header ads

অসমীয়া প্ৰবন্ধ, শিশুৰ বিকাশৰ বিলম্ব, নাজিজুল হক, ৫ম বছৰ-১ম সংখ্যা,

 শিশুৰ বিকাশৰ বিলম্ব



                    বিখ্যাত দাৰ্শনিক শিক্ষাবিদ ৰুছোৱে কৈছিল , “ শিশুক শিকোৱাৰ আগতে শিশুৰ বিষয়ে জানিব লাগে ৷" এই উক্তিৰ অৰ্থ হৈছে শিশুক শিক্ষাদানৰ পূৰ্বে শিশুটিৰ বয়স , দৈহিক আৰু মানসিক স্থিতি , অৱস্থা , স্বাভাৱিক ধাৰণা শক্তি , বিকাশৰ পৰ্যায় আৰু শিকাৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখিহে শিক্ষণ পদ্ধতি অৱলম্বন কৰিব লাগে ৷
             প্ৰতিজন শিশুৰ বিকাশৰ স্থিতি বা অৱস্থা একে নহয় ৷ বহু সময়ত শিশুৰ বিকাশৰ গতি মন্থৰ হোৱা পৰিলক্ষিত হয় । মন কৰিবলগীয়া কথাটো হ'ল এই মন্থৰ গতি বা বিলম্ব এক নিৰ্দিষ্ট বয়সলৈহে থাকে , পাছলৈ ই স্বাভাৱিক হৈ পৰে । বাস্তৱ ক্ষেত্ৰত দেখা যায় যে প্ৰায় অভিভাৱক আৰু শিক্ষকে এই বিলম্বক অক্ষমতা বা প্ৰতিবন্ধকতা বুলি ভাবি শিশুটিক শিক্ষাদানৰ প্রতি আওকাণ কৰে নতুবা আশা ত্যাগ কৰে । ফলস্বৰূপে শিশুটিৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰ হৈ পৰে । সেয়েহে এই বিষয়ত পিতৃ-মাতৃ আৰু শিক্ষকৰ যথাযথ জ্ঞান থকাটো নিতান্তই জৰুৰী ।
                 বিকাশৰ বিলম্ব কি -- what is Developmental delay ? 
                   যেতিয়া কোনো শিশুৱে বয়স অনুসৰি বিকাশৰ মাইলৰ খুঁটিত উপনীত হ'বলৈ সমৰ্থ নহয় তেনে অৱস্থাক 'বিকাশৰ বিলম্ব’ বুলি কোৱা হয় ৷ অৰ্থাৎ যেতিয়া কোনো শিশুৱে সমনীয়া শিশুসকলে কৰা স্বাভাৱিক ক্ৰিয়া কাৰ্যৰ তুলনাত দৈহিক আৰু মানসিক ক্ৰিয়া কলাপ প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় তেনে শিশুৰ বিকাশৰ বিলম্ব ঘটা বুলি অভিহিত কৰিব পাৰি ।
                বিকাশৰ মাইলৰ খুঁটি বুলিলে শিশুৰ শাৰীৰিক , মানসিক আৰু সামাজিক বিকাশৰ বিশেষ চিহ্ন বা পৰ্যায়ৰ কথা বুজায় । এই মাইলৰ খুঁটিসমূহ শিশুৰ বৃদ্ধি আৰু বিকাশৰ এক সূচক হিচাপে কাম কৰে । প্ৰত্যেকটো মাইলৰ খুঁটি শিশুৰ বয়স অনুসৰি বিভিন্ন দিশৰ বিকাশৰ সঠিক সময়ত হোৱা উচিত । 
                   এজন শিশুৱে ১ বছৰ বয়সত খোজ কাঢ়িবলৈ আৰম্ভ কৰে , সেইদৰে শিশুৱে ৩ বছৰ বয়সত কথা কোৱা , সমনীয়াৰ সৈতে খেলা আৰু সমস্যা সমাধান কৰিবলৈ সমৰ্থ হয় । যদিহে কোনো শিশুৱে ১ বছৰ বয়স পাৰ হোৱাৰ পাছতো খোজ কাঢ়িবলৈ আৰম্ভ নকৰে আৰু ৩ বছৰ পাৰ হোৱাৰ পাছতো কথা কোৱা আৰম্ভ নকৰে তেন্তে তেনে শিশুৱে বিকাশৰ মাইলৰ খুঁটিত উপনীত হোৱা নাই । অৰ্থাৎ তেনে শিশুক বিকাশত বিলম্ব হোৱা বুলি ধৰা হয় ।

 বিকাশৰ বিলম্ব (  Developmental delay )আৰু বিকাশৰ বাধাগ্ৰস্ততাৰ ( Developmental disability) মাজৰ পাৰ্থক্যঃ

বিকাশৰ বিলম্ব হৈছে এক অস্থায়ী শাৰীৰিক অথবা মানসিক নতুবা উভয় অৱস্থা । শিশুৱে সময়ৰ গতিত আৰু যত্নৰ ফলত বিকাশৰ মাইলৰ খুঁটিসমূহ আয়ত্ব কৰিবলৈ সমৰ্থ হয় । অৰ্থাৎ শিশুৱে পাছলৈ বয়স অনুসৰি কাৰ্যসমূহ কৰি যাবলৈ সমৰ্থবান হৈ পৰে ৷
        আনহাতে বাধাগ্ৰস্ততা বা প্ৰতিবন্ধকতা হৈছে এক স্থায়ী আৰু জীৱনব্যাপী দৈহিক অথবা মানসিক নতুবা উভয় অৱস্থা । প্ৰতিবন্ধী শিশুসকল সময় আৰু যত্নৰ বলত উন্নত হলেওঁ সম্পূৰ্ণৰূপে নিৰাময় হৈ নুঠে । প্ৰতিবন্ধী শিশুসকলক দৈনন্দিন কাম-কাজত আনৰ সহায়ৰ প্ৰয়োজন হয় ৷

 শিশুৰ বিকাশৰ বিলম্বৰ প্ৰকাৰঃ  
         শিশুৰ বিকাশৰ বিলম্বক প্ৰধানকৈ ৪ টা ভাগ কৰা হৈছে ৷ ক্ৰমে---
১) শাৰীৰিক বিকাশৰ বিলম্ব ( Motor delay): শাৰীৰিক বিকাশৰ বিলম্বত বিশিষ্ট শিশুৱে আঙুলিৰে সৰু বা ডাঙৰ বস্তু ধৰাত , বহা , থিয় হোৱা আৰু খোজ কঢ়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় ৷
২) ভাষাগত বিকাশৰ বিলম্ব ( Language or Speech delay)ঃ এইটোত শিশুৱে কথা কোৱা বা ভাষাৰ বিকাশত পিছ পৰি থাকে । শিশুৱে নিজৰ মত প্ৰকাশ কৰাৰ সময়ত শব্দ , বাক্যৰ  ব্যৱহাৰ যথাযথ নহয় লগতে আনৰ কথা বুজাত অসুবিধা পায় ।
৩) বুদ্ধিগত বিকাশৰ বিলম্ব ( Cognitive delay)ঃ  বুদ্ধিগত বিকাশৰ বিলম্বই শিশুৰ চিন্তাধাৰাৰ বিকাশত বিলম্ব বুজায় । শিশুৰ নিৰ্দেশনাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ , চিন্তা , স্মৃতি , সমস্যা সমাধান আৰু শিকাৰ সামৰ্থ ইত্যাদি বিলম্ব হয় ৷
৪) সামাজিক আৰু মানসিক বিকাশৰ বিলম্ব ( Social and Emotional delay)ঃ সামাজিক বিকাশৰ ক্ষেত্ৰত শিশুৱে আনৰ সৈতে নিজৰ ভাৱ প্ৰকাশ কৰাত , আনৰ সৈতে সু-সম্পৰ্ক স্থাপন কৰাত বা সামাজিক-মানসিক অভিব্যক্তি প্ৰদৰ্শন কৰাত সমস্যাৰ সন্মুখীন হয় ।

শিশুৰ বিকাশৰ বিলম্বৰ কাৰকঃ

           শিশুৰ বিকাশৰ বিলম্বৰ কাৰক কেইবাটাও হ’ব পাৰে । যেনে--জেনেটিক কাৰক , জন্মপূৰ্ব সমস্যা , চিকিৎসাগত সমস্যা , পৰিবেশজনিত কাৰক , অপুষ্টি ইত্যাদি ।

শিশুৰ বিকাশৰ বিলম্ব নিৰাময়ঃ

     শিশুৰ বিকাশৰ বিলম্ব নিৰাময় বাবে কিছুমান বিশেষ ব্যৱস্থাপনা অৱলম্বন কৰিবলগীয়া হয় । ই সম্পূৰ্ণৰূপে কাৰকৰ ওপৰত নিৰ্ভৰশীল । কেতিয়াবা সকলো বিকাশৰ বিলম্ব সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰিবও পাৰে , কিন্তু আগতীয়াকৈ চিনাক্ত কৰি উপযুক্ত থেৰাপী আৰু সহায় প্ৰদানৰ যোগেৰে বহু সময়ত উন্নতি সাধন কৰা সম্ভব হয় । ইয়াক নিৰাময় কৰাৰ কেইটামান উপায় হ'ল - থেৰাপী , বিশেষ শিক্ষাৰ সহযোগ , পুষ্টি আৰু স্বাস্থ্যসেৱা , আগতীয়া ব্যৱস্থাপনা , পৰিৱেশৰ সহায় , পিতৃ - মাতৃৰ বিশেষ যত্ন ইত্যাদি ।

               বিকাশৰ বিলম্ব শিশুৰ বাবে শিক্ষকৰ কৰণীয়ঃ
 
         বিকাশৰ বিলম্ব থকা শিক্ষাৰ্থীসকলক শিক্ষাদানৰ বাবে শিক্ষকে বিশেষ কৌশল আৰু পদ্ধতি অৱলম্বন কৰিব লাগে । শিক্ষকে বিশেষভাৱে ধৈৰ্য , সহানুভূতি আৰু কৌশলী পদক্ষেপেৰে শিক্ষাদান কৰাৰ প্ৰয়োজন হয় । শিশুৰ শিকাৰ প্ৰক্ৰিয়াক ফলপ্ৰসূ আৰু সুনিশ্চিত কৰাৰ বাবে শিক্ষকে তলত দিয়া পদক্ষেপসমূহ হাতত লব পাৰেঃ 

১) ব্যক্তিগত শিক্ষা আঁচনি। ( Individualized education plan)
২) শিক্ষাৰ্থীৰ মানসিক অৱস্থা আৰু বিকাশৰ গতিক সঠিকভাৱে দৃষ্টি ৰখা ।
৩) সহানুভূতি আৰু সমৰ্থন প্ৰদান কৰা ।
৪) সহজ , মনোগ্ৰাহী আৰু দৃশ্যভিত্তিক শিক্ষাদান কৌশল প্ৰয়োগ কৰা ।
৫) পৰিসৰ ব্যক্তিগতকৰণ আৰু নমনীয় শৈক্ষিক পৰিসৰ সৃষ্টি কৰা ।
৬) অধিক সময় আৰু ধৈৰ্যৰ সৈতে পৰীক্ষা আৰু মূল্যায়ণ কৰা ।
৭) পিতৃ - মাতৃৰ সৈতে নিয়মিত যোগাযোগ বজাই ৰখা ।
৮) পেশাদাৰ থেৰাপিষ্ট বা বিশেষজ্ঞৰ পৰামৰ্শ আহৰণ তথা সমন্বয় সাধন কৰা ৷

   পিতৃ-মাতৃ আৰু শিক্ষকে যুটীয়াভাৱে শিশুৰ যত্ন লৈ বিকাশত সহায় আগবঢ়াই গ’লে বিকাশৰ বিলম্ব থকা শিশুৰ উন্নতি সাধন কৰি মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা যায় ।



নাজিজুল হক 
সহ: শিক্ষক ,
বুনিয়াদী অভ্যসন বিদ্যালয় , ৰঙিয়া
মোবাইল নম্বৰ: ৯৭০৭৩৪৬৮২

Post a Comment

0 Comments