header ads

অসমীয়া কবিতা I মৃত সঞ্জীৱনী I স্বপ্না হাজৰিকা I ৬ষ্ঠ বৰ্ষ ১ম সংখ্যা

 মৃত সঞ্জীৱনী 



হুমুনিয়াহৰ হাঁহাকাৰ 
শৰবিদ্ধ সময়ৰ কোৰ্হাল উন্মাদ 
দু:সময়ৰ দুৱাৰদলিত আশাৰ শৰাধ ।

শিতানত অহৰহ উকমুকাই থাকে 
প্ৰশ্নবোধকৰ পাগলাদিয়া নৈ
সদুত্তৰ বিচাৰি দিশহাৰা হয়
জুবিন যুদ্ধৰ সেনানী .....

নিশা পৰে পৰে ভাঁহি আহে
সু্ৰৰ সোৱনশিৰি,নিভাঁজ নিচুকনি
লৈ আহে অনামিকা আগলী
পথৰ কাষৰ বিশালকাৰ হৰডিঙত
নিমাত ছবি হৈ ৰৈছা তুমি,
ৰৈ ৰৈ বিনায় মায়াময় জীৱন
মাথোঁ তুমিয়েই আছিলা মৃত সঞ্জীৱনী

আইৰ আঁচল ফালি চিৰাচিৰ হ'ল
অচিন সাগৰলৈ তোমাৰ বাৰ্তা
কোনেনো কঢ়িয়াই লৈ গ'ল ?
তোমাৰ ঠিকনাৰ আঁত হেৰোৱা বাট
সাগৰ তলিৰ বেপৰোৱা আলিবাট,
অশুভ শক্তিৰ শিলান্যাস....
কেনি হেৰাল সেই
অনুৰাধা নগৰীৰ উদাসিনী গধূলি 
চুলে শিয়ৰি উঠে বিনিদ্ৰ বিপনী ।
দীঘলীপুখুৰীৰ পাৰৰ বিৰিখে বিনায়
সেউজীয়া আহিনতো শোকে বৰদৈচিলা হৈ কোচায়
হেনো কেঁচু খান্দোতে সাপ ওলায় আৰু সোমায়
অহৰহ মায়াবিনী আৱেগত বৰলুইতৰ পাৰ শুকায়
অবাক বিস্ময়ত প্ৰেয়সী তোমাৰ বিষাদগ্ৰস্থ
দেউতাৰ পদূলি , উদুলি-মুদুলি ,
শব্দৰহে নাই অস্তিত্ব ।

একালৰ কাঞ্চনজংঘা অনিৰুদ্ধ
আজি নিৰুপায়,নি:শব্দ, বাকৰুদ্ধ
"পলিটিক্স নকৰিবা বন্ধু ।"
মাথোঁ সোঁৱৰাই যায়।
ৰৈ আছা তুমি ধূপ, নৈবদ্যৰ
ফুলশয্যা হৈ
থাকিবা সদায় আমাৰ চকুত ভগৱানৰেই অংশ হৈ ।

স্বপ্না হাজৰিকা
প্ৰাক্তন শিক্ষয়িত্ৰী
২৭০ নং শ'লমাৰী প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড : কৰৰা

Post a Comment

0 Comments