মোবাইলঃ
"আচৰিত লাগে নহয় নে নৰেন , এই কনমানিটোৱে মোবাইলৰ কি নাজানে ? ক'ত কেনেকৈ শিকে বাৰু কথাবোৰ ? ডাঙৰ হ'লেহে বা আৰু কি কৰে ?"
" বৰমা , আচৰিত হ'বলগা একো নাই , বৰ্তমান মোবাইলে ল'ৰা-ছোৱালীবোৰক ধ্বংসৰ পথলৈ ঠেলি দি আছে । সিহঁতে ভাল বেয়া একো বুজি নাপায় । মোবাইলৰ প্ৰভাৱত কিছুমান শিশুৱে যিবিলাক অপৰাধ কৰিব ধৰিছে আপুনি বিশ্বাস কৰিবই নোৱাৰিব যে সেই কামটো সেই শিশুটোৱে কৰিছে । কিছুমান শিশুক অভিভাৱকে আনকি চিকিৎসকৰ ওচৰলৈও নিবলগা পৰিস্থিতিৰ উদ্ভৱ হৈছে । অনেক কিশোৰ-কিশোৰীয়ে হিতাহিত জ্ঞান হেৰুৱাই আত্মহননৰ পথ বাচি ল’ব লগা হৈছে । গতিকে বৰমা ...৷’’
ল'ৰাৰ মোবাইল পটুতাকলৈ গৰ্ব কৰা মাক আৰু আইতাকে নৰেনৰ মুখৰ পিনে ভেবা লাগি চাই ৰ'ল |
0 Comments