শিশু শ্ৰমিক আৰু আমাৰ কৰণীয়
শিশুসকল মানৱ সম্পদৰ প্ৰাণস্বৰূপ । আজিৰ শিশু কাইলৈ দেশ বা জাতিৰ ভৱিষ্যত নাগৰিক । প্ৰতিজন শিশুৰ মাজতেই এখন দেশ বা জাতিৰ ভৱিষ্যতৰ বিৰাট সম্ভাৱনাৰ সফলতা আৰু বিফলতা অন্তৰ্নিহিত হৈ থাকে । সেয়েহে তেওঁলোকক উপযুক্ত নাগৰিক হিচাপে গঢ়ি তুলিবলৈ হ’লে শিশু অৱস্থাৰ পৰাই তেওঁলোকৰ সঠিক শাৰীৰিক আৰু মানসিক বিকাশৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ লগতে প্ৰতিজন শিশুৱে যাতে শিক্ষা লাভৰ পৰা বঞ্চিত হ’ব লগা নহয় , তাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় । কিন্তু সাম্প্ৰতিক সময়ত আমাৰ সমাজখন বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে । এই সমস্যা বিলাকৰ ভিতৰত আমাৰ দেশৰ এক জ্বলন্ত সমস্যা হ’ল শিশু শ্ৰমিক ।
শিশু শ্ৰমিক হ’ল এনে এক সামাজিক ব্যাধি যিয়ে এজন শিশুক শাৰীৰিক আৰু মানসিক বিকাশত বাধা দিয়াৰ লগতে তেওঁলোকৰ শৈক্ষিক আৰু মনোৰঞ্জনৰ প্ৰয়োজনীয়তাৰ পৰা বঞ্চিত কৰে । যি সময়ত শিশুসকলে নানা ৰং-ধেমালি কৰি পৰিয়াল তথা সমাজৰ লোকসকলৰ আদৰ যত্নৰ মাজত থাকি স্বাস্থ্য গঢ়াৰ অনুশীলন কৰিব লাগে , তেনে সময়তে ভাৰতবৰ্ষৰ অধিকাংশ শিশুৱে সোণালী শৈশৱ বিপন্ন কৰি পৰিয়ালৰ দুবেলা দুমুঠি খাদ্যৰ বাবে শ্ৰম কৰিবলৈ ওলাই যাব লগা হৈছে । ফলস্বৰূপে , শিশুসকল শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰ লগতে শাৰীৰিক আৰু মানসিকভাৱেও ক্ষতিগ্ৰস্ত হৈছে ।
বৰ্তমান ভাৰতবৰ্ষৰ বিভিন্ন উদ্যোগ প্ৰধানকৈ শিশু শ্ৰমিকৰ জৰিয়তে পৰিচালিত হৈ আছে । সেই উদ্যোগসমূহৰ ভিতৰত যেনে -- বস্ত্ৰ উদ্যোগ , আতচ্বাজী উদ্যোগ , কাৰ্পেট উদ্যোগ , চাহ উদ্যোগ , জুইশলা কাৰখানা , ইটাৰ ভাটা আদি । চৰ-চাপৰি অঞ্চলৰ শিশুসকলক বিশেষকৈ হোটেল , গৃহনিৰ্মাণ কাৰ্য , চাহৰ দোকান , পেট্ৰ’ল পাম্প আদিত নিয়োজিত হৈ থকা পৰিলক্ষিত হয় । বৰ্তমান ভাৰতবৰ্ষত উদ্যোগ প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে শিশু শ্ৰমিকৰ সংখ্যাও বৃদ্ধি হৈছে । সমগ্ৰ বিশ্বতে নিয়োজিত হৈ থকা প্ৰায় ১৫২ মিলিয়ন শিশু শ্ৰমিকৰ ভিতৰত প্ৰায় ১০.১ মিলিয়ন শিশু শ্ৰমিক ভাৰতত আছে । ২০০১ চনৰপৰা ২০১১ চনৰ ভিতৰত ভাৰতবৰ্ষত প্ৰায় ২৬ লাখ শিশু শ্ৰমিক হ্ৰাস পোৱা দেখা গৈছে ।
ভাৰতবৰ্ষত শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰধান কাৰণ হ’ল দৰিদ্ৰতা । ভাৰতবৰ্ষৰ অধিকাংশ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে । দৰিদ্ৰতাৰ বাবে বহুতো অভিভাৱকে তেওঁলোকৰ সন্তানসকলক এক বোজা হিচাপে গণ্য কৰে আৰু শিক্ষা গ্ৰহণৰ বাবে বিদ্যালয়লৈ নপঠিয়ায় । নিৰক্ষৰতাৰ বাবে বহু সময়ত অভিভাৱকসকল শিশু শিক্ষাৰ বাবে বিভিন্ন তথ্য আৰু আঁচনিৰ বিষয়ে অৱগত নহয় । কেইটিমান টকাৰ বিনিময়ত মৌখিক চুক্তি কৰিয়েই নিজৰ সন্তানক অন্য লোকৰ ওচৰত গতাই দিয়ে । শিক্ষাৰ অভাৱ আৰু তেওঁলোকৰ মাজত নিজৰ অধিকাৰৰ প্ৰতি সজাগতাৰ অভাৱে শিশু শ্ৰমিকসকলক উৎসাহিত কৰে । ফলত এই শিশুসকলে শৈশৱৰ সোণালী দিনবোৰ একাষৰীয়াকৈ থৈ একোটা পৰিয়াল পোহপাল দিয়াৰ এক বিশাল দায়িত্ব বহন কৰিবলগীয়া হয় । ইয়াৰোপৰি ভাৰতবৰ্ষত জনসচেতনতাৰ অভাৱ , কঠোৰ আইনী ব্যৱস্থাৰ অভাৱ , দুৰ্নীতি , শোষণ আদিৰ বাবেও শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি হোৱা দেখা যায় ।
শিশু শ্ৰমৰ ফলত শিশুৰ স্বাস্থ্য , শিক্ষা আৰু বিকাশৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰে । কিছুমান কাম-কাজত শিশু শ্ৰমিকক উৎপাদনৰ সকলো স্তৰতে জড়িত কৰা হয় । একেবাৰে কেঁচা সামগ্ৰী গোটোৱাৰ পৰা সুন্দৰভাৱে নিৰ্মিত সামগ্ৰীসমূহক নিৰ্দিষ্ট স্থানত দ’ম কৰি ৰখালৈকে কামত খটোৱা হয় । অৰ্থনৈতিক খণ্ডৰ য’তেই নহওক শিশুসকলে অপৰিষ্কাৰ পৰিৱেশৰ মাজত কাম কৰে । সিহঁতে সা-সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগসমূহত ধাতৱ আৰু অন্যান্য ধূলি-বালিৰ মাজত উশাহ-নিশাহ ল’ব লগা হয় আৰু তাৰ ফলত নানা ধৰণৰ বেমাৰত ভুগিব লগা হয় । তেনেবোৰ ৰোগৰ ভিতৰত উল্লেখযোগ্য হ’ল : ব্ৰংকাইটিজ জাতীয় এজ্মা (ৰেচম , বস্ত্ৰ , কাৰ্পেটৰ পৰা উদ্ৰেক হোৱা) , ছিলিকছিছ (আইনা প্ৰস্তুতকৰণৰ পৰা), এছবেছটচ (চিমেণ্টৰ পৰা) , যক্ষ্মা (বিড়ি প্ৰস্তুতৰ পৰা), টিটানাছ , চকুৰ ৰোগ (চিলাই কাম) আদি । তদুপৰি এটা ধাতৱ পদাৰ্থ নিৰ্মাণ কাৰ্যত গলিত ধাতুবোৰ সাঁচত ঢালোঁতে কৰ্মৰত শিশুৰ শৰীৰৰ কোনোবা অংশত পুৰি যোৱাৰ আশংকাই কেৱল নাথাকে , চকুৰ অনিষ্ট সাধন হোৱাৰো ভয় থাকে , গৰম লোহাৰ টুকুৰাবোৰ পিছলি পৰি আঘাত কৰাৰো আশংকা থাকে । ইয়াৰ কিছুমান ৰোগ আৰোগ্য কৰিবপৰা নাযায় ।
শিশু শ্ৰমে শিশুক শৈক্ষিক সুযোগ আৰু অত্যাৱশ্যকীয় দক্ষতাৰ পৰা বঞ্চিত কৰে । শিশু শ্ৰমিকসকলে সামাজিক বৈষম্যৰ সন্মুখীন হ’ব পাৰে । ধনী আৰু মধ্যবিত্ত পৰিয়ালত লগুৱা হিচাপে থকা শিশুসকল প্ৰায়ে গৰাকীৰ দ্বাৰা নিৰ্যাতিত আৰু পৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱাৰ আশংকা থাকে । অবিৰতভাৱে শাৰীৰিক আৰু মানসিক আঘাতত জৰ্জৰিত হোৱাৰ ফলত শিশুসকলৰ সুকুমাৰ বৃত্তিসমূহৰ অপমৃত্যু ঘটে । অনেক শিশুৱে মাদক দ্ৰব্য সেৱন , সামাজিক অপৰাধ আদিৰ সৈতে পৰিচিত হৈ পৰে । আকৌ সেই শিশুসকলৰ মাজৰপৰাই বহুতে চোৰ , ডকাইত , সন্ত্ৰাসবাদী বা অমানবীয় কাৰ্যকলাপত জড়িত হৈ পৰে ।
শিশু শ্ৰমিক ৰোধ কৰিবৰ বাবে কঠোৰ আইন থকা স্বত্ত্বেও আমাৰ সমাজৰপৰা ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই । ভাৰতবৰ্ষৰ সংবিধানৰ ২৪ নং অনুচ্ছেদত কোৱা হৈছে যে ১৪ বছৰৰ তলৰ কোনো শিশুৱে কামৰ বাবে কোনো বিপদজনক পৰিৱেশত নিয়োজিত হ’ব নালাগে । ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে শিশু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে বহুতো আইন প্ৰণয়ন কৰিছিল । এই আইনসমূহ, যেনে: শিশু আৰু কিশোৰ শ্ৰম (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন-১৯৮৬ , কাৰখানা আইন-১৯৪৮ , খনি আইন-১৯৫২ আদি ।
শিশু আৰু কিশোৰ শ্ৰম (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন-১৯৮৬ অনুসৰি , শিশুসকলক ‘শিশু’ (১৪ বছৰ বয়সৰ তলৰ ) আৰু ‘কিশোৰ’ (১৪ ৰপৰা ১৮ বছৰ বয়সৰ ভিতৰৰ) এই দুটা ভাগত ভাগ কৰিছে । ১৪ বছৰ বয়সৰ তলৰ শিশু বা ১৪ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক যিকোনো প্ৰতিষ্ঠানতেই নিয়োগ কিম্বা কাম কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে । এই আইনখনে স্বাস্থ্য আৰু সুৰক্ষাৰ মানৰ ওপৰত অনুমতি দিয়া আৰু গুৰুত্ব দিয়া চাকৰিবোৰত কামৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰে ৷ এই আইন উলংঘন কৰাসকলক ছয়মাহৰ পৰা দুই বছৰ পৰ্যন্ত কাৰাবাস বা ২০,০০০ টকাৰ পৰা ৫০,০০০ টকাৰ ভিতৰত আৰ্থিক জৰিমনা বিহা হ’ব পাৰে । ১৯৪৮ চনৰ কাৰখানা আইন মতে , ১৮ বছৰৰ তলৰ কোনো কিশোৰ-কিশোৰীক বিপদসংকুল কাম বা উদ্যোগ প্ৰতিষ্ঠানসমূহত কাম কৰিবলৈ নিষেধ কৰা হয় । শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন , ২০০৯ প্ৰণয়ন কৰি চৰকাৰে ছয় বছৰৰ পৰা চৈধ্য বছৰ বয়সৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা হৈছে । তদুপৰি কিছুমান বেচৰকাৰী সংস্থাইও শিশু শ্ৰমিক ৰোধ কৰাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াইছে । এই সংস্থাসমূহে আয়োজন কৰা বিভিন্ন আন্দোলন আৰু ইয়াৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজৰ সমৰ্থন আৰু সহযোগিতাই এনে পদক্ষেপৰ ফলপ্ৰসুতা আৰু অধিক বৃদ্ধি কৰে । দূৰদৰ্শন , অনাতাঁৰ , বাতৰি কাকত , প’ষ্টাৰ , শ্লোগান , বাটৰ নাট আদিৰ মাধ্যমেৰে সমাজ তথা ৰাইজক সজাগ কৰি শিশু শ্ৰমিক নিৰ্মূল কৰাৰ চেষ্টা চলাইছে ।
ইয়াৰোপৰি ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে ২০০২ চনৰ পৰা প্ৰত্যেক বছৰে ১২ জুন তাৰিখটো আন্তৰ্জাতিক শিশু শ্ৰমিক বিৰোধী দিৱস হিচাপে পালন কৰি অহা হৈছে । এই দিৱস উদ্যাপনৰ এটা প্ৰধান উদ্দেশ্য হ’ল চৰকাৰ , সংবাদ মাধ্যম , মহিলা সমিতি , যুৱ সমাজ , বিদ্যালয় আদিক বিষয়টিৰ সন্দৰ্ভত দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনোৱা ।
বিশ্বজুৰি থকা শিশু শ্ৰমিকৰ সমস্যা সমাধানৰ বাবে কেইটামান উপায় পৰ্যালোচনা কৰাটো অতিকৈ প্ৰয়োজনীয় । সেইবোৰ হ’ল : (১) ৰাষ্ট্ৰীয় পৰ্যায়ত শিশু শ্ৰমিকৰ বিষয়ে পৰ্যালোচনা (২) শ্ৰমৰ বজাৰত নিয়োগকৰ্তাক কঠিন চৰ্ত আৰোপ কৰা (৩) কৰ্মচাৰীৰ প্ৰকৃত বয়স তথ্যসহ নিৰূপণ কৰা (৪) বিপদসংকুল নিয়োগৰ ক্ষেত্ৰবোৰ নিৰূপণ (৫) বিপদসংকুল কৰ্মক্ষেত্ৰৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ কৰা আৰু (৬) কামৰ সময় নিৰ্ধাৰণ ।
শিশু শ্ৰম এক অপৰাধ । শিশু শ্ৰমিকৰ দৰে এই বৃহৎ অপৰাধৰ সমস্যা সমাধান কৰাটো কেৱল চৰকাৰৰ পক্ষে সম্ভৱপৰ নহয় । এই ক্ষেত্ৰত সমাজৰ সকলো লোক সচেতন হ’ব লাগিব । আৰ্থিকভাৱে অনগ্ৰসৰ লোকসকলৰ মাজত শিশু শ্ৰমিক বিৰোধী আইনৰ উলংঘনৰ ফলত হ’ব পৰা শাস্তিৰ বিষয়ে সমাজৰ একোজন দায়িত্বশীল ব্যক্তি হিচাপে আমি প্ৰচাৰ কৰাৰ লগতে তেওঁলোকৰ শিশু সন্তানসকলক স্কুললৈ পঠিয়াবলৈ উৎসাহিত কৰিব লাগিব আৰু নিজৰ চৌপাশে শিশু শ্ৰমিক নিয়োগ কৰাৰ দৰে কাৰ্য দেখিলে তাৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগিব । ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা ১০৯৮ হেল্পলাইন নম্বৰত ডায়েল কৰি শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযোগ পঞ্জীয়ন কৰিব পাৰে । শিশুসকলক মানৱতা আৰু মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব , যাতে প্ৰতিটো শিশুৱে নিজৰ মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে আৰু নিজৰ সম্পূৰ্ণ সম্ভাৱনাক উপলব্ধি কৰিব পাৰে । আমি একেলগে এক মানৱীয় মানসিকতা আৰু এখন বহল হৃদয় লৈ শিশু শ্ৰমৰ ছাঁৰ পৰা মুক্ত এখন পৃথিৱী গঢ়িবলৈ চেষ্টা কৰিব লাগিব য’ত প্ৰতিটো শিশুৱে লাভৱান হ’ব পাৰে ।
________________________
উৎসসমূহ : (১) আমি আৰু আমাৰ পৰিৱেশ (পাঠ্য তথা অভ্যসন পুথি ) : পঞ্চম শ্ৰেণী .
(২) মাহেকীয়া আলোচনী : পয়োভৰা ।
(৩) শিশু শিক্ষা সমিতি , অসমৰ বাৰ্ষিক মুখপত্ৰ : ভাৰতী (২০০৩ চনত প্ৰকাশিত) ।
(৪) সংবাদ পত্ৰ : নিয়মীয়া বাৰ্তা ( ১১ চেপ্তেম্বৰ, ২০২০ ত প্ৰকাশিত )
শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ
কাৰ্যালয় সহায়ক ,
বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়
কামৰূপ জিলা সংমণ্ডল ,আমিনগাঁও

0 Comments