা শুনি শঙ্কৰদেৱে ক'লে , " সুধিব পাৰিম , কিন্তু তেওঁ সন্মত নহ'ব । " ভাটিবেলা মাধৱদেৱ শঙ্কৰদেৱৰ ওচৰলৈ আহিল । শঙ্কৰদেৱে মাধৱদেৱক ক'লে , " বঢ়াৰ পো কথা এটি কব খোজো .." তৎক্ষণাৎ কথাটো বুজি মাধৱে উত্তৰ দিলে , " বাপ আপুনি কি ক'ব খুজিছে সেইটো নক'ব । মই নোৱাৰিম । সেইটোৰ বাহিৰে আপোনাৰ সকলো আজ্ঞা মুৰ পাতি লম । " ইয়াৰ পিছত শঙ্কৰদেৱে ক'লে , " গড় বান্ধি যুঁজিলে ভাল শত্ৰুলৈ ভয় নাথাকে । " তেতিয়া মাধৱে উত্তৰ দিলে , " গড় বান্ধি যুঁজিলে ৰথী গড় নাবান্ধাকৈ যুঁজিলে মহাৰথী । " এই কথা শুনি শঙ্কৰদেৱে খং মনেৰে ক'লে , " তুমি কাৰ বলত এনেকৈ কৈছা । " ইয়াৰ পিছত মাধৱদেৱে নম্ৰভাৱে উত্তৰ দিলে , " বাপ আপোনাৰ পদ-ধুলা আৰু শ্ৰীচৰণত প্ৰসাদৰ বাহিৰে আন একো নাই । " এই কথা শুনি শঙ্কৰদেৱে ক'লে , " বঢ়াৰ পো তোমাক যদি মই আগতে লগ পালোহেঁতেন , মই গৃহ বাস নকৰিলোহেঁতেন , তথাপিও তোমাক কওঁ , শেষত ইয়াৰ পৰা বাহিৰ হৈ যোৱা হ'ব । " ইয়াৰ পিছতো গুৰুপত্নীয়ে মাধৱক জোঁৱাই কৰা আশা এৰা নাছিল । তেওঁ মাধৱৰ মন কোমলাবৰ  বাবে ৰুক্মিণীৰ হতুৱাই মাধৱৰ লাছনি পাছনি কামবোৰ কৰাইছিল । মাধৱদেৱে এই কথা বুজিব পাৰি এদিন পদূলি মুখত ৰুক্মিণীক লগ পাই কান্ধত তুলি লৈ আহি মাকৰ আগত নমাই দিলে । সেইদিনাৰ পৰা গুৰু পত্নীয়ে অসন্তোষ পাই সেই ভাৱ ত্যাগ কৰিলে ।

 

হেমেন চন্দ্ৰ হাজৰিকা

সহঃ শিক্ষক
বিৰোগাঁও মজলীয়া বিদ্যালয়

শিক্ষাখণ্ড - ৰামপুৰ , কামৰূপ ( অসম ) 


 


Post a Comment

0 Comments