header ads

বিজ্ঞানৰ ইটো-সিটো, তীৰ্থমণি ডেকা

 বিজ্ঞানৰ ইটো-সিটো



◆ আমি যদিহে ফৰিঙৰ দৰে জঁপিয়াব পাৰিলোহেঁতেন তেতিয়া ২-৩ মহলীয়া ঘৰৰ মুধচলৈ অনায়াসে জঁপিয়াই উঠা সহজ হ'লহেঁতেন ।

◆ পৃথিৱীত থকা সকলো পতংগৰ ভিতৰত মৌমাখিয়েই একমাত্ৰ পতংগ , যি মানুহৰ বাবে খাদ্য প্ৰস্তুত কৰে ।

◆ আমি দেখা নীলা আকাশখন আৰু তৰা বা নক্ষত্ৰৰ মাজৰ গড় দূৰত্ব হ'ল প্ৰায় ৩ কোটি কিল'মিটাৰ ।

◆ আমি গুৰু আহাৰ সম্পূৰ্ণকৈ খোৱাৰ পিছতো পাকস্থলীটো আৰু ২-৩ লিটাৰ প্ৰসাৰিত হ'ব পাৰে ।

◆ আমি দেখা সপোনৰ ৯০% পাহৰি যাওঁ । গড় হিচাপত এজন মানুহে বছৰি ১৪৬০ টা সপোন দেখে ।

◆ মানুহৰ হাতৰ বুঢ়া আঙুলিটোৰ নখ আটাইতকৈ কমকৈ বাঢ়ে । আনহাতে বেছিকৈ বাঢ়ে মধ্যমা আঙুলিৰ নখ ।

◆ প্ৰত্যেক মানুহৰ জঁকাটোৰ ওজন মানুহজনৰ সম্পূৰ্ণ দেহৰ ওজনৰ পাঁচ ভাগৰ এভাগ হয় । উদাহৰণস্বৰূপে যদি এজন মানুহৰ শৰীৰৰ ওজন ৮০ কিল'গ্ৰাম হয়, তেতিয়া তেওঁৰ জঁকাটোৰ ওজন হ'ব ১৬ কিল'গ্ৰাম ।

◆ গড় হিচাপত আবেলি ৩ বজাত দিনটোৰ সৰ্বোচ্চ গৰম হয় ।




তীৰ্থমণি ডেকা
সহকাৰী শিক্ষক ( বিজ্ঞান )
পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : কমলপুৰ 

Post a Comment

0 Comments