গণিতৰ যাদু:
যাদু (1): আপোনাৰ বন্ধুৰ বয়স অনুমান কৰক
১ম স্তৰ: আপোনাৰ জন্মৰ বছৰটো লওক , ধৰক 1985 চন
২য় স্তৰ: বছৰটোত ১২ যোগ কৰক । (1985 + 12 =1997)
তৃতীয় স্তৰ: 2 ৰে ভাগ কৰক । (1997/2 = 998.5)
৪ নং স্তৰ: ৩য় স্তৰৰ উত্তৰৰ পৰা ১০০০ বিয়োগ কৰক । (1000 - 998.5=2.5)
৫ম স্তৰ: ফলাফলৰ সৈতে 10 গুণ কৰক ।(2.5 x 10 =25)
৬ নং স্তৰ: 5 নং স্তৰত পোৱা ফলাফলত 9 যোগ কৰক । (25+9=34)।
সেই উত্তৰটোৱেই আপোনাৰ বন্ধুৰ বয়স হ'ব ।
যাদু (2): উত্তৰ সদায় 15 হ’ব
আপুনি যি নম্বৰ বাছি নলওক কিয় ৷
• ১ম স্তৰ: এটা সংখ্যাৰ কথা ভাবিব , যেনে 279
• ২য় স্তৰ : ইয়াক 3 ৰে গুণ কৰক । গতিকে , 279 x 3 = 837
• তৃতীয় স্তৰ: এতিয়া উত্তৰত 45 যোগ কৰক । গতিকে , 837 + 45 = 882
• ৪ নং স্তৰ: উত্তৰটোক 2 ৰে গুণ কৰক । গতিকে, 882 x 2 = 1764
• ৫ম স্তৰ: এই উত্তৰটোক 6 ৰে ভাগ কৰক । ইয়াৰ ফলত আপুনি 1764/6= 294 পাব ।
• ৬ নং স্তৰ: এই উত্তৰৰ পৰা আপোনাৰ মূল সংখ্যা বিয়োগ কৰক ।
• ৭ম স্তৰ: তাৰ ফলাফল 294-279 = 15.
আচৰিত, নহয়নে ?
যাদু (3): উত্তৰ সদায়েই 37 হ'ব ।
১ম স্তৰঃ কোনো তিনিটা অংকৰ সংখ্যাৰ কথা ভাবিব , য’ত প্ৰতিটো অংক একে হয় । উদাহৰণ স্বৰূপে 333 , 666 , 777 আৰু 999
২য় স্তৰঃ সংখ্যাবোৰ যোগ কৰক ৷
৩য় স্তৰঃ তিনিটা অংকৰ সংখ্যাটোক স্তৰ 2 ৰ উত্তৰেৰে ভাগ কৰক ।
উত্তৰটো হ’ল 37
যাদু (4): Pi ৰ মান মনত ৰখাৰ উপায় ।
To remember the first seven digits of pi, count the number of letters in each word of the sentence:
"How I wish I could calculate pi."
This becomes 3.141592.
ৱাহিদুদ জামান
বিষয় শিক্ষক
ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়,
0 Comments