header ads

সাক্ষাৎকাৰ,

 


বিশ্ব ৰক্তদাতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ই-আলোচনী জ্ঞানমৰ সাক্ষাৎকাৰ শিতানৰ বাবে এইবাৰ আমি কাষ চাপিছিলোঁ ' নিৰাময় ' নামৰ এটি স্বেচ্ছাসেৱী সন্থাৰ । গুৱাহাটীৰ আৰ. জি. বৰুৱা পথৰ জোনালীত মুখ্য কাৰ্যালয় থকা নিৰাময় নামৰ সন্থাটোৱে  জনকল্যাণৰ হকে বিভিন্ন কাৰ্যসূচী কৰি আহিছে । বিভিন্ন সময়ত আৰ্তজনৰ কাষত থিয় হোৱা এই সন্থাটোৱে ৰক্তদানৰ ক্ষেত্ৰখনতো বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ।


■ জ্ঞানমৰ প্ৰশ্ন :- নমস্কাৰ , শৈক্ষিক গোট জ্ঞানমৰ তৰফৰ পৰা আপোনালোকৰ মহান কৰ্মক শ্রদ্ধা নিবেদন কৰি আপোনাৰ পৰা কেইটামান কথা জানিব বিচাৰিছোঁ । যেনে - কিমান সময়ৰ ব্যৱধানত এগৰাকী মানুহে ৰক্তদান কৰিব পাৰে ?
◆ সভাপতি নিৰাময় :- প্ৰতি গৰাকী সুস্থ ব্যক্তিয়ে প্ৰত্যেক তিনি মাহৰ অন্তৰালত ৰক্তদান কৰিব পাৰে ।

■ জ্ঞানমৰ প্ৰশ্ন :- বহুত সময়ত দেখা যায় যে , কেতিয়াবা ব্লাডবেংকত প্ৰয়োজন হোৱা গ্ৰুপৰ তেজ নাথাকে । তেনেকুৱা ক্ষেত্ৰত আমি ' Blood Exchange ' প্ৰক্ৰিয়াৰ সহায়ত ৰক্তদান কৰা হয় বুলি জানিব পাৰিছোঁ । এই প্ৰক্ৰিয়াটোত কিমান সময়ৰ প্ৰয়োজন হয় ? সংকটজনক অৱস্থাত থকা ৰোগীৰ ক্ষেত্ৰত এইটো কিমান ফলপ্ৰসূ হ'ব ?
◆ সভাপতি নিৰাময় :- ব্লাড এক্সচেঞ্জ প্ৰক্ৰিয়াটোত ৰোগীৰ বাবে প্ৰয়োজনীয় ব্লাড গ্ৰুপৰ ৰক্তদাতা নাথাকিলে অন্য গ্ৰুপৰ ৰক্তদাতাই ৰোগী গৰাকীৰ নামত ব্লাড বেংকত ৰক্ত জমা কৰিব পাৰে । ব্লাড বেংকে অন্য গ্ৰুপৰ ৰক্তখিনি সংগ্ৰহ কৰি ইতিমধ্যেই জমা থকা ৰোগী গৰাকীৰ নিৰ্ধাৰিত গ্ৰুপৰ ৰক্ত ৰোগী গৰাকীক প্ৰদান কৰে ।

■ জ্ঞানমৰ প্ৰশ্ন :- ৰক্তদানৰ বাবে দাতা ( donor ) গৰাকীৰ স্বাস্থ্যৰ কি কি দিশৰ ওপৰত গুৰুত্ব দিয়া উচিত ?
◆ সভাপতি নিৰাময় :- ৰক্ত দানৰ বাবে দাতা গৰাকী সম্পুৰ্ণ সুস্থ হৈ থাকিব লাগিব । ৰক্তদান কৰাৰ আগৰ ২ ৰ পৰা ৪ ঘণ্টাৰ ভিতৰত খাদ্য গ্ৰহণ কৰা হ'ব লাগিব । ৰক্তদানৰ আগৰ সময়ছোৱাত পৰ্য্যাপ্ত পৰিমানে জুলীয়া দ্ৰব্য বা পানী গ্ৰহন কৰিব লাগিব । ৰক্তদানৰ আগনিশা ৬-৮ ঘন্টা পৰ্যন্ত ভাল টোপনি হ'ব লাগিব । ৰক্তদানৰ আগৰ ছয় মাহৰ ভিতৰত টাটু কৰালে , দাঁত সৰালে , তেজ ললে , কাণ ফুটালে আৰু কোনো ধৰণৰ অস্ত্ৰোপচাৰ কৰালে ৰক্তদান কৰিব নোৱাৰিব । ৰক্তদানৰ আগৰ ৩ দিনৰ ভিতৰত এণ্টিবায়টিক , কোনো ধৰণৰ মাদক দ্ৰব্য , ষ্টেৰইড , এছপিৰিণ আদি ল'ব নালাগিব । উচ্চ ৰক্তচাপ , মধুমেহ , থাইৰইড আদিৰ দৰব গ্ৰহণ কৰি থাকিব নালাগিব ।
       মহিলা ৰক্তদাতাৰ ক্ষেত্ৰত উপৰোক্ত সকলোবোৰৰ উপৰিও মহিলা গৰাকী গৰ্ভৱতী হ'ব নালাগিব , যোৱা তিনি মাহৰ ভিতৰত গৰ্ভপাত কৰোৱা হ'ব নালাগিব , ৰক্তদানৰ আগৰ ৭ৰ পৰা ১০ দিন মানৰ ভিতৰত মাহেকীয়া হৈ থাকিব নালাগিব ।

■ জ্ঞানমৰ প্ৰশ্ন :- ৰক্তদানৰ কিমান দিনৰ পিছলৈকে সেই তেজখিনি ব্যৱহাৰৰ যোগ্য হৈ থাকে ?
◆ সভাপতি নিৰাময় :- আৰ. বি. চি. - ৪৫ দিন
                                   হোল ব্লাড - ৩৫ দিন
                                   প্লেটিলেট - ৫ দিন
                                   প্লাজমা - ১ বছৰ

■ জ্ঞানমৰ প্ৰশ্ন :- বৰ্তমান সময়ত ৰক্তদান বুলিলে সম্পূৰ্ণ ৰক্তদানৰ উপৰিও প্ৰয়োজন সাপেক্ষে তেজৰ বিভিন্ন উপাদান যেনে - প্লাজমা , প্লেটিলেটছ ( অণুচক্ৰিকা ) , লোহিত ৰক্ত কণা ( R.B.C.) আদিও লোৱা দেখা যায় । এইক্ষেত্ৰত ৰক্তদানৰ পদ্ধতি একে হয় নে ?
◆ সভাপতি নিৰাময় :- আৰ. বি. চি. আৰু প্লেটিলেটৰ ক্ষেত্ৰত অধিকাংশ সময়তে ইয়াক সংগৃহীত ৰক্তৰ পৰা পৃথক কৰা হয় । প্লাজমাৰ ক্ষেত্ৰত এখন হাতৰ পৰা ৰক্ত সংগ্ৰহ কৰি মেচিনৰ সহায়ত প্লাজমাখিনি পৃথককৈ ৰাখি আনখন হাতেৰে ৰক্তদাতাৰ শৰীৰত ৰক্তৰ আনবোৰ উপাদান দেহত আকৌ উভতাই পঠিওৱা হয় ।
        আনহাতে কিছু কিছু ৰোগীৰ ক্ষেত্ৰতো Single Donor platelet ৰ প্ৰয়োজন হয় । য'ত ইয়াক ৰক্তদাতাৰ এখন হাতৰ পৰা ৰক্ত সংগ্ৰহ কৰি মেচিনৰ সহায়ত প্ৰয়োজনীয় প্লেটিলেট খিনি ৰাখি বাকী ৰক্তৰ উপাদানবোৰ আকৌ আনখন হাতেৰে দাতাৰ দেহত উভতাই পঠিওৱা হয় ।

■ জ্ঞানমৰ প্ৰশ্ন :- বৰ্তমান সময়ত ইমানবোৰ স্বেচ্ছাসেৱী অনুষ্ঠান থকাৰ পিছতো এতিয়াও বহু মানুহে সময়ত ৰক্ত মৃত্যুমুখত পৰা দেখা যায় । ৰক্তদানৰ প্ৰৱণতা আমাৰ দেশবোৰত যথেষ্ট কম । এইক্ষেত্ৰত ৰক্তদানৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ বাবে আৰু কিছু কৰণীয় আছে বুলি ভাৱেনে ?
◆ সভাপতি নিৰাময় :- নিশ্চয়কৈ ৰক্তদানৰ ক্ষেত্ৰখনত জনসজাগতাৰ প্ৰয়োজন আছে । এই একবিংশ শতিকাৰ যুগতো ৰক্তৰ অভাৱত মানুহ মৃত্যুমুখত পৰাটো অতিশয় লজ্জাজনক । 
       আচলতে ৰক্তদানৰ ক্ষেত্ৰত অকল স্বেচ্ছাসেৱী সংস্থাক ভৰসা কৰি থাকিলে আমাৰ ভুল হব । স্বেচ্ছাসেৱী সংগঠন সমূহে ৰক্তদান কৰি আহিলেও যদি সাধাৰণ ৰাইজ ৰক্তদানৰ বাবে সজাগ নহয় তেন্তে সংস্থাবোৰেও একো কৰিব নোৱাৰিব । আনহাতে  আজিকালি মানুহৰ মনত এটা ধাৰণাৰ জন্ম হৈছে যে ৰক্তৰ প্ৰয়োজন হোৱা বুলি জানিলে চিধাই স্বেচ্ছাসেৱী সংস্থাসমূহৰ কাষ চাপে । নিজাববীয়াকৈ এবাৰো চেষ্টা নকৰে ৰক্তদাতা বিচাৰিবলৈ বা নিজে ৰক্তদান কৰিবলৈ আগবাঢ়ি নাহে । ৰক্তৰ প্ৰয়োজন হ'লে সদায় প্ৰথমতে নিজৰ পৰিয়াল বা বন্ধু-বান্ধৱৰ মাজত বিচাৰিব লাগে । যদি ক'তো নাপায় তেতিয়াহে সংস্থাবোৰৰ কাষ চাপিব লাগে । 

       আকৌ ৰক্তদানৰ ক্ষেত্ৰত বহুতো মানুহৰ মনত কিছু ভুল ধাৰণা আৰু কিছুমান ভয় ভাৱে ক্ৰিয়া কৰি আছে । গতিকে এনেবোৰ ভুল ধাৰণা দূৰ কৰি ৰক্তদানৰ ভেটি সুদৃঢ় কৰিবলৈ স্বেচ্ছাসেৱী সংস্থা আৰু চৰকাৰী সংস্থা সমূহৰ যথেষ্ট কৰণীয় আছে ।

■ জ্ঞানমৰ প্ৰশ্ন :- ৰক্তদান কৰিলে ব্যক্তিগৰাকী অসুস্থ অথবা দুৰ্বল হৈ পৰে বুলি এটা ভ্ৰান্তধাৰণা মানুহৰ মাজত আজিও আছে । ইয়াৰ বিপৰীতে ৰক্তদানে শৰীৰৰ কি কি উপকাৰ সাধিব পাৰে চমুকৈ জানিব বিচাৰিম ।
◆ সভাপতি নিৰাময় :- ৰক্তদান কৰাৰ পাছত ৰক্তদাতা গৰাকীৰ কোনো  ধৰণৰ স্বাস্থ্যৰ অবনতি নঘটে । ৰক্তদানৰ পাছত যথেষ্ট পৰিমাণে পানী আৰু জুলীয়া খাদ্য গ্ৰহণ কৰিব লাগে । 
       ৰক্তদানৰ পৰা আমাৰ যথেষ্ট খিনি স্বাস্থ্য সংক্ৰান্তীয় লাভালাভ হয় । তাৰে কিছু লাভা লাভ হ'ল উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে , অতিশয় হানিকাৰক ক'লেষ্টৰেল নিয়ন্ত্ৰণত থাকে , ষ্ট্ৰেচ লেভেল কমে , ৰঙা ৰক্ত কণিকা ( R. B. C. ) বাঢ়ে , তেজ পৰিশোধিত হয় ইত্যাদি ।
       ৰক্তদান কৰিলে দাঁতাগৰাকী দুৰ্বল হৈ পৰাটো এটা সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা ।

■ জ্ঞানমৰ প্ৰশ্ন :- কোনবোৰ মানুহে ৰক্তদান কৰিব পাৰে আৰু কোনবোৰে নোৱাৰে ?
◆ সভাপতি নিৰাময় :- ৰক্তদান কৰিবলৈ দাতা গৰাকীৰ বয়স ১৮ বছৰৰ বেছি হ'ব লাগিব আৰু ৬৫ বছৰতকৈ বেছি হব নোৱাৰিব , ওজন ৫০ কিলোগ্ৰামৰ বেছি হ'ব লাগিব আৰু হিম'গ্লবিন ১২.৫ ৰ বেছি হ'ব লাগিব । সাধাৰণতে উপৰোক্ত চৰ্তকেইটা পূৰণ কৰা সকলো লোকেই ৰক্তদান কৰিব পাৰে । 
        ৰক্তদানৰ আগৰ ছয় মাহৰ ভিতৰত টাটু কৰাব নালাগিব , দাত সৰাব নালাগিব , তেজ ল'ব নালাগিব , কাণ ফুটাব নালাগিব আৰু কোনো ধৰণৰ অস্ত্ৰোপচাৰ হ'ব নালাগিব । ৰক্তদানৰ আগৰ ৩ দিনৰ ভিতৰত এণ্টিবায়টিক , কোনো ধৰণৰ মাদক দ্ৰব্য , ষ্টেৰইড , এছপিৰিণ আদি ল'ব নালাগিব । উচ্চ ৰক্তচাপ , মধুমেহ , থাইৰইড আদিৰ দৰব গ্ৰহণ কৰি থাকিব নালাগিব । 
       মহিলা ৰক্তদাতাৰ ক্ষেত্ৰত উপৰোক্ত সকলোবোৰৰ উপৰিও মহিলা গৰাকী গৰ্ভৱতী হ'ব নালাগিব , যোৱা তিনি মাহৰ ভিতৰত গৰ্ভপাত কৰোৱা হ'ব নালাগিব , ৰক্ত দানৰ আগৰ ৭ৰ পৰা ১০ দিন মানৰ ভিতৰত মাহেকীয়া স্বাব হৈ থাকিব নালাগিব ।
মই ইতিমধ্যে ১৭ বাৰ ৰক্তদান কৰিলোঁ ।


ধন্যবাদ
কুশল ডেকা
সভাপতি - নিৰাময়

সাক্ষাৎ গ্ৰহণকাৰী :- গিৰিণ দাস

                                মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক
                                শিক্ষাখণ্ড - কৰৰা

Post a Comment

1 Comments