জুবিন
নতমস্তক অসম,
অশ্রুসিক্ত নয়নেৰে
আজি তোমাৰ নশ্বৰ দেহৰ বিদায়,
হে পবিত্ৰ আত্মাৰ শিল্পী,
অগণন জনতাৰ
কান্দোনৰ ৰোল
তুমি দেখিবা চাগে
নেদেখা জনৰ কাষৰ পৰা,
আহিব লাগিব আকৌ
তুমি অসমৰ ধৰা লৈ,
জগাই ৰাখিবলৈ
অসমীয়াৰ মাজত
তাৰ অস্তিত্ব।
তোমাৰ সেই,
শিশু সুলভ ব্যৱহাৰেৰে,
সকলোকে একাকাৰ কৰি
অসমৰ জয়গান গাবলৈ,
অসমৰ উন্নতিৰ বাবে
আকৌ আহিবা দেই
আমাৰ কাষলৈ ।
লোকপ্ৰিয় বৰদলৈ মধ্য ইংৰাজী বিদ্যালয়
গুৱাহাটী


0 Comments