header ads

অসমীয়া প্ৰবন্ধ, বিহুৰ অতীত আৰু বৰ্তমানঃ, মামণি কলিতা, ৪ৰ্থ বছৰ ৩য় সংখ্যা

 বিহুৰ অতীত আৰু বৰ্তমানঃ









        আমাৰ বাপতি সাহোন ৰঙালী বিহুটিৰ আমাৰ হৃদয়ত স্থান সুকীয়া । বিহু বুলি ক'লেই অসমীয়াৰ মন প্ৰাণ নাচি উঠে । এক প্ৰকাশ কৰিব নোৱাৰা আনন্দই উকমুকনি দি ধৰে ।

বিহুৰে বিৰিণা পাতে সমনীয়া
বিহুৰে বিৰিণা পাত ,
বিহু থাকে মানে বিহুকে বিনাবা 
বিহু গ'লে বিনাবা কাক ।

       যোজনা ফাঁকিতে সোমাই আছে অসমীয়া ৰাইজৰ বিহুৰ প্ৰতি থকা অকুণ্ঠ ভাল পোৱা , প্ৰীতি । আপুৰুগীয়া হিয়াৰ আমঠু বাপতি সাহোন বিহুটি সকলো অসমীয়াই প্ৰাণ ভৰি ভোগ আৰু উপভোগ কৰে। ধানৰ পৰা চাউল আৰু চাউলৰ পৰা নানা তৰহৰ লাড়ু , পিঠা-পনা , চিৰা , সান্দহ তৈয়াৰ কৰা হয় বিহু বুলি । প্ৰতিটো বিহুৱেই জড়িত কৃষিৰ লগত । অসমৰ এতিয়াও অৰ্ধেক সংখ্যক সাধাৰণ জনতা কৃষি নিৰ্ভৰশীল । কৃষিভিত্তিক অসমত তিনিটাকৈ বিহু উলহ মালহেৰে উদ্‌যাপন কৰা হয় । ব'হাগ বিহুক ৰঙালী বিহু , কাতি বিহুক কঙালী বিহু আৰু মাঘ বিহুক ভোগালী বিহু বোলে । ব'হাগ বিহুৰ সময়ত মানে চ'ত -ব'হাগ বসন্ত ঋতুৰ সময়ত অসমৰ আকাশ বতাহ মদাৰ ফুলৰ ৰঙা ৰঙ ; নাহৰ ফুলৰ বগাৰ মাজত কমলা ৰঙ , গছে-বিৰিখে দীঘল দীঘলকৈ পৰি থকা গুলপীয়া , বগা , পাতল বেঙুনীয়া কপৌফুল বোৰৰ ভিন ভিন ৰঙেৰে ৰঙীন হৈ পৰে । তাৰোপৰি ঢুলীয়া বিহুৱাই , বিহুৱতী নাচনীয়ে ৰঙা ব্লাউজ , মুগাৰ মেখেলা চাদৰ পিন্ধি , হাতত জেতুকা লৈ , খোপাত কপৌফুল মেৰিয়াই , খোপাত  গগণা গুজি , কঁপালত ডাঙৰকৈ ৰঙা ফোট , ওঁঠত বৰহমথুৰিৰ বোল ( আজিকালি লিপষ্টিক লয়) লৈ ; ঢুলীয়া সকলে বিহুৰ সাজত ভমকা ফুলীয়া গামোচা , ৰঙীন সূতাৰ চেলেঙ , বগা ধূতি , মুগাৰ চুড়ীয়া চোলা , হাতত ৰঙা ৰূমাল গাঁঠি , হাঁহি-আনন্দেৰে নাচি বাগি বিহু গীত-যোজনা গাই চৌপাশে আনন্দ উল্লাসৰ পৰিবেশ সৃষ্টি কৰে ৷ সেয়ে ৰঙীন ৰঙীন হৈ ৰঙালী বিহু বুলি জনাজাত হৈ পৰে জনমানসত । কৃষিৰ লগত জড়িত এই বিহুটোৱেই যেন কৃষক ভাই ককাইক জগাই দিয়ে -- পথাৰত সোণগুটি সিঁচাৰ সময় হ'ল ৷ সন্ধিয়া হুঁচৰি গাবৰ সময় হ'ল । কৃষিকেন্দ্ৰিক কথাবোৰে বিহুগীত হিচাপে পৰিগণিত হ'ল , এক সুন্দৰ ভংগীত নাচিব পৰাকৈ এক সুকীয়া সুৰীয়া সুৰত বিহুগীত বোৰ চলি আহিল কৃষক ভাই ককাইৰ মুখত বিহুগীত হৈ পৰম্পৰাগতভাবে ।

          পুৰণি বিহুগীতবোৰৰ নিৰ্দিষ্ট কোনো ৰচক নাই , গায়ক নাই , মুখে মুখে প্ৰচলিত হৈ আহি এটা সময়ত লিপিবদ্ধ ৰূপ পালে যদিও  যোজনা , বিহুগীতৰ কলিত কৃষি পদ্ধতিৰ বৰ্ণনা উল্লেখ আছে আৰু থাকিবই । অসমীয়া সমাজৰ পাৰিবাৰিক জীৱন , প্ৰেমৰ ছবি বিহুগীতত এনেদৰে পোৱা যায় ---

‘বোকাতে ঘুৰিলে বোকাৰে গৰৈ মাছ
অ' মোৰ সোণ সোণাই ঐ
পথাৰত ঘুৰিলে বন ,
মনৰ কথাষাৰি মনতে ঘূৰিলে
অ' মোৰ সোণ সোণাই ঐ
ক'বলৈ নেপালোঁ ক্ষণ ।’

      এতিয়া আহিছোঁ মুকলি বিহুলৈ । প্ৰথম প্ৰথম বিহু মুকলি আছিল । যিয়ে যি কামতে ব্যস্ত নেথাকক , ঢোলৰ চেও শুনিলে ৰক্ষা নাই , পেঁপা , গগণা , সুতুলীৰ মাত শুনি আপোন পাহৰা হৈ সকলোৱে মন প্ৰাণ খুলি নাচে । পথাৰৰ মাজৰ এজোপা গছক কেন্দ্ৰ কৰি ঢুলীয়া নাচনী আহি টাকুৰি ঘূৰাদি ঘূৰি ঘূৰি কঁকাল ভাঙি নাচি গাই ৰঙ ৰহইচ কৰে । সকলোৱে মুক্তভাৱে নিজৰ অংগ ভংগীৰে সুৰ মিলাই ঢোলৰ চেওত নাচি নাচি আনন্দত মতলীয়া হৈ পৰে । এনেদৰে হিয়া উজাৰি প্ৰাণৰ হেঁপাহৰ,প্ৰণয়ৰ কথাবোৰ সুৰেৰে সমৃদ্ধ কৰি হৃদয় শাঁত পেলাই সুখ অনুভৱ কৰে ।
          সেই সময়ৰ অভিজ্ঞতা বহন কৰি আহি বৰ্তমানৰ সৈতে জড়িত হৈ সেই সময়ৰ বিহু আৰু আজিৰ বিহুৰ মাজত কিছু পাৰ্থক্য দেখিবলৈ পাইছোঁ , যিবোৰ নেমানিও নোৱাৰি । পৰিবৰ্তন সকলোতে আহিছে । সাহিত্য , সংগীত , কলা , সংস্কৃতি , পৰম্পৰা সকলোতে । বিহুটোতো নহাৰ কাৰণেই নাহে । কথা হ'ল -- আমি পৰিবৰ্তনৰ মাজেৰে আগবাঢ়ি গৈ কেতিয়াবা আগৰ মানুহ আৰু কেতিয়াবা এতিয়াৰ মানুহ বুলি -- ভিন্ন সুৰ ভাঁহি আহে তাক গ্ৰহণ কৰি গৈ আছোঁ ৷ Old is gold -- পুৰণি গীত-মাত নাচৰ সোৱাদ বেলেগেই আছিল ৷ যিয়ে সেই মাদকতা লাভ কৰিছে , তেওঁ বুজি পায় । কিমান সুন্দৰ সময় আমি অতিবাহিত কৰি আহিছোঁ , আমাৰ সময়ৰ সকলে উপলব্ধি কৰিব পাৰে ৷ সেই বিহুৰ ঐতিহ্য আজিৰ বিহুৱে বহন কৰিব পৰা নাই । আমি সোঁতৰ সৈতে বৈ গৈ আছোঁ , প্ৰশ্নবোধকবোৰ গুপুতে সাঁচি থৈ । তথাপিও সময়ৰ সৈতে সুৰ মিলাবই লাগিব উপাই নাই ।
এইবেলি বিহুৰ কৰ্মশালা দি সেই আগৰ মন খুলি নাচিব পৰাকৈ পৰিবেশ এটা দিয়া হৈছিল , প্ৰাণ ঢালি উপভোগ কৰিলে কৰ্মশালাত উপস্থিত থকা সকলোৱে । আমাৰো মনবোৰ সুখেৰে ভৰি পৰিল আবাল-বৃদ্ধ -বণিতা সকলোকে অকণমান মুকলিকৈ বিহু নচাৰ সুযোগ দিব পাৰি , বিহুটো নিখুঁতভাবে শিকাৰ পৰিবেশ দিব পাৰি ।
           আকৌ আমি সৰু থাকোঁতে মানে আজিৰ পৰা বিশ/ত্ৰিশ বছৰ আগতে সন্ধিয়া সময়ত নাচনী তিনি/চাৰিজনী লৈ গাঁৱৰ ডেকা চেঙেৰাৰ দল এটি ওলাই গাঁৱত সন্ধিয়া সময়ত মানুহৰ ঘৰে ঘৰে হুঁচৰি আৰু বিহু গাই ফুৰিছিল মুকলি ভাৱে । আমিও অংশ লৈ সুখ উপলব্ধি কৰিছিলোঁ ৷ গাঁৱৰ ডেকাসকলে সম্পূৰ্ণ বিহুৰ সাজত মানুহৰ ঘৰলৈ আহি বিহু হুঁচৰি গাই আশীৰ্বাদ দি যায় --"গৃহস্থ কুশলে
থাকক ।"
           পৰিবৰ্তনমুখী এই বিহুৰ স্বকীয়তা বজাই ৰখাটো সমূহ অসমবাসীৰ গুৰুদায়িত্ব । বিহু বিশ্ব দৰবাৰলৈ গৈছে , বিশ্বায়নৰ যুগৰ সৈতে খাপ খাব পাৰিছে , এয়া অতি সুখৰ বিষয় হ'লেও নিজস্ব শৈলী , পৰিবেশন , সাজপাৰ,গীত-মাত বিজতৰীয়া হৈ পৰম্পৰাত আঘাত নেসানক তাৰেই আশা ৰাখিলোঁ। ৷ যোজনাত আছে ---
" বিহু আনন্দীয়া বিহু বিনন্দীয়া
বিহুটি অসমৰ প্ৰাণ ,
এনুৱা বিহুটি হেৰাব লাগিলে
নেথাকে অসমৰ মান ।"


মামণি কলিতা


সহঃ শিক্ষয়িত্ৰী
বেড়ীগাঁও প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ডঃ ৰাণী
ফোনঃ 6000785141

Post a Comment

0 Comments