এটা যুগৰ অৱসান
এটা যুগৰ অৱসান ঘটিল,
তথাপিও গানেৰে
লক্ষকোটিৰ মন আকাশত
আজিও সূৰ্য হৈ ৰ'লা ।
এজন শিল্পী, এজন সেনানী—
তুমি আছিলা প্ৰতিধ্বনি—
আশাৰ, প্ৰেমৰ, বিদ্ৰোহৰ ধ্বনি
কি বিৰহ, কি আনন্দ
তোমাৰ গান অবিহনে
সকলো যেন অসাৰ ।
শিশুৰ সপোন তুমি,
কৈশোৰৰ মৰমীয়াল হাঁহি তুমি,
যুৱক-যুৱতীৰ চেপা কণ্ঠত
গুঞ্জৰা 'প্ৰেম'ৰ অম্লান সংসাৰ তুমি
বৃদ্ধাৰ স্মৃতি, ভকতৰ ভক্তি,
নিছলাৰ শক্তি তুমি ।
আছিলা মঞ্চত বজ্ৰৰ দৰে
কেতিয়াবা কোমল বতাহৰ দৰে,
সুৰতে সুৰ ৰচি সহস্ৰজনক
দেখাইছিলা নিজৰেই প্ৰতিচ্ছবি।
গানৰ মাজেৰে তুমি দাঙি ধৰিলা
সাহসী প্ৰজন্মৰ কন্ঠস্বৰ।
এটা যুগৰ অৱসান ঘটিল
মহীৰুহ আজি ম্লান হʼল
অশ্ৰুভৰা হ'ল অলেখ চকু ,
কিন্তু যুগান্তৰে তুমি অংকুৰিত হ’বা
আকৌ ঝংকাৰিত কৰিবা
লক্ষকোটি হৃদয় ।
সহকাৰী শিক্ষক
তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : বকো


1 Comments
সুন্দৰ প্ৰকাশ। ভাল পালোঁ।
ReplyDelete