header ads

অসমীয়া কবিতা l মোৰ আই- শ্ৰীশেৱালী বৈশ্য, ৫ম বছৰ- ২য় সংখ্যা

 মোৰ আই



আই মোৰ মৰমৰ
আই মোৰ চেনেহৰ
    আই মোৰ বুকুৰে ধন 
তোমাৰ চেনেহী কোলাতে আই 
  লভিলোঁ মই জনম ৷
প্ৰতিটো খোজ তোমাৰ 
     কোলাতেই থৈ আই
হ’লো মই ডাঙৰ-দীঘল
তোমাৰ প্ৰতিটো কথাতে আই 
পাওঁ মই বিশ্বাসৰ থ’ল ৷
মই দেখা সপোনবোৰ আই 
  তুমিয়েই দিলা দিঠকত ৰূপ 
তোমাৰ মৰমবোৰত আছে আই 
    হাচ্‌নাহানা ফুলৰ গোন্ধ ৷
তোমাৰ বুকুত বাজে আই
    মোৰ প্ৰতিটো খোজৰ প্ৰতিধ্বনি !
দূৰতে গম পোৱা মোৰ কণ্ঠৰ গুণ-গুণনি
   নৰিয়াত পৰিলেওঁ আই
    তুমি মোৰ কাষতে থাকা
ওৰে ৰাতি উজাগৰে থাকি 
মনে মনে চকুলো টোকা ৷
মোৰ প্ৰতিটো দুখৰ হোৱা তুমি সমভাগী 
প্ৰতিটো বিজয়ত পোৱা সৰগ ঢুকি ৷
তোমাৰ দৰে হ’ব কোন আই
তোমাৰ যে তুলনা নাই ,
বাঢ়োক ভকতি মোৰ তোমাৰ চৰণত
     অ’ মোৰ সাদৰী আই ৷
   
শ্ৰীশেৱালী বৈশ্য 
প্ৰধান শিক্ষয়িত্ৰী ,
শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয় ,
হাজো শিক্ষাখণ্ড

Post a Comment

0 Comments