header ads

অসমীয়া কবিতা I হেঁপাহৰ ব’হাগ l নৱজ্যোতি কুমাৰ l ৫ম বছৰ- ৩য় সংখ্যা

 হেঁপাহৰ ব’হাগ 



ফাগুনৰ পছোৱা নেওচি
চ'তৰ লঠঙা ভেদি
ধৰালে আকৌ আগমন ব’হাগৰ |
গছে-বনে মেলিলে কুঁহিপাত
বসুমতী আজি জীপাল
চোৱা, আমবোৰে মলিয়াইছে
কঁঠালে পেলাইছে মুচি
গছৰ ডালত ফুলিছে
চেনেহীৰ আদৰৰ কপৌফুল ,
পাতৰ আঁৰত লুকাই
কুলি-কেতেকী মইনা সখিয়তীয়ে
বিলাই ফুৰিছে অসমীয়াৰ  মন-প্ৰাণত
বতৰা আজি বিহুৰ ৷
যঁতৰত আঙুলিৰ উচপিচনি
তাঁত-শালত মাকোৰ ততা-তৈয়া 
গামোচা লৈ ৰৈ আছে 
কোন কাৰ পদূলিত !
গাঁৱে-ভূঞে চহৰে নগৰে
কিহৰ আখৰা কিহৰ কৰ্মশালা
ঢোলৰ ছেৱত কাৰ ভাঙিছে কঁকাল !
কত যে আদৰৰ কত যে চেনেহৰ
নতুন আশা নতুন সৃষ্টিৰ
এয়াই ব’হাগ হেঁপাহৰ ব’হাগ ৷

নৱজ্যোতি কুমাৰ 
সহঃ শিক্ষক ,
ঘটনগৰ মধ্য ইংৰাজী বিদ্যালয়

Post a Comment

0 Comments