header ads

অসমীয়া প্ৰবন্ধ, গণিত বিভ্ৰাটঃ, শ্ৰী হীৰেণ চন্দ্ৰ মেধী , ৪ৰ্থ বছৰ ১ম সংখ্যা,

 গণিত বিভ্ৰাটঃ


         গণিত ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা তাকৰ । তেওঁলোকৰ বাবে গণিত আমনিদায়ক বিষয় । ইয়াৰ প্ৰতিফলন উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ নামভৰ্তিত স্পষ্ট হৈ পৰে । কিয়নো উচ্চ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত ( HSLC) উত্তীৰ্ণ হোৱা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ মাজৰ ১০-২০ শতাংশইহে বিজ্ঞান শাখাত নামভৰ্তি কৰে । কাৰণ গণিতৰ কিছুমান ধাৰণাই কিছু সংখ্যক ছাত্ৰ ছাত্ৰীৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰে । তাৰ পৰিণতিত তেনে ছাত্ৰ-ছাত্ৰীসকল গণিতৰ বিষয় বস্তুৰ ভিতৰত প্ৰবেশ কৰিবলৈ চেষ্টা কৰাৰ পৰিবৰ্তে গণিত বিষয়ৰ পৰা আঁতৰি যাবলৈ ধৰে । ছাত্ৰ-ছাত্ৰীৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰা গণিতৰ কেইটামান উদাহৰণ দাঙি ধৰা হ'ল --

(১) এটা পদযুক্ত ৰাশিবোৰক একপদ ৰাশি , দুটা পদযুক্ত ৰাশিবোৰক দ্বিপদ ৰাশি , তিনিটা পদযুক্ত ৰাশিবোৰক ত্ৰিপদ ৰাখি ; আকৌ এটাতকৈ অধিক পদযুক্ত ৰাশিবোৰক বহুপদ ৰাশি বোলা হয় । এটাতকৈ অধিক পদযুক্ত ৰাশিবোৰক যিহেতু বহুপদ ৰাশি বোলা হয় , এই ক্ষেত্ৰত দ্বিপদ বা ত্ৰিপদ ৰাশিৰ আৱশ্যকতা ক'ত ? আকৌ শেষত কোৱা হৈছে অশূন্য সহগযুক্ত সকলো ৰাশিকে বহুপদ ৰাশি কোৱা হৈছে য'ত একপদ ৰাশিবোৰো বহুপদ ৰাশি হিচাপে বিবেচিত হৈছে । যিটোৱে ছাত্ৰ-ছাত্ৰীৰ মন আৰু মগজুত বিভ্ৰান্তিৰ সৃষ্টি কৰে । 

(২) চাৰিটা বাহুৰে আগুৰা বন্ধ সমতলিক ক্ষেত্ৰই চতুৰ্ভূজৰ ধাৰণা দিয়ে । যদিও সামন্তৰিক , আয়ত , বৰ্গ , ৰম্বাছ আৰু ট্ৰেপেজিয়াম নামৰ জৰিয়তে চতুৰ্ভূজে চতুৰ্ভূজৰ পৰিয়াল গঠন কৰে । ইয়ালৈ ছাত্ৰ-ছাত্ৰীৰ ধাৰণা ঠিকেই থাকে । কিন্তু যেতিয়াই প্ৰতিটো আয়তেই সামান্তৰিক , কিন্তু প্ৰতিটো সামান্তৰিকেই আয়ত নহয় আৰু প্ৰতিটো বৰ্গই একোটা ৰম্বাছ আৰু প্ৰতিটো ৰম্বাছেই বৰ্গ নহয় বুলি পঢ়িব লগা হয় , তেতিয়া সৰহভাগ ছাত্ৰ-ছাত্ৰীৰে বিভ্ৰান্তি ঘটে আৰু গণিতৰ প্ৰতি অনীহা জাগে । 

(৩)ভগ্নাংশ আৰু পৰিমেয় সংখ্যাৰ ক্ষেত্ৰতো সিহঁতে পাৰ্থক্য চিনাক্ত কৰাত উজুতি খায় । 

(৪) চিহ্নৰ পূৰণৰ ক্ষেত্ৰটো যোগ (+)× যোগ ( +)=যোগ ( +), (+)×(-) = (-) , ( -) ×(+)= ( -), (-)  ×(-) = + (যোগ) ধাৰণাই ছাত্ৰ ছাত্ৰীক চিন্তিত কৰি তোলে ৷ 

(৫) এটা পৰীক্ষাত মুঠতে ২০ টা প্ৰশ্ন আছিল । ইয়াৰে প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে ৫ নম্বৰকৈ আৰু অশুদ্ধ উত্তৰৰ বাবে (-২) নম্বৰকৈ পাব । ইয়াৰ অৰ্থ এয়ে যে প্ৰাপ্ত নম্বৰ পৰা প্ৰতিটো উত্তৰৰ বাবে ২ নম্বৰকৈ বিয়োগ হ'ব । কিন্তু ছাত্ৰ-ছাত্ৰীৰ ধাৰণাটো এনে ধৰণৰ হয় যে মই যদি ২০ টায়ে অশুদ্ধ উত্তৰ কৰোঁ তেতিয়া হ'লে এটাত ২কৈ ২×২০=৪০ নম্বৰ কটা যাব, আৰু মই ১০০-৪০=৬০ পামেই ।
    এনে ধৰণৰ ধাৰণাবোৰে ছাত্ৰ-ছাত্ৰীক বিভ্ৰান্তিত পেলায় । সে‌য়ে ছাত্ৰ-ছাত্ৰীক এনে ধৰণৰ বিভ্ৰান্তিৰ পৰা মুক্ত কৰি সঠিক পথত লৈ যাবলৈ প্ৰতিজন গণিত শিক্ষক বদ্ধপৰিকৰ হোৱা উচিত । 


শ্ৰী হীৰেণ চন্দ্ৰ মেধী ,                            


 সহকাৰী শিক্ষক
বৰটাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়।
শিক্ষাখণ্ড:- ছয়গাঁও

Post a Comment

0 Comments