মোৰ দৃষ্টিত ২০৪৭ চনৰ (স্বাধীনতাৰ শতবাৰ্ষিকীত ) ভাৰতবৰ্ষঃ
২০৪৭ চনত সমগ্ৰ ভাৰতবৰ্ষতে ১০০ বছৰীয়া স্বাধীনতা দিৱস উদযাপন কৰা হ'ব ৷ মোৰ দৃষ্টিত ২০৪৭ চনত ভাৰতৰ যুৱ প্ৰজন্ম অধিক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল হৈ উঠিব ৷ ভাৰত এনেকুৱা এখন ৰাষ্ট্ৰ হ'ব য’ত সকলোৰে বাবে স্বাধীনতা আৰু সমতা থাকিব ৷ ২০৪৭ চনত আমাৰ যুৱ প্ৰজন্মই ভাৰতক দৰিদ্ৰতা , দুৰ্নীতি আৰু নিবনুৱা সমস্যাৰ পৰা মুক্ত কৰিব ৷ কোনো দুখীয়া ল’ৰা-ছোৱালী শিক্ষাৰ পৰা বঞ্চিত হৈ নাথাকিব ৷ সকলোৱে সমানে পঢ়াৰ সুবিধা পাব ৷ সেইসময়ত ভাৰতবৰ্ষত জাতি , ধৰ্ম , বৰ্ণ আৰু ধনী-দুখীয়াৰ মাজত কোনোধৰণৰ ভেদাভেদ নাথাকিব ৷ দুখীয়া পৰিয়ালৰ লোকসকলেও স্বাস্থ্য , শিক্ষা আদিৰ দিশতে হওক বা আন দিশতে হওক সকলো ধৰণৰ সা-সুবিধা পাব ৷ ২০৪৭ চনত আমাৰ যুৱ প্ৰজন্মই ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ অৰ্থনৈতিক শক্তিলৈ পৰিণত কৰিব বুলি আমি বিশ্বাস কৰোঁ লগতে আমাৰ যুৱ প্ৰজন্মই ভাৰতবৰ্ষৰ সামৰিক শক্তিক পৃথিৱীৰ ভিতৰত সৰ্বশক্তিশালী কৰি তুলিব বুলিও আমি গভীৰভাৱে আশাবাদী ৷ মই ২০৪৭ চনত ভাৰতক পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ ৰাষ্ট্ৰ হিচাপে চাব বিচাৰোঁ আৰু আশা কৰোঁ যাতে ভৱিষ্যতলৈ আমাৰ যুৱ প্ৰজন্মৰ প্ৰতিজনেই একোজনকৈ সুনাগৰিক হয় আৰু ভাৰতবৰ্ষক উন্নতিৰ পথত আগুৱাই লৈ যোৱাৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনতো ন ন উদ্ভাৱনেৰে ভাৰতক জিলিকাই তুুুলিবলৈ সক্ষম হয় ৷
ৰিয়া বৰা
অষ্টম শ্ৰেণী
কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়
0 Comments