header ads

অসমীয়া প্ৰৱন্ধ l পুনৰ অসমক লৈ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ - ডঃ ৰক্তিম ৰঞ্জন শইকীয়া

 পুনৰ অসমক লৈ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ


             যোৱা কিছুদিন ধৰি এটা বিশেষ কামৰ বাবে আমাৰ কাষৰীয়া দেশ ম্যানমাৰৰ (পূর্বৰ ব্ৰহ্মদেশ) পৰা প্ৰকাশিত আৰু ম্যানমাৰৰ বিভিন্ন বুদ্ধিজীৱিয়ে লিখা কিতাপপত্ৰ অধ্যয়ন কৰি থকা হৈছে ৷ এনদৰে প্ৰায় ডেৰশতাধিক ম্যানমাৰ সম্পৰ্কীয় কিতাপ , প্ৰৱন্ধ , গৱেষণাপত্ৰ গোট খাইছিল ৷ এই কিতাপবোৰৰ মাজতে আছিল ‘দি বার্মিজ পলিটি , ১৭৫২-১৮১৯ঃ এ ষ্টাডি অফ কোনবাউং পলিটিকচ্ , এডমিনিষ্ট্ৰেচন এণ্ড ছ’চিয়েল অর্গেনাইজেচন (The Burmese polity, 1752-1819: A study of Kon Baung politics, administration, and social organization) নামৰ কিতাপখন ৷ ইং ১৯৯০ চনতে প্ৰকাশ পোৱা কিতাপখনৰ লেখক হ’ল উইলিয়াম জে কোৱেনিগ (William J. Koenig) ৷ কিতাপখন প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছিগান বিশ্ববিদ্যালয়ৰ ‘দক্ষিণ আৰু দক্ষিণপূৱ এচিয়া অধ্যয়ন কেন্দ্ৰ’ই (Center for South and Southeast Asian Studies) ৷ কিতাপখন লাহে ধীৰে পঢ়ি গৈ ২৮ নং পৃষ্ঠা পাওঁতেই ৰৈ যাবলগীয়া হ’ল ৷ ৰৈ যোৱাৰ কাৰণ হ’ল কিতাপখনৰ এটা উক্তি ৷ উক্ত উক্তিটোৰ মতে খ্ৰীষ্টীয় অষ্টাদশ শতিকাৰ পৰাই অসমখন হেনো ম্যানমাৰৰ কৰতলতীয়া আছিল ৷ ক’ত মৰে মৰক এতিয়া ৷ ৫৯৮ বছৰ জুৰি মহাপ্ৰতাপেৰে ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজত্ব কৰা স্বর্গদেউসকল উক্ত কিতাপৰ মতে উপঢৌকনৰ টোপোলা লৈ গতায়ত কৰি থকা মান ৰজাৰ কৰতলতীয়া ৰজা মাত্ৰ ৷
আমেৰিকান লেখকসকলৰ তথ্যৰ ব্যাখ্যা যিয়েই নহওঁক কিয় তেওঁলোকৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত বৌদ্ধিক সততাক স্বীকাৰ কৰিবই লাগিব ৷ কিন্তু এইমাত্ৰ উল্লেখ কৰা উক্তিটোৰ সপক্ষে লেখকে কোনো তথ্য উৎস দাঙি ধৰা নাছিল ৷ কোনো তথ্যসূত্ৰ অবিহনে এনে এটা অপমানজনক উক্তি কৰাৰ বাবে লেখকলৈ এটি প্ৰতিবাদটোকা পঠিয়াই ভুলৰ শুধৰণি দাবী কৰো বুলি চিন্তা কৰা হ’ল ৷ লগে লগে লেখকৰ পৰিচয় ঠিকনা বিচাৰি আন্তঃজালিকাৰ আশ্ৰয় ললোঁ ৷ দেখা পালোঁ উইলিয়াম জে কোৱেনিগ নামৰ লেখকজনে ইতিহাস সম্পর্কে বহুখিনি মূল্যৱান গ্ৰন্থ প্ৰণয়ন কৰিছে যদিও ক’তো লেখকৰ বৃত্তিগত পৰিচয় কি , ক’ত কাম কৰিছিল সেই বিষয়ে কোনো তথ্য বিচাৰি পোৱা নগ’ল ৷ কথাটো আচহুৱা পালোঁ ৷ সেয়ে আমি কিতাপখনৰ প্ৰকাশক মিচিগান বিশ্ববিদ্যালয়ৰ ‘দক্ষিণ আৰু দক্ষিণপূৱ এচিয়া অধ্যয়ন কেন্দ্ৰ’লৈ লেখকজনে প্ৰদান কৰা ভুল তথ্যৰ বিষয়ে অভিযোগ দি এখন পত্ৰ লিখিলোঁ ৷ উক্ত পত্ৰত লেখকৰ ঠিকনাও বিচাৰিলোঁ যাতে তেখেতৰ লগত যোগাযোগ কৰি ভুলৰ শুধৰণি কৰিব পাৰি ৷ আমাৰ বিভিন্ন সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ লগত যোগাযোগ কৰাৰ অভিজ্ঞতা আছে ৷ প্ৰতিবাৰেই আমি অতি উষ্ণ যোগাত্মক সহাঁৰি লাভ কৰিছিলোঁ ৷ কিন্তু প্ৰথমবাৰৰ বাবে মিচিগান বিশ্ববিদ্যালয়ৰ ‘দক্ষিণ আৰু দক্ষিণপূৱ এচিয়া অধ্যয়ন কেন্দ্ৰ’ৰ সঞ্চালকৰ পৰা ঋণাত্মক উত্তৰ পালোঁ ৷ সাধাৰণতে বিশ্ববিদ্যালয়বোৰৰ ৱেবচাইটত অধ্যাপক বা লিখক সকলৰ নাম ঠিকনা স্পষ্টকৈ লিখা থাকে ৷ উইলিয়াম জে কোৱেনিগৰ ক্ষেত্ৰতহে ব্যতিক্ৰম পালোঁ ৷ উইলিয়াম জে কোৱেনিগে প্ৰণয়ন কৰা গ্ৰন্থসমূহ হ’ল ক্ৰমে ছোভিয়েট মিলিটেৰী পাৱাৰ (Soviet Military Power), এপিক চি বেটলচ্‌ (Epic sea battles), আমেৰিকান এট ৱাৰঃ ফ্ৰম কলনিয়েল ৱাৰ টু ভিয়েটনাম (American at war: From Colonial wars to Vietnam) , বার্মিজ চিট-টানস ১৭৬৪-১৮২৬ঃ ৰেকর্ডচ্‌ অৱ ৰুৰেল লাইফ এণ্ড এদমিনিষ্ট্ৰেচন্‌ (Burmese Sit-Tàns 1764–1826: Records of Rural Life and Administration) , অভাৰ দি হাম্পঃ এয়াৰ লিফ্ট টু চাইনা  (Over the hump: airlift to China) , দি টু ৱর্ল্ড ৱাৰচ্‌ঃ এ গাইড টু মেনুস্ক্ৰিপ্ত কলেকচন্‌ ইন দি ইউনাইটেড কিংদম ( The two World Wars : a guide to manuscript collections in the United Kingdom) , ইউৰোপীয়ান মেনুস্ক্ৰিপ্ত চর্চ অৱ দি আমেৰিকান ৰিভলিউচন (European manuscript sources of the American Revolution) , ৱেপনচ্‌ অৱ ৱর্ল্ড ৱাৰ থ্ৰী (Weapons of World War III) ৷ প্ৰতিখন গ্ৰন্থৰ শিৰোনামটোৱেই কয় যে এই গ্ৰন্থকেইখন প্ৰণয়নৰ কাৰণে সংশ্লিষ্ট দেশৰ প্ৰতিৰক্ষা বিভাগৰ গোপন নথিপত্ৰবোৰ চাবলৈ সুবিধা লাগিব ৷ দেখা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ববিদ্যালয়সমূহত হোৱা গৱেষণাসমূহে ৰাষ্ট্ৰখনৰ বৈদেশিক নীতিকো প্ৰতিফলিত কৰে ৷ উইলিয়াম জে কোৱেনিগ নামৰ পৰিচয় লুকুৱাই ৰাখিব খোজা লেখকজনকো যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ ‘গভীৰ ৰাষ্ট্ৰ’ৰ (Deep state) মানুহ যেন বোধ হয় ৷
             উইলিয়াম জে কোৱেনিগৰ পাছত ঘূৰি থাকোতেই ২০২৩ চনৰ ৮ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ত ভাৰতৰ এগৰাকী আগশাৰীৰ অধিবক্তা কপিল চিবালৰ অসম সম্পর্কে এটা অদ্ভূত মন্তব্যলৈ মনত পৰি গ’ল ৷ ‘নাগৰিকত্ব সংশোধনী আইন’ৰ বিৰোধিতা কৰিবলৈ গৈ তেওঁ মন্তব্য কৰিছিল যে অসমখন হেনো ম্যানমাৰৰহে অংশ আছিল ৷ বিট্ৰিছ চৰকাৰেহে হেনো ইয়াক ভাৰতৰ অন্তৰ্ভুক্ত কৰিছিল (Assam was part of Myanmar: Advocate Kapil Sibal sparks row after remark n court, India Today Video Desk, December 8, 2023) ৷ পূর্বতে এক বিশেষ ৰাজনৈতিক দলৰ নেতা তথা মন্ত্ৰী কপিল চিবাল বর্তমানো এটা ৰাজনৈতিক দলৰ সদস্য হিচাপে সংসদৰ ৰাজ্য সভাৰ সদস্য হৈ আছে ৷ ৰাজ্য চৰকাৰে কপিল চিবালৰ এই মন্তব্যটোৰ বিৰোধিতা কৰি এটা কুহুমীয়া প্ৰতিবাদ টোকা পঠাইছিল ৷ কিন্তু আচৰিতভাৱে অসমৰ সদা সক্ৰিয় নাগৰিক সমাজৰ এই বিষয়টোত বিশেষ প্ৰতিক্ৰিয়া নেদেখাত আমি আচৰিত হৈছিলোঁ যদিও কপিল চিবালৰ মন্তব্যটো কেৱল বিচ্ছিন্ন উপৰুৱা উক্তি বুলি উৰাই দিবও নোৱাৰিলোঁ ৷ কপিল চিবাল আমাৰ প্ৰিয় ব্যক্তি কোনো দিনেই নাছিল যদিও তেওঁক পাতল জিভাৰ পতনুৱা মন্তব্য দি ফুৰা নেতা বুলিও গণ্য কৰা নাছিলোঁ ৷ ইং ১৮১৯ খ্ৰীষ্টাব্দৰ পৰা ১৮২৬ খ্ৰীষ্টাব্দলৈ মাত্ৰ ৭ বছৰ বর্তমানৰ অসমৰ একাংশ পূর্বৰ ব্ৰহ্মদেশৰ অধীনত আছিল ৷ কপিল চিবালে সেই কথা নাজানে বুলি মানি লোৱাটো টান ৷
       ভাৰতৰ ৰাজনীতি আৰু সমাজ জীৱনত দপদপাই থকা বহু নেতা তথা স্বেচ্ছাসেৱী অনুষ্ঠানৰ দেশৰ প্ৰতি দায়বদ্ধতাত আমাৰ সন্দেহ আছে ৷ বহুখিনিয়ে ‘পঞ্চম বাহিনী’ হিচাপে বিভিন্ন বিদেশী সংস্থাৰ হৈ কাম কৰি থকাৰ প্ৰমাণ চোৰাংচোৱা সংস্থাবোৰে সংগ্ৰহ কৰে যদিও বিভিন্ন কাৰণত এইবোৰ প্ৰকাশ নাপায় ৷ আনকি অসম আন্দোলনটোও আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থা CIA ৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত সংঘটিত হৈছিল বুলি ডঃ প্ৰনৱজ্যোতি ডেকাই তেখেতৰ আত্মজীৱনীত স্পষ্টকৈ উল্লেখ কৰিছে যদিও (মোৰ জীৱনত ৰাজনীতি আৰু সাহিত্য চর্চা , সোণৰ চামুচ মুখত লৈ , প্ৰথম প্ৰকাশ , পৃষ্ঠা ৩৫৭-৩৫৮) আন্দোলনকাৰী পক্ষৰ সেই সময়ৰ কোনো নেতাই উক্ত অভিযোগ তেখেতৰ জীৱিত কালত প্ৰত্যাহ্বান জনোৱা পৰিলক্ষিত নহ’ল ৷ অসম তথা উত্তৰ পূর্বাঞ্চলৰ প্ৰতি বিদেশী চোৰাংচোৱা সংস্থাসমূহৰ লুভীয়া দৃষ্টি তথা দেশত ‘পঞ্চম বাহিনী’ৰ প্ৰাদুৰ্ভাৱৰ বাবে কপিল চিবালৰ মন্তব্য আৰু উইলিয়াম জে কোৱেনিগৰ বাক্যটো কাকতালীয় বুলি গণ্য কৰাত অসুবিধা হয় ৷ 
         দক্ষিণ পূৱ এচিয়াক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক গোপন অভিসন্ধিৰ কথাটো একেবাৰে গোপন কথা নহয় ৷ উইলিয়াম জে কোৱেনিগৰ উক্তি , কপিল চিবালৰ উক্তি আৰু অসম ভাৰতৰ অংগ নহয় বুলি চলি থকা বাগধাৰাটোও আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেই অভিসন্ধিৰ ভিতৰৰ যেনেই প্ৰতীয়মান হয় ৷ মধ্যযুগৰ অসম বুৰঞ্জীবোৰ মন দি পঢ়িলেই উইলিয়াম জে কোৱেনিগৰ তথ্য আৰু কপিল চিবালৰ উক্তি উদ্ভত বুলি প্ৰমাণ হয় ৷ সমগ্ৰ ভাৰততে আহোমসকল দক্ষিণ চীনৰ য়ুন্নানৰ মংগমাওৰ পৰা অহা বুলি এটা ভুল ধাৰণা চলি আছে ৷ এই ভুলৰে গইনালৈ অসম , ম্যানমাৰৰ উত্তৰ অংশ , নগালেণ্ড আনকি বাংলাদেশৰো একাংশ সামৰি লৈ আমেৰিকা যুক্তৰাষ্ট্ৰই কৰি থকা পৰিকল্পনাটোত বিভিন্ন পক্ষই হাত উজান দিব বিচাৰিছে ৷ অতি সম্প্ৰতি বাংলাদেশৰ অস্থিৰতাও আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই পৰিকল্পনাৰেই অংশ ৷ 
         ১২২৮ খ্ৰীষ্টাব্দত মংগমাওৰ পৰা অসমলৈ শ্বানসকলহে আহিছিল ৷ আহোমসকল অহা নাছিল ৷ আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাৰ সন্তান ৷ চুকাফাৰ নেতৃত্বত অহা শ্বানসকলে অতি সোনকালেই স্থানীয় লোকৰ সৈতে সংমিশ্ৰণ কৰি আহোম নামৰ সাংস্কৃতিক গোটটোৰ গঠন কৰিছিল ৷ সর্বানন্দ ৰাজকুমাৰৰ ভাষাত ‘মৰাণ , বৰাহী , মটক , চুতীয়া , ব্ৰাহ্মণ , নগা , ভূঞা , গৰীয়া , গাৰো , মণিপুৰী , মিচিং , নটকলিতা কছাৰী আদি সকলো সৰু-বৰ জনগোষ্ঠীৰ লোকক জাতত তুলি লোৱা হ’ল (ইতিহাসে সোঁৱৰা ছশটা বছৰ , পৃষ্ঠা ৫২) ৷ সকলো জনগোষ্ঠীক জাতত তুলি লোৱাৰ পাছতে আহোম নামৰ সাংস্কৃতিক সত্বাটোৰ গঠন হৈছিল ৷
         পৰিহাসৰ কথা উইলিয়াম জে কোৱেনিগ বা কপিল চিবালসকলে আজি যেনেকৈ শ্বানসকল ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহি ‘আহোম’ হৈ পৰাৰ কথাটো উপলব্ধি কৰিব পৰা নাই ঠিক তেনেকৈ আজিৰ পৰা ৪০০ বছৰৰ আগতেও আহোম ৰাজ্যলৈ কৰ বিচাৰি অহা আহোমসকলৰ একাংশৰ পূর্বপুৰুষ শ্বানসকলেও উপলব্ধি কৰিব পৰা নাছিল ৷ সেয়ে খোৰাৰজাৰ ৰাজত্বকালত (১৫৫২-১৬০৩ খ্ৰীষ্টাব্দ) আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ অহা নৰা ৰজাই (শ্বান ৰজা) আহোম সেনাপতিক তাই ভাষাতে ককর্থনা কৰি কৈছিল—“নৰাৰ পৰানো আহিবৰ কতদিন হৈছে , চাৰিদিন নৌহওঁতে যে বুপাক ঘালিলি ?”(সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী , পৃষ্ঠা-২৮)৷ অর্থাৎ পিতৃভূমিৰ পৰা অহাৰ ৩৭০ বছৰৰ পাছতেই ব্ৰহ্মপুত্ৰ উপত্যকালৈ অহা শ্বানসকল সম্পূর্ণৰূপে আহোম হৈ গৈছিল ৷ ৰুদ্ৰ সিংহৰ দিনলৈ আহোমসকলে সর্বভাৰতীয় ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ কৰা আৰম্ভ কৰিছিল ৷ ৰুদ্ৰ সিংহই পূৱ ভাৰতৰ সকলো ৰজালৈ বার্তা পঠাইছিল—“আমি হিন্দুধর্ম্মস্থ ৰাজাসকল বিদ্যমানে থাকিতে যৱনে ধর্ম্মনষ্ট কৰে ৷ এই কাৰণে সকলো একবাক্য হয়া যৱনক নিগ্ৰহ কৰি ধর্ম্ম ৰক্ষা কৰিলে যিখান হয় তাহাক তেম্রা জ্ঞাত আছে” (ত্ৰিপুৰা বুৰঞ্জী , পৃষ্ঠা ১) ৷ ৰুদ্ৰ সিংহই ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে ধর্মৰ আশ্ৰয় লোৱাৰ কথাটোক আজিৰ মানুহে সমর্থন নকৰিলেও সেইকালত সিয়েই স্বাভাৱিক আছিল ৷ 
        শ্বানসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম সংস্কৃতিৰ সৃষ্টি কৰি সুদীর্ঘকাল ৰাজ্য চলোৱাৰ পাছত অসমীয়া জাতিসত্বাৰ সাহটো গঠন কৰাৰ পাছতো আহোম ৰাজ্যক ব্ৰহ্মদেশৰ কৰতলতীয়া কৰি দেখুওৱাবলৈ চলোৱা যত্নটো অঞ্চলটোত অস্থিৰতা সৃষ্টি কৰিব খোজা গোলকীয় ষড়যন্ত্ৰৰ অগ্ৰভাগ মাত্ৰ ৷ আমি ইয়াৰ বিৰূদ্ধে সচেতন হোৱাৰ লগতে এই ষড়যন্ত্ৰৰ লগত জড়িত ভাৰতীয় মুখবোৰো চিনি থোৱা উচিত ৷
ডঃ ৰক্তিম ৰঞ্জন শইকীয়া
চলভাষ: ৯৮৫৯৩৪৪৭১৭

Post a Comment

0 Comments