প্ৰভেদ
হেৰা মনেশ্বৰ , কিনো ইমান কাম কৰি থাকিব লাগে ? এজনীয়ে ছোৱালী , বিয়া দিলেই শেষ !ধন-সম্পত্তিবোৰ পৰৰ পুতেকেহে খাব ?
ধনেশ্বৰ কাইটি,বুঢ়া মানুহে কয় ,‘ মৰো বুলি নাৰ্জে , জীয়াই থাকিলে খাব নোজোৰে ৷’
বেয়া নাপাবা এটা কথা কওঁ "তোমাৰ সম্পত্তিবোৰো জানো বোৱাৰী মানে লোকৰ জীয়েকে নাখাব ?"
অৱলা বৈশ্য
অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ,
পি কে চি হাইস্কুল
0 Comments