header ads

অসমীয়া কবিতা I নটৰাজ 'জুবিন' I ৰিমঝিম বড়ো I ৬ষ্ঠ বৰ্ষ ১ম সংখ্যা

 নটৰাজ 'জুবিন'

সৃষ্টিৰ ৰক্ষাৰ্থে 
সমুদ্ৰ মন্থনৰ 
গৰল পি মহাদেৱ হৈছিল নীলকণ্ঠ,
যি শুভ নৱ সৃষ্টিৰ তাড়নাত 
অশুভ পুৰণিৰ ধ্বংসকাৰী নিয়ন্তা 
আকৌ নটৰাজৰূপে 
প্ৰদান কৰিছিল 
বিশ্বৰ ছন্দে ছন্দে নাচি
মহানন্দ প্ৰাপ্তিৰ মহাকলা ।
যাযাবৰ হৈ 
বিশ্বৰ অৰঙে দৰঙে গৈ 
ভূপেনে বুটলি ফুৰিছিল 
সুন্দৰ সংস্কৃতিৰ মৌ ।
তাৰেই সৃষ্টি কৰিছিল কালজয়ী কলাৰ ৰহঘৰা 
সেই একেই ভুমিকাৰে
নটৰাজ আত্মা লৈ
লুইতপৰীয়া জুবিনে বজাইছিল 
সংগীতকলা কৃষ্টিৰ হৃদয় পৰশা চিফুং
হে জুবিন তুমি আজি নাই...


ৰিমঝিম বড়ো
সহকাৰী শিক্ষয়িত্ৰী
আদৰ্শ বিদ্যালয়, দোকুছী
শিক্ষাখণ্ড : ছমৰীয়া

Post a Comment

0 Comments