মই জুবিন গাৰ্গ
সৌ সিদিনা যে গাইছিলো
"সাগৰ তলিত শুবৰ মন"
আজি সেয়ে শুয়েই দিলো ।
সাগৰৰ পৰা আজি মই সৰগত ।
ওচৰত দেখিছো মা আৰু জংকি ।
তেওঁলোকৰ লগত কথা পাতি শেষেই নহয়চোন ।
মই কৈছো, বোলো-
"আজি অসমত হাজাৰ হাজাৰ বন্তি জ্বলিছে
আৰু বাজিছে মায়াবিনীৰ ধ্বনি ।
পিছে অসমবাসীয়ে অলপ অভিমানো কৰিছে,
মই যে হঠাৎ গুচি আহিলো ।"
সেয়া যিয়েই নহওঁক,
অসমবাসীয়ে মোৰ কথা ৰাখিছে,
আজি অসমত মায়াবিনীৰ সুৰ বাজিছে ।
নৱম শ্ৰেণী
আদৰ্শ বিদ্যালয়, দোকুছী
শিক্ষাখণ্ড : ছমৰীয়া


0 Comments