header ads

বিশেষ লেখা,ৰাষ্ট্ৰীয় কন্যা শিশু দিবস উপলক্ষে কন্যা শিশুৰ অধিকাৰ আৰু সুৰক্ষাঃ, দিলীপ লেখাৰু,৪ৰ্থ বছৰ ২য় সংখ্যা

 ৰাষ্ট্ৰীয় কন্যা শিশু দিবস উপলক্ষে 

কন্যা শিশুৰ অধিকাৰ আৰু সুৰক্ষাঃ
                                       

আমি সকলোৱে অৱগত যে অহা জানুৱাৰী মাহৰ ২৪ তাৰিখে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদ্‌যাপনৰ দিন সমাগত ৷ বিগত ২০০৮ বৰ্ষৰ এই দিনটোৰ পৰাই ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে জাতীয় কন্যা শিশু দিৱসৰ দিন হিচাপে উদ্‌যাপন কৰিবলৈ স্থিৰ কৰিছে ৷
        আজি এই সময়ৰ পৰিপ্ৰেক্ষিতত কন্যা শিশু বিষয়টোৱে প্ৰাসঙ্গিকতা লাভ কৰিছে ৷ ইমান দিনে এই বিষয়টোৱে কোনো উল্লেখনীয় গুৰুত্ব লাভ কৰা নাছিল যদিও বৰ্তমান শাসনত অধিষ্ঠিত থকা প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় চৰকাৰখনে ইয়াৰ ওপৰত ব্যৱস্থা ল’বলৈ আগবাঢ়ি আহিছে ৷ গোটেই পৃথিৱীখন আমাৰ ধৰিত্ৰী মা ৷ ভাৰতবৰ্ষখনো আমাৰ মা ৷ ইয়াৰ পাছত যি গৰাকী আইমাতৃৰ পৰা জনম লভিছো তেৱো আমাৰ একে মা ৷ গতিকে কণ কণ কন্যা শিশু সকলো মাৰ মাতৃ জাতিৰ অভিন্ন অংগ ৷ আজি তেওঁলোক কণ কণ শিশু , কাইলৈ তেওলোক দেশৰ নাগৰিক ৷ তাৰ পাছত তেওলোক একোগৰাকী আইমাতৃলৈ পৰিবৰ্তিত হ’ব ৷ একো একোটা পৰিয়ালৰ দায়িত্ব বহন কৰিব ৷ এইটো এটা প্ৰাকৃতিক পৰম্পৰা , গতানুগতিকভাবে চলি আছে , অনাদি অনন্ত কাললৈ চলি থাকিব ৷ বিশ্বৰ অন্যান্য দেশবোৰৰ ক্ষেত্ৰত কন্যা শিশু সকলক যেনেদৰে চোৱা-চিতা আৰু আদৰ যত্ন সহকাৰে লালন-পালন কৰা হয় আমাৰ দেশত তেনে এটা পৰিবেশ এতিয়াও সুদূৰ পৰাহত ৷ যিহেতু আমাৰ দেশখন এক দৰিদ্ৰ দেশ হিচাপে চিহ্নিত হৈ আছে , ইয়াৰ শতকৰা ১২.৮ শতাংশ লোক দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত জীৱন যাপন কৰে এক আন্তৰ্জাতিক সমীক্ষা অনুসৰি ৷ বহুতো অঞ্চলৰ ল’ৰা-ছোৱালীসকলে স্কুলৰ মুখ পৰ্যন্ত কেতিয়াও দেখা পোৱা নাই ৷ এনে অঞ্চলবোৰৰ কন্যা শিশুৰ কথা একেবাৰে সুকীয়া ৷ বহু অঞ্চলৰ কন্যা শিশুসকলক বেলেগ দৃষ্টিৰে চোৱা হয় ৷ জন্ম লাভ কৰাৰ আগতেই তেওলোকক মাৰি পেলোৱা হয় যাৰ কাৰণে কন্যা শিশুৰ জন্মৰ হাৰ ল’ৰাতকৈ বহু পৰিমাণে কম ৷ ইয়াৰ ফলত সমাজত লিঙ্গ বৈষম্যই গা কৰি উঠিছে । কন্যা শিশুৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে । মানুহৰ এনে মানসিক প্ৰৱণতাৰ কাৰণে কন্যা শিশুৰ বিষয়ে জাগৰণ আনিবৰ কাৰণে প্ৰতি বছৰৰ ২৪ জানুৱাৰী দিনটো ‘কন্যাশিশু দিৱস’ হিচাপে পালন কৰিবলৈ আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে কন্যা শিশুসকলৰ শিক্ষা , স্বাস্থ্য আৰু অধিকাৰ সজোৰে সাব্যস্ত কৰিব পাৰে । তেওঁলোকৰ বিৰুদ্ধে চলি থকা অন্যায় অবিচাৰৰ বিৰুদ্ধে যাতে প্ৰতিবাদ কৰিব পাৰে । আমাৰ চৰকাৰে বেটী বচাও , বেটী পঢ়াও নামৰ এক শ্লোগানৰ সংকল্প লৈ আগবাঢ়িব লাগিছে । আন্তৰ্জাতিক কন্যা শিশু দিৱস হিচাপে আমাৰ চৰকাৰে এনে শ্লোগানৰ জৰিয়তে সমাজৰ সকলো নেতা , সমাজহিতৈষী লোকৰ প্ৰতি আহ্বান জনাইছে । বিশ্বজুৰি পালন কৰিবলৈ লোৱা এই শিশু কন্যা সকলৰ অধিকাৰ আৰু শক্তি যেন ইতিবাচক দিশত আগবাঢ়ি গৈ সমাজৰ এক আমূল পৰিৱৰ্তন আনিব পাৰে তাৰ বাবে সংকল্প লৈ কৰিবলগীয়াখিনি যাতে কৰি যোৱা হয় তাৰ সংকল্প লোৱা হৈছে । ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০১১ চনৰ ১৯ ডিচেম্বৰ দিনটোক কন্যা শিশুসকলৰ বাবে বিশেষ দিন হিচাপে ধাৰ্য কৰি লিঙ্গ বৈষম্যৰ দৰে সমস্যাৰ সমাধানৰ বাবে কিছু বিশেষ পদক্ষেপ লৈছে । নাৰী অধিকাৰ সংগঠনসমূহে সমগ্ৰ বিশ্বজুৰি এই দিনটো আন্তৰ্জাতিক দিৱস হিচাপে পালন কৰিবলৈ স্থিৰ কৰিছে যাতে কন্যা শিশুসকলৰ বাবে সমপৰ্যায়ৰ শিক্ষা প্ৰদান কৰিব পৰা যায় । কাৰণ কন্যা শিশুসকলক দৰিদ্ৰতাৰ কৱলৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে শিক্ষাই হৈছে প্ৰধান আহিলা । লাগিলে এনে কন্যা শিশুসকল যিমান পিছ পৰা অঞ্চলৰ নহওক কিয় , তথা যিকোনো ভৌগোলিক অৱস্থানৰ পৰা নাহক কিয় ৷ বাল্য বিবাহৰ বিষয়েও বহুতো বাদ-বিবাদ দেখা যায় । শিশু কন্যাসকলক বাল্য বিবাহৰ পৰা আঁতৰাই ৰখাটো অতি গুৰুত্বপূৰ্ণ । কাৰণ তেনে কন্যা শিশুৱে অপৈণত অৱস্থাত বিবাহ পাশত সোমালে তেওঁলোকৰ জীৱনে পূৰ্ণতা লাভ কৰাত বাধা আহি পৰে আৰু ভৱিষ্যতে ৰুগীয়া হোৱাৰ সম্ভাৱনা থাকি যায় ।
        সেয়েহে এইটো নিশ্চিত যে , কন্যাশিশু সন্তান শিক্ষিত হ'লেহে দেশখন উন্নতিৰ পথত আগুৱাই যাব । এগৰাকী কন্যা শিশুৱে সমাজলৈ আনন্দৰ বতৰা আনে । কন্যা সন্তানসকল ল'ৰা সন্তানসকলতকৈ কোনো গুণে কম নহয় ৷ কন্যাশিশু সমাজৰ বাবে ভগৱানৰ উপহাৰ স্বৰূপ । ‘এগৰাকী কন্যা সন্তান ভগৱানে মানুহক দিয়া এটা অতি ধুনীয়া উপহাৰ।’

‘লউৰে আথাৰতনৰ বাণী’
                                                                    

দিলীপ লেখাৰু
ফোন - ৮৪৭২৮৩৯৪৫১

Post a Comment

0 Comments