header ads

সাঁথৰ, পল্লৱী ডেকা, ৪ৰ্থ বছৰ ১ম সংখ্যা,

 সাঁথৰঃ




(১) বিয়াঘৰৰ ৰভা মানুহেৰে ভৰি পৰিল ৷ শেষত গৈ কইনাজনী পানীত পৰি মৰিল ৷

উঃ পূজাৰ প্ৰতিমা
(২) সাহ পেলায় বাকলি খায় ।
উঃ ঔ টেঙা
(৩) পানীত জন্ম  মাটিত বাস , পানী পৰিলে হয় সৰ্বনাশ।
উঃ নিমখ
(৪) ৰজাৰ কাপোৰ তিয়াব পাৰি, শুকাব নোৱাৰি।
উঃ জিভা
(৫) গৰুৰ দৰে ঘাঁহ খায় , পখীৰ দৰে উৰি যায় ।
উঃ ফৰিং
(৬) তিনিটা চৰাইৰ তিনিটা ৰং , বাহত সোমালে এটা ৰং।
উঃ তামোল , পাণ আৰু চূণ
(৭) তলত লাঠি ওপৰত পঁজা , ক’ত যায় ৰঙা ওজা।
উঃ আনাৰস

সংগ্ৰহঃ
পল্লৱী ডেকা
পঞ্চম শ্ৰেণী , ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ডঃ হাজোv

Post a Comment

0 Comments