ই-আলোচনী -জ্ঞানম
তত্বাৱধায়িকাৰ একলম
ই-আলোচনী -জ্ঞানম
তত্বাৱধায়িকাৰ একলম
সৃষ্টিৰ কঠীয়া সিঁচি যাদুকৰী কণ্ঠৰ ন ন সৃষ্টি হেৰাই গ'ল
চিৰদিন চিৰকালৰ বাবে।
শৈক্ষিক গোট , জ্ঞানম কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা , কামৰূপৰ সহযোগত প্ৰকাশিত ই-আলোচনী 'জ্ঞানম' ৰ ৬ষ্ঠ বছৰ প্ৰথম সংখ্যাটো অসমীয়াৰ প্ৰানৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱৰ জন্মদিনৰ লগত সংগতি ৰাখি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি জুবিনদাৰ নামত উচৰ্গা কৰিলোঁ ।
১৯ ছেপ্টেম্বৰ,২০২৫ অকল অসমবাসীৰ বাবেই নহয় বিশ্বৰ বাবে এটি অভিশপ্ত দিন । ছিংগাপুৰত অনাকাঙ্খিত পৰিবেশত যুগনায়কৰ মহাপ্ৰয়ানত আমি আটাইয়ে শোকত ম্ৰিয়মান হৈ আছোঁ । অত্যন্ত হৃদয় বিদাৰক, মৰ্মান্তিক পৰিঘটনাৰ সাক্ষী হ'বলগীয়া হোৱা এটা অতি দুখৰ দিন । অসমীয়াৰ অমৃত কণ্ঠ, সাংস্কৃতিক পথাৰখনৰ নিস্বাৰ্থ অভিভাৱক, আৰ্তজনৰ হাতৰ লাখুটি,এক নিৰ্ভীক প্ৰতিবাদী কণ্ঠ আছিল শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱ।অসমীয়া জাতিৰ এক মহান সত্তা, নৱ প্ৰজন্মৰ প্ৰেৰণা, দুখীয়াৰ বন্ধু জুবিনদা মায়বিনী হৈ গুছি গ’ল। জুবিনদাক কায়িকভাৱে নাপাওঁ, সেয়া অবিশ্বাস্য হ’লেও চিৰসত্য । সকলোকে কন্দুৱাই শান্তিৰ শীতল কোলাত শুই থকা দৃশ্যৰ সাক্ষী হোৱাটোও আছিল অসম বাসীৰ বাবে বৰ কষ্টকৰ।
শৈক্ষিক গোট, জ্ঞানম,কামৰূপৰ পৰিয়ালৰ তৰফৰ পৰা গৰিমা গাৰ্গ,(জুবিন দাৰ পত্নী )পিতৃ তথা ভগ্নী, পৰিয়ালৰ আন সদস্য সকলক সমবেদনা জনাইছোঁ।
পৰম আত্মা গণশিল্পী, আমাৰ প্ৰাণৰো প্ৰাণৰ জুবিনদা যুগে যুগে অমৰ হৈ থাকক , তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু গৰিমাবৌক জীয়াই থকাৰ বাবে ভগৱানে শকতি প্ৰদান কৰক। জয় জুবিনদা ।
তেখেতৰ সৃষ্টি ৰাজি জ্ঞানমৰ মজিয়াত যাতে সজীৱ কৰি ৰাখিব পাৰো, সেই উদ্দেশ্যে জ্ঞানমৰ ৬ষ্ঠ বৰ্ষৰ প্ৰথম সংখ্যাটোত জুবিন গাৰ্গৰ বিষয়ে লেখা প্ৰবন্ধ, গল্প, কবিতা, আদি প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হৈছে । সেই অনুসৰি ছাত্ৰ, শিক্ষাৰ্থী,শিক্ষক সমাজ আৰু শিক্ষানুৰাগী ব্যক্তিৰ পৰা বিভিন্ন লেখনিৰে এই সংখ্যা টো সন্নিবিষ্ট কৰি সম্পাদনা সমিতিয়ে যথা সময়ত প্ৰকাশ কৰিবলৈ সক্ষম হোৱা বাবে তেখেত সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
আলোচনীখন প্ৰকাশ কৰোতে অজানিতে হোৱা ভুল-ত্ৰুটিৰ মাৰ্জনা বিচাৰিছোঁ ।
ই-আলোচনী জ্ঞানমে শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ গৱেষণাধৰ্মী , সৃষ্টিশীল আৰু ভিন্নসুৰী লেখা প্ৰকাশ কৰাৰ লগতে ভাষা-চৰ্চা , মননশীল পঢ়ুৱৈ আৰু নতুন লেখকৰ সৃষ্টিত মনোনিৱেশ কৰাৰ প্ৰয়াসত যৎপৰোনাস্তি চেষ্টা আৰু গুৰুত্ব প্ৰদান কৰি আহিছে ।
এই ক্ষেত্ৰত আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ।
আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ …..
শ্ৰদ্ধাৰে--
ফুলপাহি নাথ ,
তত্বাৱধায়ক , ই-আলোচনী জ্ঞানম আৰু জিলা
আঁচনি বিষয়া , সমগ্ৰ শিক্ষা , কামৰূপ , আমিনগাঁও I
.jpg)

0 Comments