header ads

অসমীয়া কবিতা I ঈশ্বৰ পুত্ৰৰ বাবে I কৰবী নাথ I ৬ষ্ঠ বৰ্ষ ১ম সংখ্যা

 ঈশ্বৰ পুত্ৰৰ বাবে



ভালপোৱাৰ বৰষুণত আমাক 
জুৰুলি-জুপুৰি কৰি 
মানুহজন গুছি গ'ল 
অহা বাটেদি আঁতৰি ।
মIয়াবিনি ৰাতিৰ বুকুত 
গাবলৈ নাহে কোনোদিন ।
সাগৰ তলিত শুবৰ মন 
সঁচাই সাগৰত চিৰ নিদ্ৰাত ।।
জোনাক গলা জাৰৰ নিশা 
তেওঁক লগ পাবলৈ 
এতিয়া ঠিকনা মাথো
সোণাপুৰ, সোণাপুৰ কমাৰকুছি ।।
পলিটিক্স বেয়া পোৱা মানুহজনৰ বাবে
এটাই মাথোঁ বাক্য
য'ত নাই কোনো পলিটিক্স ।

কৰবী নাথ
সহকাৰী শিক্ষয়িত্ৰী
ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড : ছয়গাঁও

Post a Comment

0 Comments