header ads

অসমীয়া কবিতা I তুমি ঈশ্বৰৰ পুত্ৰ I পুস্পাজ্ঞলি পাংগিং গাম I ৬ষ্ঠ বৰ্ষ ১ম সংখ্যা

 তুমি ঈশ্বৰৰ পুত্ৰ



তুমি ক'ত আছা , কেনে আছা

নক'লেও হ'ব.....

তুমি যে ভগৱানৰ অৱতাৰ

স্বৰ্গতেই থাকিবা ।

‌তুমি ৰজা, বাদ্‌শ্বাহ, জিল্লেইলাহী 

নিজৰ দৰে সকলোকে জীয়াবলৈ শিকালা,

নাই কোনো ৰাজনীতি, নাই কোনো স্বাৰ্থ

আছে মাথোঁ সুৰ, কথা, ছন্দ, শব্দ আৰু গান

তুমি যে নৱ প্ৰজন্মৰ নতুন গান

য'ত আছে প্ৰকৃতি, জীৱ-জন্তু, চৰাই-চিৰিকতিৰ 

মৰম -চেনেহ আৰু ভালপোৱা ।


তুমি আৰু নাযাবা সাগৰলৈ

স্বাৰ্থপৰ মানুহৰ লগত

তুমি যে গাখীৰ খোৱাই সাপ পুহিলা,

নাই, সাপৰ কথা ক'ব নোৱাৰি 

তোমাৰ হাতত আঘাতপ্ৰাপ্ত সাপটোও প্ৰাণ পাই উঠে 

সেয়া অসুৰ, দানৱ, তেজপিয়া, হত্যাকাৰী।

তুমি আৰু কাকোৱেই বিশ্বাস নকৰিবা ।


তুমি যে আহিলা

সৌৱা চোৱা -----

তুমি অহা বাটত নানা ৰঙীন ফুল, নানা লোকৰ 

জন সমুদ্ৰ ঠিক তুমি কোৱাৰ দৰে 

নাই কোনো জাতি, নাই কোনো ধৰ্ম 

নাই কোনো ভগৱান 

সকলোৱে কাঞ্চনজংঘা ।


আকাশত তোমাৰেই প্ৰতিধ্বনি, তোমাৰেই প্ৰতিচ্ছবি

গীটাৰ আৰু স্পীকাৰ লৈ যেন গাই আছা মায়াবিনী

ৰাতিৰ বুকুত,সাগৰ তলিত শুবৰে মন

 হাঁহি আছা , মৌ বৰষাইছা , গাই আছা গান ----


তুমি ইউকেলিপ্টাছেই হ'লা ........

তোমাৰ আদৰ্শ, অনুভৱ, বিবেচনা উদাৰতা সকলো উচ্চ।

তোমাক বিদায় জনাব নোৱাৰোঁ,

তুমি থাকিবা প্ৰতিজনৰ অন্তৰত‍ সঁচা মৰম হৈ ।

সুৰ , বতাহ , বৰষুণ , আৰু ধ্বনি হৈ আহিবা

তুমি আমাৰ মাজতেই বিৰাজমান যুগ -যুগান্তৰলৈ ,

তুমি অমৰ হৈ থাকিবা

তুমি যে ভগৱানৰ অৱতাৰ 

আমাৰ হিয়াৰ আমঠু

তুমিয়েই ঈশ্বৰৰ পুত্ৰ 

আমাৰ জুবিন দা ।

      

পুস্পাজ্ঞলি পাংগিং গাম

সহকাৰী শিক্ষয়িত্ৰী

বৰপতিমা প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড : ৰাণী

Post a Comment

0 Comments