শাওণ মাহটো বলবম , শিৱ মন্দিৰত ভক্তৰ ভীৰ হয় । ভাদ মাহত আকৌ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে নামঘৰত নাম-প্ৰসঙ্গৰ গুঞ্জন ৷ কিন্তু এই দুই মাহত বিশেষকৈ শাওণ মাহত সাপৰ যথেষ্ট পয়োভৰ । এই মাহ দুটাত সাপৰ প্ৰজননৰ সময় । সেয়েহে আমি সাপৰ চলন-ফুৰণ দেখা পাওঁ ৷ আজি বিজ্ঞানৰ ইটো সিটো শিতানত সাপৰ বিষয়ে কিছু তথ্য আগবঢ়ালোঁ ।
(১) সৰীসৃপ প্ৰাণীৰ ভিতৰত সাপ এটা ডাঙৰ পৰিয়ালৰ অন্তৰ্গত ।
(২) সকলো সাপেই কণী নাপাৰে ৷
(৩) সাপৰ চকুত পতা নাথাকে । সেয়েহে সাপে চকু মেলি টোপনি মাৰে ৷
(৪) সাপে জিভাৰ সহায়ত গোন্ধ লয় ।
(৫) সৌৰশক্তিৰ সহায়ত সাপ শক্তিশালী হয় । বাহ্যিক উষ্ণতা আৰু পোহৰত সিহঁতে বেগাই যাব পাৰে ৷
(৬) শীত সাপৰ কাৰণে প্ৰধান দুৰ্বলতা । শীতৰ পৰা ৰক্ষা পাবলৈ সাপে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয় ।
(৭) টোপনিৰ সময়ত সাপৰ মগজু বন্ধ হৈ থাকে ।
(৮) ভৌগোলিক অৱস্থিতিৰ কাৰণে হয়তো নিউজিলেণ্ডত সাপ পোৱা নাযায় । ব্ৰাজিলত আকৌ প্ৰায় ৪০০ বিধমান সাপৰ প্ৰজাতি পোৱা যায় ।
(৯) গ্ৰীণ এনাকোণ্ডা পৃথিৱীৰ আটাইতকৈ বেছি ওজনৰ সাপ । এতিয়ালৈকে ২২৭ কিলোগ্ৰাম ওজনৰ এনাকোণ্ডা সাপ পোৱা গৈছে ।
(১০) সাপে তাপ দেখা পায় ৷
(১১) সাপ যিদৰে মৃত্যুৰ কাৰণ , সেইদৰে সাপৰ বিষে জীৱন দানো কৰিব পাৰে ।
(১২) কিছুমান সাপৰ প্ৰজাতিয়ে উৰিব পাৰে ৷
(১৩) সাপে নিজৰ ছালখন সলনি কৰিব পাৰে ।
(১৪) সাপৰ বাহ্যিক কাণ নাই যদিও সিহঁতে কোৱাৰিৰ কাষৰ দাঁতৰ পাৰিৰ সহায়ত শুনা পায় ।
(১৫) সাপৰ অন্য প্ৰাণীৰ দৰে মাত নাই মাথোঁ ফোচ্ফোচনি শব্দ কৰে ।
(১৬) পৃথিৱীৰ বিভিন্ন প্ৰান্তত প্ৰায় ২৯০০ বিধমান সাপৰ প্ৰজাতি পোৱা যায় ।
তীৰ্থমণি ডেকা
সহকাৰী শিক্ষক (বিজ্ঞান) ,
পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয় ,
কমলপুৰ শিক্ষাখণ্ড।
0 Comments