ব্ৰহ্মপুত্ৰ
ব্ৰহ্মপুত্ৰ তুমি অনন্য
তোমাৰ মহিমা
অতি বিচিত্ৰ ,
শীতত তোমাৰ
শান্ত সৌম্য মূর্তি
নীলাভ জলধাৰেৰে
সকলোকে দিয়া তৃপ্তি ৷
বিভিন্ন পশু-পক্ষী
চৰাই-চিৰিকতি
তোমাৰ বক্ষতে খেলে
অনুপম ৰাগ তুলি ।
বাৰিষা কালত তুমি
ৰুদ্ৰ মূর্তি ধৰা
গৰাখহনীয়া বানপানীৰে
জীৱকুলক ত্রাসিত কৰি ৰাখা ৷
ব্ৰহ্মাৰ পুত্ৰ তুমি ব্ৰহ্মপুত্ৰ
তোমাৰ মহিমা
আজিও নহ'ল বোধগম্য ।
শ্ৰীউৎপল চৌধুৰী
সহঃ শিক্ষক
ৰংমহল উচ্চ মাধ্যমিক বিদ্যালয়
0 Comments