এখুদ ককাইদেউ
( কবি নৱকান্ত বৰুৱাদেৱৰ স্মৃতিত )
বিৰল প্ৰতিভাৰ গৰাকী তুমি
অৰুন্ধতী কবিতাৰ সৃষ্টিকাৰী ;
নগঞা কবি নামেৰে খ্যাত --
হৃদয় জিনিলা সকলোৰে ,
একেধাৰে তুমি
লেখক , সাহিত্যিক , গীতিকাৰ আৰু কবি ।
অসমৰ তুমি সু-সন্তান
খোদিত কৰিলা জীৱনৰ গান ;
শাশ্বত সত্য প্ৰকাশ তোমাৰ কবিতাৰ
প্ৰকাশ কৰিলা অকণিৰ সৃষ্টিৰ মালাধাৰ ।
তোমাৰ অধ্যাপনাত বহু ভোটা তৰাৰ সৃষ্টি
হৈ পৰিলা বহু লোকৰ প্ৰিয় কবি ;
জীৱন গতিশীলতাৰে উদাহৰণৰে
অমৰ হ'লা এখুদ ককাইদেউ
তোমাক জনালোঁ বহু শ্ৰদ্ধা ।।
পুষ্পাঞ্জলি পাংগিং গাম
সহঃ শিক্ষয়িত্ৰী
বৰুৱা পাহাৰতলী প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - ছমৰীয়া ।
0 Comments