header ads

প্ৰবন্ধ, দক্ষিণ কামৰূপৰ ' সুঁৱৰি ' উৎসৱ, অঞ্জু ৰয়

 দক্ষিণ কামৰূপৰ ' সুঁৱৰি ' উৎসৱ



দক্ষিণ কামৰূপৰ গ্ৰাম্য সমাজৰ প্ৰধান সামাজিক এদিনীয়া বসন্তোৎসৱ হ'ল ' সুঁৱৰি '। সাধাৰণতে ব’হাগ মাহৰ নিৰ্দিষ্ট একোটা পুণ্য তিথিত দক্ষিণ কামৰূপৰ একোটা নিৰ্দিষ্ট অঞ্চলত প্ৰতিবছৰে উদযাপিত হৈ আহিছে ভক্তি আৰু আনন্দৰ সমাহাৰেৰে জাতীয় উৎসৱ সুঁৱৰি । ভগবন্ত শ্ৰী কৃষ্ণই ল’ৰালি কালত গোকুলত কৰা আনন্দদায়ক খেল-ধেমালি আদিৰ সোঁৱৰণীয়েই ‘ সুঁৱৰি ’ বা ‘ সৰি ’ নামেৰে স্বীকৃতি পায় । অসমৰ জাতীয় উৎসৱ বিহুৰ লগতে সুঁৱৰি উৎসৱত বসন্তৰ আগমনৰ আনন্দত উলাহেৰে মতলীয়া হৈ পৰে দক্ষিণ কামৰূপৰ সমগ্ৰ অঞ্চলবাসী ।

       সুঁৱৰি উৎসৱ উপলক্ষে গাওঁৰ অঞ্চলটোৰ নিৰ্দিষ্ট কোনো ৰাজহুৱা স্থান , নামঘৰ বা মন্দিৰ আদিক সুন্দৰকৈ সজাই লোৱা হয় । সেই অঞ্চলৰ দেৱ-দেৱীৰ বিগ্ৰহবোৰ পৰম্পৰাগত নীতি-নিয়মেৰে ঢুলীয়া -খুলীয়াই ঢোল -খোল , বৰকাঁহ আদি বজাই হৰি কীৰ্তনেৰে নিৰ্দিষ্ট বেদীত স্থাপন কৰে আৰু সুঁৱৰি উৎসৱৰ বিভিন্ন আধ্যাত্মিক তত্ত্বৰ জৰিয়তে লোক সমাজত ভক্তিৰ প্ৰবাস বোৱাই দিয়ে ।
আদিতে এই উৎসৱ পলাশবাৰী , ৰামপুৰ , খতিয়ামাৰী , পাৰ্ল্লী , নহিৰা , ছয়গাঁও , বৰদুৱাৰ , আজাৰা , বৰ হেৰামদ , শ্যামৰায় , শিকাৰহাটী , গুইমৰা আদিকে ধৰি মাত্ৰ কেইখনমান ঠাইতে পালন কৰা হৈছিল যদিও বৰ্তমানে তাৰ প্ৰসাৰতা আন ঠাইতো লাভ কৰে । সাধাৰণতে গাঁৱৰ নামঘৰত এই উৎসৱ অনুষ্ঠিত হয় যদিও সুবিধা নথকা ঠাইবোৰত মুকলি পথাৰতেই সাময়িকভাৱে বাহঁৰ খুটা পুতি ৰভা দি ইয়াৰ আয়োজন কৰে । ওচৰৰ নামঘৰসমূহৰ বিগ্ৰহসমূহ আসনেৰে সৈতে আনি সুঁৱৰি-থলীৰ পূব দিশত এটা শাৰীত স্থাপন কৰা হয় । উপস্থিত লোকসকলে ফুলৰ মালা আৰু পইচা বিগ্ৰহলৈ আগবঢ়াই সেৱা জনায় । সুঁৱৰি-থলিত চাৰিটা কলৰ পুলিৰ সোঁমাজত কলৰ দোনাৰে সুদৃশ্যকৈ সজা বেদীৰে দধিমথন মণ্ডপ সজা হয় । পাঁচডাল জাকজমকপূৰ্ণ মথনিমাৰি বেদীত সংস্থাপিত কৰা হয় । মাৰিকেইডাল ভালদৰে ঘূৰিবলৈ তাৰ তলত মাটিৰ টেকেলী একোটা থাকে । দধি মঠন মণ্ডপত পকা কলৰ থোকা , মাখনৰ টেকেলি প্ৰভৃতি আঁৰি থোৱা হয় । ধৰ্মীয় পৰম্পৰা অনুসৰি উৎসৱৰ আগদিনাৰ পৰা উপবাসে থাকি দহজনী সুন্দৰী কুমাৰী ছোৱালীয়ে সুন্দৰ সাজ পৰিধান কৰি মথনি মাৰিত ৰছী লগাই শ্ৰী কৃষ্ণৰ লীলা গীত গাই নৃত্য কৰি দধি মথে । অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে এই কুমাৰী ছোৱালীবোৰক গোপিনী জ্ঞান কৰি প্ৰণিপাত জনায় ।
       দধিমথন ভাওনাৰ চৰিত্ৰসমূহৰ ভিতৰত আছে - শিশু কৃষ্ণ , বলোৰাম , নন্দ , যশোদা আৰু গোৱালিনীসকল । দধিমথনৰ লগে লগে পালন কৰা আনটো অনুষ্ঠান হ'ল - ডলা দিয়া বা ঠগী দিয়া অনুষ্ঠান । ইয়াত কৃষ্ণ - বলোৰামৰ উপৰি বাৰগোপাল , নাৰদ , গৰ্গ মুনি আৰু বান্দৰৰ ভাও দিয়া ল'ৰা কেইজনমান থাকে । এওঁলোক ৰভাৰ তলত বিশেষভাৱে সংৰক্ষিত আসনত বহে । ধৰ্মপ্ৰাণ লোকে বাৰগোপাললৈ বিভিন্ন সামগ্ৰী আগবঢ়ায় । তেওঁলোকে ওঁঠ বজাই আশীৰ্বাদ দিয়ে । লোকবিশ্বাস মতে সুঁৱৰি উৎসৱৰ এই বালক কেইজনক ভক্তি ভাৱেৰে পূজা কৰিলে ভক্তৰ মনোবাঞ্চা পুৰ্ণ হয় ।
       সুঁৱৰি-থলী দুপৰীয়াৰপৰা গধূলিলৈ উৎসৱমূখী হৈ পৰে । গধূলিৰ লগে লগে পথাৰলৈ অনা বিগ্ৰহবোৰ লৈ গাওঁ ফুৰোৱা হয় । কোনো কোনো ঠাইত সুঁৱৰিৰ দিনা গধূলি পাউৰা ঘূৰাই বিহুৰ সৰি ভাঙে ।
        সুঁৱৰি উৎসৱত গোপিনী সকলৰ দধি মথনৰ লগতে শিশু কৃষ্ণ আৰু যশোদাৰ লীলা-কৌতুক সমূহো অভিনয় কৰি সকলোৱে ভক্তি আৰু বাৎসল্য ৰসত আপ্লুত হৈ আনন্দত মতলীয়া হৈ পৰে ।

       সুঁৱৰি উৎসৱৰ আন এটি বিশেষত্ব হ’ল , হানাঘোঁৰা বা পাৰবাহ নৃত্যৰ প্ৰদৰ্শন । ধৰ্মীয় দিশৰ লগত সংগতি ৰাখি উপাস্য দেৱ-দেৱীৰ সন্তুষ্টিৰ কাৰণে এনেবোৰ নৃত্য প্ৰদৰ্শন কৰা হয় । তদুপৰি সুঁৱৰি উৎসৱত মনোৰঞ্জনৰ বাবে হাতী যুঁজ , ঘোঁৰা দৌৰ আদি প্ৰতিযোগিতাৰ লগতে বিভিন্ন ধৰণৰ খেল-ধেমালি , নৃত্য-গীত আদি পৰিবেশন কৰি সকলোৱে আনন্দত আত্মহাৰা হৈ পৰে ।  দক্ষিণ কমৰূপৰ বকোৰ ঐতিয্যমণ্ডিত সুঁৱৰি উৎসৱ বহাগৰ সাত বিহুৰ দিনা অতি উলহ-মালহেৰে পালন কৰা হয় । সেই বিশেষ দিনটোত অঞ্চলটো মহামিলন তীৰ্থভূমিত পৰিণত হয় । সুঁৱৰি উৎসৱৰ লগত সংগতি ৰাখি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বিভিন্ন ধৰণৰ খেল ধেমালিৰ লগতে ধামা কোবোৱা , তেলগছত বগোৱা , ঘোৰা দৌৰকে ধৰি বিভিন্ন প্ৰতিযোগিতা । অসমীয়া কলা কৃষ্টিৰ লগত জড়িত বিহু নৃত্য , বড়ো কৃষ্টি , কোচ-ৰাজবংশী নৃত্য , ৰাভা কৃষ্টি , হানা ঘোঁৰা বিভিন্ন কলা কৃষ্টি সংস্কৃতিৰ বিশাল সমাহাৰ ঘটে বকো সুঁৱৰি বাকৰিত । বিশাল আয়োজনৰ সুঁৱৰি উৎসৱথলীত শ্ৰীশ্ৰী শ্যামৰায় গোসাঁই , শ্ৰীশ্ৰী বুঢ়া গোসাঁই , শ্ৰীশ্ৰী মহিমা গোসাঁইকে ধৰি কেইবাগৰাকী গোসাঁইৰ বিগ্ৰহসমূহ উপস্থাপন কৰি ভক্তপ্ৰাণ ৰাইজে বছৰটো কুশলে পৰা হোৱা নিমিত্তে আশীৰ্ব্বাদ গ্ৰহণ কৰে ।

       সন্ধিয়া উৎসৱ থলীৰ বিগ্ৰহ সমূহ হৰিধ্বনি আৰু গীত-পদ গাই নিজ নিজ স্থানলৈ লৈ যায় আৰু নামঘৰৰ আগৰ স্থানত স্থাপন কৰা হয় । এনেকৈয়ে দিনযোৰা কাৰ্যসূচীৰে উলহ-মালহৰে বসন্তৰ এদিনীয়া উৎসৱ সুঁৱৰিৰ অন্ত পৰে ।  ' সুঁৱৰি ' মাথো এটি বসন্তোৎসৱেই নহয় , ই হ'ল বিভিন্ন গোষ্ঠী-জনগোষ্ঠীৰ মাজত গঢ় লৈ উঠা ভাতৃত্ববোধৰ সমন্বয়ৰ এক মিলনৰ উৎসৱ ।  দক্ষিণ কামৰূপত পৰম্পৰাগতভাৱে চলি অহা এই উৎসৱটো ন-প্ৰজন্মই আকোৱালি ল'লে ইয়াৰ সুদূৰ প্ৰসাৰী উত্তৰণ আশা কৰিব পাৰি ।




অঞ্জু ৰয়
সহকাৰী শিক্ষয়িত্ৰী
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ছমৰীয়া




নদী শব্দময় শিল্পৰ চোতাল । নদীৰ বুকুতে ফুলে
      সভ্যতাৰ দীপ্ত অহমিকা ;
নদীয়েই বুটলি আনে মানুহৰ সৌন্দৰ্যৰ সকলো মুকুতা ।
               ( নদী বিলাস ― বিপুল জ্যোতি শইকীয়া )

Post a Comment

0 Comments