সাঁথৰঃ
(১) দিনে ৰাতি ঘূৰি থাকে , ছাবি নিদিলে ভাগৰি পৰে ।
উঃ ঘড়ী ।
(২) শোষক বীৰৰ ভাই , মূৰ দুপিয়াই তেজ খায় ।
উঃ তেজপিয়া ।
(৩) তুলা হেন ভাঁহে , শিল হেন তল পৰে ।
উঃ ভেকুলী ।
(৪) পেট আছে পেটু নাই , মুখ আছে জিভা নাই ।
উঃ কলহ ।
(৫) এজোৰ পক্ষী আছে কাকো কোনেও নেদেখে ।
উঃ চকু ।
(৬) পিটিকিলেই ভাঙে , দলিয়ালেও নাভাঙে ।
উঃ ভাত ।
(৭) গীত গায় , কথা কয় , মানুহ দুনুহ কোনো নাই ।
উঃ ৰেডিঅ'।
(৮) আগ তিতা গুৰি মৌ , কি কৰিছা ভেবেলি বৌ ।
উঃ কুঁহিয়াৰ ।
(৯) নদী নলা শুকাই গ'ল , গছৰ আগত পানী ৰ’ল ৷
উঃ নাৰিকল ।
(১০) ওপৰৰ পৰা পৰিল চিলা , গোটে গোটে মানুহ গিলা ।
উঃ চোলা ।
সংগ্ৰাহকঃ
তৃষ্ণা কলিতা
অষ্টম শ্ৰেণী , বকো মজলীয়া বিদ্যালয়
0 Comments