header ads

অসমীয়া কবিতা, বিনন্দীয়া শৰৎঃ, শ্ৰী শেৱালী বৈশ্য, ৪ৰ্থ বছৰ ১ম সংখ্যা,

 বিনন্দীয়া শৰৎঃ





বৰ্ষা যায় শৰৎ আহে  
আহিনৰ আঁচলত ধৰি ,
ৰিব-ৰিব মলয়াৰ মৃদু পৰশত
পথাৰৰ সেউজী লখিমীয়ে নাচে হালি-জালি । 
বাৰিষাৰ মেঘাচ্ছন্ন কলীয়া ডাৱৰ আঁতৰে , 
নিৰ্মল আকাশত শুকুলা ডাৱৰৰ মাজেৰে
দিনমণি ভুমুকি মাৰে ।
লুইতৰ চাপৰিত কঁহুৱা বিৰিণাই
হালি-জালি মন উতলা কৰে ,
বালিমাহী জাকে প্ৰাণঢালি
কঁহুৱা ডৰাত নাচে ৷
শাৰদীয় পূৰ্ণিমাৰ ৰূপালী জোৎস্নাৰ পৰশত
শতদলে পাহি মেলে ,
বিলৰ পানীত ভেঁটফুল বোৰে
মিচিক-মাচাক হা‍ঁহে ।
জোনাক নিশা ৰাতিৰ শেৱালিয়ে
সুবাসৰ বতৰা আনে ,
তলসৰা শেৱালিয়ে ধৰাৰ বুকুত
শুভ্ৰ দলিচা পাৰে । 
আহিনৰ আঁচলত ধৰি শৰৎ আহে
কুঁৱলীৰ টুপ-টুপ নিয়ৰ সৰে ,
সেউজী ঘাঁহনিত নিয়ৰৰ টোপালে
 মুকুতাৰ মালা গাঁথে ।
প্ৰকৃতিৰ এনে মনোমোহা ৰূপ
   শৰততেই দেখোন আহে ,
বিনন্দীয়া শৰতৰ মোহময়ী    
                   লয়লাস ৰূপে
হৃদয়ত শান্তিৰ অমিয়া ঢালে ।


  শ্ৰী শেৱালী বৈশ্য

  প্ৰধান শিক্ষয়িত্ৰী 

 শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয় ।

শিক্ষাখণ্ড : হাজো।

Post a Comment

0 Comments