অনুভৱৰ এমুঠি নীলা...
(১)
খিল খিল কোমল হাঁহি –
কোনে হাঁহিলে বন-বননিৰ আঁৰ লৈ !!
নৈপৰীয়া আবেলিটো লাজত ৰঙা পৰিল
হাঁহি নহয় সেইয়া ―
বেলিফুল ফুলিলে আকাশত
নদীত তাৰে ৰঙবোৰে গা ধূলে ―
লাজ সামৰি হেঙুলীয়া বিয়লি ।।
(২)
হেৰাই যোৱাৰ আগতে নদীখনৰ ঠিকনাটো দিবা
মোহনাত ৰৈ আবেগৰ উমান ল'ম
কিয় ইমান বিহ্বল নদী !
হেৰাই যোৱাৰ দুখত নে
বিশালতাত বিলীন হোৱাৰ সুখত !!
(৩)
এই ব্যাকুলতাৰ শেষ ক'ত !!
ঢৌ লেখি লেখি এদিন স্বগতোক্তি কৰিছিলোঁ ―
সাগৰ তীৰত
কত উচ্ছল আবেগ উঠিছে নামিছে
বিশালতাৰ অযুত কাহিনী ঢৌৱে ঢৌৱে ৰচিছে
সুখৰ তৰংগত সেয়েই ছাগে সাগৰে পাহৰে ―
দিন আৰু ৰাতিৰ সীমা
সাগৰ মানেই
প্ৰেম আৰু প্ৰেৰণাৰ অন্তহীন কবিতা ।।
(৪)
আকাশত জোন আৰু সাগৰত জোনাকৰ ঢৌ
উধাতু খাই অহা এসাগৰ জোনাক বুকুত লৈ সেইৰাতি মই শুব নোৱাৰিলোঁ –
জোৱাৰে ঢৌৱাই থাকিল মোৰ শিতান-পথান
বুকুত এসাগৰ গৰ্জন লৈ সাগৰখননো কেনেকৈ শোৱে !
সেয়ে সাগৰে নোশোৱে কোনোদিনে ।।
(৫)
পুৰণি কবিতাৰ ৰাগি ― বিষাদ নীলা
যেন ধমনীত বৈ থকা তেজৰ নদী
শেষ হ'ব খুজিও শেষ নোহোৱা ৰাতিৰ বাঁহীৰ
কৰুণ ধ্বনি – ৰৈ ৰৈ বুকুত বাজে
এন্ধাৰ ফালি তোমাৰ দুচকুৰ সৰলতাত
দুটি তৰাফুল ফুলে ― নিভৃতে
এটি পুৰণি কবিতাই মোক বৰকৈ আমনি কৰে ।
দীঘল বাটটো কবিতাটোৰ পাছে পাছে আহি থাকে
মন্ত্ৰমুগ্ধ হৈ ।।
পূৰবী চুতীয়া
দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয় , বেলতলা
0 Comments