header ads

মহৎ লোকৰ বাণী l সংগ্ৰহঃ ফিদ্দোছা বেগম , ৫ম বছৰ- ২য় সংখ্যা,

 মহৎ লোকৰ বাণীঃ


* ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃ্ত্যুবৰণ কৰাই শ্ৰেয়। ——— মহাত্মা গান্ধী

* প্ৰকৃত শিক্ষাই মানুহৰ মৰ্য্যদা বঢ়ায় , তদুপৰি ই আত্মসন্মানো বৃদ্ধি কৰে। ——— ড° এ. পি. জে. আব্দুল কালাম

* সিদ্ধান্ত ল’ব নোৱাৰা মানুহতকৈ দুৰ্ভগীয়া আন কোনো নাই। ——— উইলিয়াম জেমছ

* চৰিত্ৰবান মানুহ পৱিত্র জলৰ নিচিনা , সিহঁত নিজেও পৱিত্ৰ আৰু আনকো পৱিত্ৰ কৰে।——— সত্যনাথ বৰা

* এই পৃথিৱীত মূৰ্খৰ বাহিৰে কোনেও চিন্তাহীনভাৱে জীয়াই থাকিব নোৱাৰে ।——— এলবাৰ্ট হাৱাৰ্ড

* অতীতৰ নিচিনাকৈ ভৱিষ্যতটোৱেও বৰ্তমানক প্ৰভাৱিত কৰে। ——— ফ্ৰেডেৰিখ নীৎসে

* তুমি যেন জীৱনৰ প্ৰতিটো দিনেই পৰিপূৰ্ণভাৱে জীয়াই থাকা , এয়ে মোৰ প্ৰাৰ্থনা। ——— জনাথন ছুইফট

* যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে আৰু জ্ঞানে পথ দেখুৱাই , সেইটোৱেই হ'ল ভাল জীৱন। ———বাট্ৰাণ্ড ৰাছেল

* সকলো বিজ্ঞানৰ আৰম্ভণি হয় দৰ্শন হিচাপে আৰু শেষ হয় কলা হিচাপে। ——— উইল ডুৰাণ্ড 

* নিজক সদায় আনন্দত ৰাখিবা ৷ আনন্দময় , উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন , দুৰ্বল , নিৰুৎসাহী মানুহৰ বাবে নহয় । ——— এমাৰ্চন 

* যি মানুহৰ ধৈৰ্য শক্তি আছে , তেওঁৰ অসাধ্য একোৱে নাই । ——— বেঞ্জামিন ফ্ৰেংকলিন । 

* কোনোৱে তোমাক সহায় কৰিব নোৱাৰে ৷ নিজেই নিজৰ সহায় হোৱা। ——— বুদ্ধদেৱ । 

* এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায় শিক্ষা লৈ আগবাঢ়ে। ——— ডেল কাৰ্নেগী৷

  সংগ্ৰহঃ
 ফিদ্দোছা বেগম
 অষ্টম শ্ৰেণী , কমলপুৰ চৰকাৰী    মজলীয়া বিদ্যালয়

Post a Comment

0 Comments