header ads

তত্বাৱধায়িকাৰ একলম, ৪ৰ্থ বছৰ ৩য় সংখ্যা

 তত্বাৱধায়িকাৰ একলম

                              






           শৈক্ষিক গোট , জ্ঞানম কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা , কামৰূপৰ সহযোগত প্ৰকাশিত ই-আলোচনী জ্ঞানমৰ চতুৰ্থ বছৰ , ৩য় সংখ্যাৰ ‘তত্বাৱধায়িকাৰ একলম’ শিতানৰ আৰম্ভণিতে শ্ৰদ্ধাৰ লেখক , পঢ়ুৱৈ সমাজৰ আৰু সন্মানীয় শুভাকাংক্ষীসকললৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । 
          ‘তত্বাৱধায়িকাৰ একলম’ শিতানত ‘বহাগ বিহু আৰু উপহাৰৰ পৰম্পৰা’  শীৰ্ষক কিছু অনুভৱ সম্পৰ্কে চমু অৱলোকন আগবঢ়াবলৈ লৈছোঁ ।
অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকোঁ
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নাপাতি কেনেকৈ থাকোঁ ।

        বাপতিসাহোন ব’হাগ বিহু প্ৰতিগৰাকী অসমীয়াৰে অতি আদৰৰ , অতি চেনেহৰ , অতি হেঁপাহৰ অতি মৰমৰ ৷ অসমীয়া জাতীয় জীৱনৰ স্বাভিমান , অসমীয়াৰ প্ৰাণৰ আপোন ব’হাগ বিহুটি নেপাতি কোনেও থাকিব নোৱাৰে । 
      কুলি-কেতেকীৰ সুমধুৰ গীতে বসন্ত ঋতুৰ আগমনৰ আগজাননী দিয়ে  আৰু দেহ–মন যৌৱনা কৰি তোলে । ব’হাগ বিহু বুলি ক’লে প্ৰতিগৰাকী অসমীয়াৰ মন-প্ৰাণ উছাহে ভৰি পৰে । ব’হাগৰ আগমনে আৱাল বৃদ্ধ বনিতা আটাইৰে মনলৈ অনাবিল আনন্দৰ ঢৌ বোৱাই আৰু মনবোৰ ৰ্ং তামাচাৰে ভৰি পৰে । সেয়ে ব'হাগ বিহুক ৰঙালী বিহু বুলিও কোৱা হয় ।  
     বিহু বুলিলে প্ৰতিগৰাকী অসমীয়াই দুই-তিনি মাহৰ পৰাই বিহুটিক আদৰিবলৈ ব্যস্ত হৈ পৰে । বছৰটোত উদযাপিত হোৱা তিনিটা বিহু ক্ৰমে- ব’হাগ বিহু বা ৰঙালী বিহু , কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু উদযাপনৰ নীতি-নিয়ম আৰু সাংস্কৃতিক ঐতিহ্য সুকীয়া । কৃষিৰ লগত সংগতি ৰাখি উদ্‌যাপন কৰা ব’হাগ বিহু বা ৰঙালী বিহু তিনিওটা বিহুৰ ভিতৰত প্রধান । বহাগ মাহৰ পৰাই অসমীয়াৰ নৱবৰ্ষৰ আৰম্ভ হয় । অসমীয়া নতুন বছৰৰ আৰম্ভণি হয় বাবে এই বিহুৰ নীতি-নিয়ম আৰু সাংস্কৃতিক ঐতিহ্য আন দুয়োটা বিহুতকৈ বেলেগ ।  ব’হাগ বিহুৰ আন এক সুকীয়া পৰম্পৰা হ’ল- ব’হাগ বিহুত নতুন কাপোৰ পিন্ধা অথবা উপহাৰ  দিয়াৰ পৰম্পৰা আছে । অতীজৰে পৰা অসমীয়া শিপিনীসকলে দুই-তিনিমাহ আগৰ পৰাই তাঁতশালত গামোচা আৰু বিহুৱান বয় আৰু জ্যেষ্ঠ , কনিষ্ঠ আৰু প্ৰিয়জনক উপহাৰ দিয়া নিয়ম প্ৰচলিত হৈ আছে । সেয়েহে চ’ত মাহত গাঁৱত শিপিনীসকলে কাপোৰ বৈ থকা তাঁতশালৰ খিটিক-খিটিক শব্দই ব’হাগ বিহুক আদৰাৰ প্ৰস্তুতিত এক বিশেষ পৰিবেশৰ সৃষ্টি হয় । অৱশ্যে বৰ্তমান সময়ৰ পৰিৱৰ্তনৰ লগে লগে অকল গামোচা আৰু বিহুৱানেই উপহাৰ হিচাপে দিয়ে যে তেনে নহয় , জেষ্ঠজনক চুৰীয়া, চেলেং , বনিয়ন , ল’ৰা-ছোৱালীবোৰক চাৰ্ট-পেণ্ট , ফ্ৰক , চুৰিদাৰ আৰু মহিলাবোৰক মেখেলা চাদৰ , শাৰী , ব্লাউজ আদি যিকোনো সামগ্ৰী উপহাৰ হিচাপে দিয়া পৰিলক্ষিত হয় । ঠাই বিশেষে উপহাৰৰ ধৰণো বেলেগ বেলেগ হয় । উপহাৰ উপহাৰেই ৷ উপহাৰৰ সৰু-বৰ নাই । আত্মীয় , বন্ধু-বান্ধৱ , শুভাকাংক্ষী আদিৰ পৰা যিকোনো উপহাৰ পালে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মনত বহুত আনন্দ জাগে ৷
           ব’হাগ বিহুৰ সময়ছোৱাত অথবা ব’হাগ মাহত ঘৰলৈ আলহী আহিলে নতুন কাপোৰ উপহাৰ হিচাপে আগবঢ়াই মৰম যাচি , সন্মান প্ৰদান কৰাৰ লগতে জেষ্ঠজনৰ পৰা আশীৰ্বাদ লয় । ব’হাগ বিহুত অসমত বাস কৰা জাতি- জনজাতি , ধনী-দুখীয়া সকলোৱে নিজৰ সাধ্যানুসাৰে এনেদৰে উপহাৰ প্ৰদান কৰা পৰম্পৰাই সমাজত সমন্বয়ৰ এনাজৰীডাল অধিক শক্তিশালী কৰি তোলে । ব’হাগ বিহুত উপহাৰ দিয়াটো অকল পৰম্পৰাই নহয় ই এক সমন্বয়ৰ প্ৰতীক আৰু সাংস্কৃতিক ঐতিহ্য বুলি ক'ব পাৰোঁ ।    
           চতুৰ্থ বৰ্ষৰ ৩য় সংখ্যাৰ ‘মাতৃভাষা শিকনত অভিভাৱকৰ ভূমিকা তথা বিদ্যালয়ত মাতৃভাষাৰ প্ৰয়োজনীয়তা , ফাকুৱা -- বিশ্বাস আৰু পৰম্পৰা , লোক উৎসৱ বিহু পৰিবৰ্তন আৰু বিৱৰ্তন , বৰ্ত্তমান আৰু অতীত , বিহুগীতৰ মাজত প্ৰভেদ Each জনপ্ৰিয়তা , আন্তৰ্জাতিক নাৰী দিৱস আদি মুখ্য বিষয় হিচাপে সন্নিবিষ্ট কৰি প্ৰকাশৰ বাবে সাজু কৰি তোলাৰ বাবে সম্পাদনা সমিতিৰ লগতে শ্ৰদ্ধাৰ মুখ্য উপদেষ্টা , উপদেষ্টামণ্ডলী আৰু সন্মানীয় সদস্য-সদস্যাবৃন্দৰ ওচৰত চিৰকৃতজ্ঞ ৷ আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ । 
          সদৌশেষত আলোচনীখনলৈ লেখা , ছৱি , সাঁথৰ , কুইজ ইত্যাদি প্ৰেৰণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰা প্ৰতিগৰাকী শ্ৰদ্ধাৰ লেখক আৰু ছাত্ৰ-ছাত্ৰীলৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
          আলোচনীখন প্ৰকাশ কৰোঁতে অজানিতে হোৱা ভুল-ক্ৰুটিৰ মাৰ্জনা বিচৰিছোঁ । 
আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ।
               আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ……..




                                            শ্ৰদ্ধাৰে-

ফুলপাহি নাথ,
তত্বাবধায়ক ,জ্ঞানম-ই-আলোচনী আৰু
জিলা আঁচনি বিষয়া , সমগ্ৰ শিক্ষা, কামৰূপ , আমিনগাঁও ।

Post a Comment

0 Comments