header ads

অসমীয়া কবিতা I ভুল নুবুজিবা জুবিনদা I তীৰ্থমণি ডেকা I ৬ষ্ঠ বৰ্ষ ১ম সংখ্যা

 ভুল নুবুজিবা জুবিনদা

   

অতি আবেগিক আমিবোৰে

আবেগত লওঁ সংকল্প বহুতো.... 

তুমি অবিহনে

দুখৰ সাগৰৰ পৰা উঠি আহিছে বহুজন

আমি একেলগ হৈ থাকিব নোৱাৰোঁ । 

'শিয়াল নীলা হলেও হোৱা দিবই'

স্ব-কৰ্ম, স্ব-ধৰ্ম এৰি নিদিয়ে কোনেও । 

পলিটিক্স বেয়া পালেও তুমি

সকলোতে ৰাজনীতি হৈ আছা

তোমাক ভগৱান সজাবলৈ গৈ

বহুজন অসুৰত পৰিণত হৈছে । 

প্ৰতিযোগিতাত নামিছে সকলোৱে

তোমাক ভালপোৱাৰ ক্ষেত্রত প্রথম হ'বলৈ

তোমাৰ প্ৰতিমুৰ্তি সজাত প্রথম হ'বলৈ

তোমাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ জাকজমক অনুষ্ঠান পাতিবলৈ । 

সাধু শুনি সময় কটোৱা আমিবোৰক আকৌ 

তোমাৰ সাধু শুনোৱাত ব্যস্ত

শাসক বিৰোধীয়ে নিজৰ ধৰণে । 

গুৰুজনাক নিজৰ কৰিছে এভাগে

লাচিতক ঢাল কৰিছে এভাগে

ভূপেন মামাক কোনেও ভাগত লোৱা নাই এতিয়াও

তুমিহে কাৰ ভাগত পৰা সময়ত....

অপেক্ষা কৰিব লাগিব মাথো

ভুল নুবুজিবা জুবিনদা ।


তীৰ্থমণি ডেকা

সহকাৰী শিক্ষক

পূবপাৰ মডাৰতোলা উচ্চ মাধ্যমিক বিদ্যালয়

শিক্ষাখণ্ড : কমলপুৰ

Post a Comment

1 Comments