header ads

অসমীয়া কবিতা I সংগীতৰ নক্ষত্ৰ হেৰাল I ধীৰাজ দাস I ৬ষ্ঠ বৰ্ষ ১ম সংখ্যা

 সংগীতৰ নক্ষত্ৰ হেৰাল

             

         
সংগীতৰ নক্ষত্ৰ হেৰাল
সংগীতৰ অক্লান্ত দেহৰ ,
আজি স্থবিৰ 
সংগীত যাত্ৰা ।
" মই ভাগৰা নাই " বুলি কৈ ,
আপুনি কিয় ভাগৰি পৰিল ?
অসমৰ সংগীত জগতৰ ,
মহাৰথী হয় আপুনি ।
ইমান নিৰৱ যাত্ৰা সহিব নোৱাৰো আমি ।
আমাৰ হৃদয় উকা কৰি,
ভাগৰুৱা দেহাৰে ,
অচিন দেশৰ সাগৰ তীৰলৈ কিয়নো গৈছিল ?
সাগৰ তলিৰ গভীৰতা ,
জুখিব নালাগিছিল আপুনি ।
আপোনাৰ প্ৰিয় গীত 
" মায়াবিনী ৰাতিৰ বুকুত "_
আজি নিথৰুৱা আৰু পিতৃহীন হ'ল ।
পিতৃহীন হ'ল মোৰ দৰে 
বহুতৰে হৃদয় আৰু সংগীত যাত্ৰা ।
মানব দৰদী গানবোৰ ,
কোনে গাব জুবিন দা ?
এবাৰ আমাক উত্তৰ দিয়ক!
সংগীত জগতৰ নক্ষত্ৰৰ ,
ইমান মৌন বিদায় 
কেনেকৈ সম্ভৱ ?
আপোনাৰ অবিহনে আমি সদায়েই
স্মৃতিৰ চকুলো টুকিম।
আজীৱন আমাৰ হৃদয়ত,
আপুনি সহচৰী হৈ থাকিব।
এবাৰ পুনৰ 
মানৱী ৰূপ লৈ ,
আমাৰ মাজলৈ ঘূৰি আহিব দেই ।
অপেক্ষাত...
আমাৰ সংগীত যাত্ৰা ।


ধীৰাজ দাস
সহকাৰী শিক্ষক
হালীগাওঁ উচ মাধ্যমিক বিদ্যালয় 
শিক্ষাখণ্ড : ৰামপুৰ

  

Post a Comment

0 Comments