header ads

তত্বাৱধায়িকাৰ একলম, ৬ষ্ঠ বছৰৰ ২য় সংখ্যা,

 



           শৈক্ষিক গোট , জ্ঞানম কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা , কামৰূপৰ সহযোগত প্ৰকাশিত ই-আলোচনী “জ্ঞানম” ৰ ৬ বৰ্ষৰ দ্বিতীয় সংখ্যাটো সদ্য প্ৰয়াত আমাৰ অতিকৈ শ্ৰাদ্ধাৰ ড° গণেশ্বৰ চহৰীয়া মহোদয়ৰ নামত উচৰ্গা কৰিলোঁ ।

                  ১৭ জানুৱাৰী২০২৬ তাৰিখে নিশা সেই অনাকাঙ্খিত খবৰটো পালো যে, আমাৰ অতি শ্ৰদ্ধাৰ শৈক্ষিক গোট , জ্ঞানম কামৰূপৰ উপদেষ্টা ড° গণেশ্বৰ চহৰীয়া ছাৰ আৰু আমাৰ মাজত নাই । অত্যন্ত দুখ আৰু শোকত ম্ৰিয়মান হলো । জ্ঞানমে অভিভাৱকক হেৰুৱালোঁ । এগৰাকী সঠিক পথৰ মাৰ্গ দৰ্শকক হেৰুৱাই আমিবোৰ দিশহাৰা আৰু বাৰুকৈয়ে মৰ্মাহত হলো । মানি লব নোৱাৰা অথচ সেয়াই সত্য- হয় যে, ছাৰ আৰু ঘুৰি নাহে চিৰদিন চিৰকাল । চহৰীয়া ছাৰ অবিহনে জ্ঞানমত এক বিশাল শূণ্য ,অপূৰণীয় ক্ষতি। জ্ঞানমৰ জন্ম-লগ্নৰে পৰা ছাৰ অত: প্ৰোতভাৱে জড়িত হৈ বিভিন্ন দিহা- পৰামৰ্শৰে আগবঢ়াই লৈ গৈ আছিল। জ্ঞানমৰ প্ৰতিগৰাকী সদস্যৰ লগত ছাৰে এক এৰাব নোৱাৰা নিবিড় সম্পৰ্ক ৰাখি একতাৰ বান্ধোনৰ এনাজৰীডাল শক্তিশালী কৰিছিল । শৈক্ষিক গোট , জ্ঞানম কামৰূপৰ উদ্যোগত জিলাখনত শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰনৰ বাবে কাম কৰি যোৱাৰ বাবে বহু সপোন দেখিছিল। সেই সপোন বাস্তবাৱিত কৰাৰ বাবে আমিবোৰ যেন স্থবিৰ হৈ নাযাও তাৰ বাবে আমাৰ চেষ্টা অব্যাহত থাকিব লাগিব । 

              হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি, সু-সাহিত্যিক, সমাজ সংগঠক, বিশাল ব্যক্তিত্বৰ অধিকাৰী, শিক্ষাবিদ ড° গণেশ্বৰ চহৰীয় মহোদয় আছিল কামৰূপৰ ৰত্ন । কামৰূপৰ শিক্ষাজগতত তেখেতৰ অৰিহণা আছিল অপৰিসীম । তাৰোপৰি দক্ষিণ কামৰূপৰ সমাজ স্ংগঠক হিচাপে বিভিন্ন বিভাগীয় আৰু সামাজিক অনুস্থান- প্ৰতিষ্ঠানৰ লগত জড়িত আছিল । অসমীয়া ভাষাৰ বিষয়ে যথেষ্ট পৰিমানৰ জ্ঞান আছিল । তেখেতে বহু সংখ্যক কিতাপ লিখি থৈ গৈছে । 

                 তেখেতৰ সৃষ্টিৰাজী সমাজৰ মাজত চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে এই সংখ্যাটোত ছাৰৰ বিষয়ে বিভিন্ন লেখক তথা শুভাকাংখীয়ে লিখা লেখনি সন্নিবিষ্ট কৰাৰ প্ৰয়াস কৰা হৈছে । এগৰাকী ব্যক্তিৰ বিষয়ে লিখাবোৰৰ শুদ্ধ ৰূপত আৰু সঠিক ভাৱে উপস্থাপন হৈছে নে সেইখিনি চোৱাটো ইমান সহজ নহয় । সেয়েহে ছাৰৰ বিষয়ে লিখা লেখনিসমূহত অজানিতে হৈ যোৱা ভুল-ক্ৰটিৰ মাৰ্জনা বিচাৰিছোঁ । 

                 ড° গণেশ্বৰ চহৰীয়া মহোদয়লৈ আন্তৰিক শ্ৰাদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ অত্মাৰ চিৰশান্তি কামনা কৰিলোঁ । ছাৰ আপুনি যতেই আছে শান্তিৰে থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ।

                 তেখেতৰ সহধৰ্মিনী ড° বিজয়া ডেকা বাইদেউ আৰু একমাত্ৰ পুত্ৰৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি তত্বাবধায়কৰ একলম সামৰণি মাৰিব বিচাৰিছোঁ ।           

                 শৈক্ষিক গোট , জ্ঞানম কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা , কামৰূপৰ সহযোগত প্ৰকাশিত ই-আলোচনী “জ্ঞানম” ৰ ৬ বৰ্ষৰ দ্বিতীয় সংখ্যাৰ সম্পাদনা সমিতিৰ সন্মানীয় সদস্য-সদস্যাসকলে লেখাসমূহ সম্পাদনা  আৰু অলংকৰণ কৰা, প্ৰকাশৰ বাবে অৱেবচাইদত আপলোড কৰা, পিডি এফ সংস্কৰণ আদি কাৰ্য সমূহ সমাপন কৰাৰ ক্ষেত্ৰত সুচাৰুৰূপে নিজৰ নিজৰ দায়িত্ব পালন কৰি যথা সময়ত আলোচনীখন প্ৰকাশৰ কাৰণে সাজু কৰি তোলাৰ বাবে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ। 

         ৮ মাৰ্চ,২০২৬ তাৰিখে বকোস্থিত পি এম শ্ৰী বকো উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত শ্ৰদ্ধাৰ ড° গণেশ্বৰ চহৰীয়া দেৱলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ মানসেৰে আয়োজিত স্মৃতিচাৰন সভাত তেখেতেৰ সহ ধৰ্মিনী ড° বিজয়া ডেকা মহোদয়াৰ দ্বাৰা উন্মোচন কৰাৰ পৰিকল্পনা কৰা হৈছে । 

          ড° গণেশ্বৰ চহৰীয়া মহোদয়লৈ পুনৰ একাজলি শ্ৰদ্ধাঞ্জলিৰে-


          

ফুলপাহি নাথ, তত্বাৱধায়ক, দুমহীয়া ই-আলোচনী,'জ্ঞানম' ।

শৈক্ষিক গোট,জ্ঞানম,কামৰূপ





Post a Comment

0 Comments