header ads

অসমীয়া প্ৰবন্ধ, দিনৰ দিনটো ঘৰত কি কৰি থাকাহে, হেমেন চন্দ্ৰ হাজৰিকা, ৪ৰ্থ বছৰ ৩য় সংখ্যা

             দিনৰ দিনটো ঘৰত কি কৰি থাকাহে




      গুহা গছৰ ধোন্দ এৰি আমি ভাবিৱ নোৱাৰা ধৰণে উন্নতিৰ জখলাৰে বগুৱা বাই আহি আহি আজিৰ অৱস্থা পালোহি । বুকুত হাত থৈ চকুদুটা মুদি আমি বাৰু দৃঢ়তাৰে ক'ব পাৰিমনে সঁচা অৰ্থত আমি জ্ঞানী হৈছোঁ বুলি । ঈশ্বৰে পুৰুষ আৰু প্ৰকৃতিক ইজনক আনজনৰ পৰিপুৰক হিচাপে সৃষ্টি কৰিছে । দুয়োজন অভিন্ন । সেই কথাটো এশ শতাংশই সঁচা বুলি প্ৰতিপন্ন হৈছেনে বাৰু ? যেতিয়াৰ পৰা পুৰুষ প্ৰকৃতি সৃষ্টি হ'ল তেতিয়াৰ পৰাই নাৰীৰ ওপৰত প্ৰকাৰন্তৰে দমন চলি আহিছে । আজি একবিংশ শতিকাৰ তৃতীয় দশকতো সেইটো চলি থকা দেখা গৈছে । নাৰী গৰাকীৰ যেন নিজৰ কোনো স্বাধীনতাই নাই । ঘৰখনৰ পুৰুষ সকলৰ কথাইহে প্ৰাধান্য পায় । দিনৰ দিনটো যেন নাৰী গৰাকীয়ে একো কামেই নকৰে , ঘৰত এনেয়ে থাকে । চাকৰিজীৱি মহিলা হ'লে কথা নাই , তেওঁ দিনটো ওলাই যায় । তেওঁ সেই বদনামটোৰ পৰা ৰেহাই পায় । যদি তেওঁ গৃহিনী হয় তেতিয়া হ'লে তেওঁ কথাই প্ৰতি লাঞ্চনা , গালি , গালাজৰ লগতে নিজৰ মাকৰ ঘৰখনকলৈ কথা শুনিবই লাগিব । ইফালে যিমানেই কাম নকৰক , ক'ব দিনৰ দিনটো ঘৰখনত কি কৰি থাকাহে ? হয়তো , তেওঁনো ঘৰত কি কাম কৰিব , ঘৰখনত কৰিবলৈ কাম থাকিলেহে ? তেওঁ যে চাকৰিজীৱী নহয় । সাধাৰণতে মানুহৰ ধাৰণা চাকৰি কৰা মহিলাইহে কাম কৰে । কিন্তু এচাম ঘৰত থকা মহিলাই সকলোতকৈ আগেয়ে শুৱাৰ পৰা উঠিব লাগে , উঠি বাহি চোতাল ঘৰ সাৰিব লাগে , পাৰিলে মচিব লাগে , গা ধুই গোসাঁইৰ ঘৰত চাকি জ্বলাব লাগে ।
      সকলোৰে বাবে পুৱাৰ আহাৰ তৈয়াৰ কৰিব লাগে ।
      তেওঁলোকৰ সন্তানক শুৱাৰ পৰা উঠাই গা-পা ধুৱাই , খুৱাই-বুৱাই বিদ্যালয়লৈ নিব লাগে ,  আনিব লাগে । কাৰণ তেওঁ ঘৰত এনেয়ে থাকে , ব্যস্ততাহীন মানুহ । বজাৰলৈ গৈ বজাৰ কৰে , কাপোৰ ধোৱে ।
      সকলোৰে কাৰণে বিধে বিধে পছন্দ অনুযায়ী দুপৰীয়াৰ আহাৰ তৈয়াৰ কৰে । কাপোৰ ধোৱে । ইয়াৰ উপৰিওঁ  তেওঁ সন্ধিয়া ল'ৰা ছোৱালীৰ পঢ়া-শুনা চায় , কিয়নো মতা মানুহজনৰ অফিচৰ পৰা আহি ভাগৰ লাগে নহয় , তেওঁৰ পত্নী গৰাকী ঘৰত এনেয়ে থাকে কামেই নাই ঘৰত থাকোতে ভাগৰনো কিহৰ ?
      নিশাৰ আহাৰ ৰান্ধি খুৱাই শুৱাই দিয়ে , তাৰপিছত সকলোৱে খোৱা বাচন-বৰ্তন ধোৱে , চাফ-চিকুণ কৰে । 
      এতিয়া আমাৰ মনলৈ এটা প্ৰশ্ন আহে দিনটোত ঘৰখনত কোনে বেছি কাম কৰে ? সেই শুই উঠাৰ পৰা পুনৰ শুৱলৈ যোৱালৈ নাম নথকা ক'ত যে কাম কৰিব লাগে তথাপি আমি কওঁ ঘৰখনত থাকি তুমি দিনটো কি কৰি থাকাহে ? A House Wife does not work . চাওঁকচোন আমি কোনেওঁ তেওঁৰ কামৰ মৰ্যাদা দিব নিবিচাৰোঁ । এগৰাকী গৃহিনী হ'বলৈ তেওঁৰ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই , নাই পদবী বা মানপত্ৰ । এখন ঘৰত তেওঁৰ ভুমিকা হিচাপ কৰিব নোৱাৰি । তেওঁৰ ত্যাগ , ভূমিকা কম প্ৰয়োজনীয় নে ? আমি সকলোৱে তেওঁৰ কামৰ মৰ্যাদা দিব লাগে । তেওঁৰ ত্যাগক স্বীকাৰ কৰিব লাগে । হয় তেওঁ Full time working house wife.
      তেওঁ ২৪ ঘণ্টাই কাম কৰে । এগৰাকী মাতৃ , এগৰাকী পত্নী , এগৰাকী ভগ্নী , এগৰাকী জীয়ৰী , বোৱাৰী , শাহু , নাৰ্চ , নানী , পৰিচালিকা , বন কৰা মহিলা , এলাৰ্ম ক্লক , ৰান্ধনী , পৰামৰ্শদাতা , শিক্ষয়িত্ৰী , হেন্দিমেন , সুৰক্ষা বিষয়া , কোনো ছুটী নোহোৱা দৰমহা নোহোৱা On Call Duty কৰা মহিলা । ইমান কৰিওঁ কামৰ কোনো স্বীকৃতি নাপায় । তথাপিও শুনে গোটেই দিনটো তুমি কি কৰি থাকাহে ?
      এই বাক্যটোৱেই তেওঁৰ দৰমহা । এগৰাকী নাৰীৰ চৰিত্ৰটো ইমান বিচিত্ৰ যেন নিমখৰ দৰে , যেতিয়া থাকে তেতিয়া কোনেও গুৰুত্ব নিদিয়ে , কিন্তু যেতিয়া নাথাকে সকলো সোৱাদহীন হৈ পৰে ।
      আমি প্ৰতি বছৰে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা নাৰী বন্দনা কৰোঁ , মাটিৰ প্ৰতিমা সাজি দুৰ্গা , লক্ষ্মী , সৰস্বতী , কালী পূজা পাতো , কিন্তু তেজ মঙহৰ দুৰ্গাজনীক আমি কিমান অত্যাচাৰ কৰোঁ , অপমান কৰোঁ , তিৰষ্কাৰ কৰোঁ , তেওঁক সন্মান কৰিব নাজানো , মৰ্যাদা দিব নাজানো ।
      একবিংশ শতিকাৰ তৃতীয় দশকৰ প্ৰথমাৰ্ধত নাৰী সকল এনেদৰে লাঞ্চিতা হৈ আছে । পুৰুষ প্ৰধান সমাজ ব্যৱস্থাত নাৰী সকল আৰু কিমান দিন এনেকৈয়ে থাকিব লাগিব ।
      আহক আমি সকলোৱে অলপমান তেওঁলোকৰ কথা ভাবো , তেওঁলোকক সন্মান কৰিবলৈ শিকোঁ ।



( আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে )

হেমেন চন্দ্ৰ হাজৰিকা
সহকাৰী শিক্ষক
বিৰোগাঁও মজলীয়া বিদ্যালয়
শিক্ষাখণ্ড - ৰামপুৰ

Post a Comment

0 Comments