header ads

গণিতৰ যাদু, ৱাহিদুদ জামান, ৪ৰ্থ বছৰ ৩য় সংখ্যা,

 গণিতৰ যাদুঃ




১) শুদ্ধ উত্তৰ সদায়েই 37 


তোমাৰ বন্ধু এজনক তিনিটা একেই অংক বিশিষ্ট সংখ্যা এটা লিখিবলৈ কোৱা ৷ 

উদাহৰণস্বৰূপে ধৰা হ'ল সংখ্যাটো 444


এতিয়া অংককেইটাৰ যোগফল নিৰ্ণয় কৰিবলৈ কোৱা--


যেনে :  4+4+4=12


তাৰপিছত এই যোগফলটোৰে প্ৰথমে লোৱা তিনিটা অংক বিশিষ্ট সংখ্যাটোক হৰণ কৰা , আৰু তেতিয়া দেখিবা যে উত্তৰটো 37 আৰু সদায়েই এই উত্তৰটো পাবা ।


2) এজন ব্যক্তিৰ জন্মৰ চন আৰু বয়স নিৰ্ণয় :




তোমাৰ জন্মৰ চনটো লিখা ।

ইয়াক দুগুণ কৰা ।

5 যোগ কৰা ।

যোগফলটোক 50 ৰে পূৰণ কৰা।

পূৰণফলটোৰ লগত তোমাৰ বৰ্তমান বয়স যোগ কৰা ।

তাৰপিছত 365 যোগ কৰা ।

যোগফলটোৰ পৰা 615 বিয়োগ কৰা ।


এতিয়া উত্তৰটোৰ অংক কেইটা ভালকৈ লক্ষ্য কৰিলে দেখা পাবা যে , প্ৰথম চাৰিটা অংক তোমাৰ জন্মৰ চনটো হ'ব আৰু শেষৰ দুটা অংক তোমাৰ বৰ্তমান বয়স হ'ব ।



ৱাহিদুদ জামান 


বিষয় শিক্ষক

ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়,

Post a Comment

0 Comments