সম্পাদকীয়
"মোৰ কোনো জাতি নাই
মোৰ কোনো ধৰ্ম নাই
মোৰ কোনো ভগৱান নাই
মই মুক্ত
ময়েই কাঞ্চনজংঘা"
গীতেৰে, সুৰেৰে মানুহৰ মনত বীণাৰ ঝংকাৰ তোলা সাহসৰ জীৱন্ত দলিল, প্ৰেৰণাৰ অনন্ত প্ৰতীক, গতিশীল সত্তা জুবিন গাৰ্গ । ১৯ চেপ্তেম্বৰ, ২০২৫ । কোনো কাহানিও অসমীয়াই নভবা খবৰটোৱে কঁপাই তুলিছিল প্ৰতিজন অসমীয়াৰ অন্তৰ আত্মা । অসমীয়া সংগীত জগতৰ সূৰ্য্য সুদূৰ ছিংগাপুৰৰ সাগৰ তলিত চিৰনিদ্ৰাত ঢলি পৰিল ।অসহনীয় এই বিদায় !!!
ক্ষুদ্ৰ ৰাজনৈতিক অভিপ্ৰায়ৰ পৰা বহু নিলগত জুবিন আছিল অসম আৰু অসমীয়াক প্ৰাণভৰি ভালপোৱা নিস্বাৰ্থ যোদ্ধা । সামাজিক ভাৱে সদা জাগ্ৰত সমাজ সচেতন শিল্পীজনে নিজৰ সংগীত, জীৱন দৰ্শন আৰু আদৰ্শৰ জৰিয়তে অসমীয়া জাতীয়তাবাদক দিছিল নতুন দিশ ।
প্ৰতি শৰতৰ প্ৰভাতী ফুলে
ক'ব তোমাকেই মোৰ কথা
প্ৰতি মেঘালী নিশা জোনে
ক'ব তোমাকেই মোৰ বেথা...
অসমভূমিৰ যেনিয়েই চাওঁ সকলো দিশে আজি একেই আৱেগ, একেই যন্ত্ৰণা । মানৱ সেৱাৰ বাবে সৰ্বদা নিজক প্ৰস্তুত ৰখা মানুহজন নোহোৱাৰ বেদনাত ম্ৰিয়মান এটা জাতি । মহাপুৰুষ শংকৰ-মাধৱ, জ্যোতি-বিষ্ণুৰ পৰা অসমীয়া সাহিত্য-সংস্কৃতিৰ প্ৰবাহমান সুৰীয়া জ্যোতিৰ ধাৰা ড° ভূপেন হাজৰিকা হৈ বৈ আহি জাতি প্ৰেমৰ অমৰ সুঁতি জুবিন গাৰ্গত অন্ত পৰিল ।
কেতিয়াবা ইউক্লিপটাছৰ দৰে ওখ হ'ব খুজি আকৌ কেতিয়াবা সাগৰ তলিত শুবলৈ মন কৰা, ৰুদ্ধ বতাহৰ বিৰুদ্ধে যু্ঁজ কৰা খেয়ালী মনৰ শিল্পীজনাৰ চিন্তা-কৰ্মৰ অনেক বৈপৰীত্যৰ মাজতো ফুটি উঠে কেৱল অসম আৰু অসমীয়াৰ প্ৰতি নজহা-নপমা ভালপোৱা । অসমৰ সংস্কৃতিৰ বৰ ভঁৰাল সমৃদ্ধ কৰি,অনেক বাধা নেওচি, ঘাত-প্ৰতিঘাত বুকু পাতি অক্লান্ত পথিক হৈ অবিৰত ৰাখিলে অগ্ৰগামী যাত্ৰা অসীমলৈ । অসমীয়াৰ মন মগজু যোৱা তিনিটা দশক সংগীত মূৰ্চ্ছনাৰে আন্দোলিত কৰি ৰখা মানুহজন জুবিন গাৰ্গ । অসমৰ প্ৰতিটো সমস্যাৰ সময়ত ৰাইজৰ কণ্ঠ হৈ পৰা শিল্পীজনাই "কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন"ৰ জৰিয়তে বিপদৰ সময়ত আৰ্তজনৰ ওচৰত থিয় দি আহিছিল সাহসৰ মূৰ্ত্ত প্ৰতীক হৈ ।
সঁচা অৰ্থত জনপ্ৰিয়তা কি বুজালে জুবিন গাৰ্গে । জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে গোটেই জাতিটো একত্ব কৰা নামটোৱে হ'ল জুবিন গাৰ্গ । অসমভূমিৰ আজি যেনিয়েই চাওঁ সকলোতে একেই আৱেগ, একেই যন্ত্ৰণা, একেই শূন্যতা । অসমীয়া জাতিৰ প্ৰাণ স্পন্দন, এজাক প্ৰচণ্ড ধুমুহা, অন্যায়-শোষণৰ বিৰুদ্ধে এক বিপ্লৱী সত্তা জুবিন গাৰ্গৰ অবৰ্তমানত স্তব্ধ হৈ পৰা নিথৰুৱা জাতিটোৰ হৃদয়ত আজীৱন ৰৈ ৰৈ বিনাব তেওঁৰ হৃদয়স্পৰ্শী গীতৰ সুমধুৰ সুৰ । জুবিন গাৰ্গৰ অসম প্ৰেমৰ চানেকি লুইত থকালৈ লুইতৰ সোঁতত প্ৰবাহমান হৈ থাকিব । তেওঁৰ আপুৰুগীয়া সৃষ্টিৰ ভঁৰালটো অসীমৰ অচিন বাটত হেৰাই নোযোৱাকৈ আমি অনন্তকাললৈ ধৰি ৰাখিব লাগিব উত্তৰ প্ৰজন্মৰ বাবে ।
তেওঁৰ ৫৩ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি শৈক্ষিক গোট "জ্ঞানম"ৰ ষষ্ঠ বছৰৰ প্ৰথম সংখ্যা মহান শিল্পীজনাৰ নামত উৎসৰ্গা কৰিছোঁ ।
আমি যিমানেই শিক্ষিত, সভ্য আৰু প্ৰগতিৰ শিখৰত আৰোহণ কৰা বুলি জয়ঢোল নবজাও কিয়, আচলতে মূল্যবোধ শিক্ষাৰ অভাৱত মানুহে পাহৰি গৈছে ইজনে সিজনৰ প্ৰতি থকা মৰম, দয়া আৰু সম্পৰ্কবোৰ । অসমীয়া জাতীয় সত্তা জুবিন গাৰ্গৰ গান গালেই নতুবা তেওঁৰ বিষয়ে লিখিলেই আমাৰ দায়িত্ব আৰু কৰ্তব্য শেষ নহয় । জুবিন গাৰ্গৰ আত্মাই তেতিয়াহে শান্তি পাব , যেতিয়া শদিয়াৰ পৰা ধুবুৰীলৈ সমগ্ৰ অসমবাসী মৰম আৰু চেনেহৰ এনাজৰীৰে বান্ধ খাই তেওঁৰ আদৰ্শৰে সমাজখন সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তুলি সুন্দৰতাৰ কাৰেংঘৰ সজাব পাৰোঁ । আহক, আমি সকলোৱে একেলগে কও জুবিন দা অমৰ হওঁক । জয় জুবিনদা ।
শ্ৰদ্ধাৰে...
মালব্য দাস
সম্পাদক, ই-আলোচনী 'জ্ঞানম'
পুতলা বৰা
কমল দাস
সহকাৰী সম্পাদকদ্বয়, ই-আলোচনী 'জ্ঞানম'
.jpg)



0 Comments