শ্ৰদ্ধাৰ ড° গণেশ্বৰ চহৰীয়া ছাৰৰ নিবিড় সান্নিধ্যৰ স্মৃতি
যেতিয়া অতিকৈ আপোন ব্যক্তি এগৰাকী আকস্মিকভাৱে ওচৰৰ পৰা আঁতৰি যায়, তেখেতৰ বিষয়ে চৰ্চা কৰিবলৈ আঁত বিচাৰি নোপোৱা হৈ যোৱা যায়। ঠিকে একেই গতি হৈছে মোৰ শ্ৰদ্ধাৰ ড° গণেশ্বৰ চহৰীয়া ছাৰৰ বিষয়ে কিবা লিখিবলৈ কোৱাৰ পিছতো মই হাতত কলম তুলি ল'বলৈ সক্ষম হোৱা নাই। বাৰে বাৰে পিছুৱাই আহোঁ যে মই লিখিম কি! বিশাল ব্যক্তিত্বৰ এগৰাকী সমাজ হিতৈষী সমাজ কৰ্মী, বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ, বিজ্ঞান কৰ্মী, সমাজ সংস্কাৰকৰ বিষয়ে মোৰ পক্ষে লিখা সম্ভৱেই নহয়। তথাপি তেখেতৰ মহান সৎ কৰ্মবোৰ আলোচনা নকৰিলে পিছৰ প্ৰজন্মই জনাৰ অৱকাশ নাথাকিব আৰু সময়ৰ বুকুত সকলো হেৰাই যাব।
সম্ভৱ ২০০৭ চন । বকোৰ গান্ধী ময়দানত বগাই সাংস্কৃতিক সন্ধিয়া চলি থকা অনুষ্ঠানত এটি ঘোষণা মাজে মাজে আহি আছিল যে এইবৰ্ষৰ পৰা বকো কণিষ্ঠ মহাবিদ্যালয়ত কলা শাখাত নামভৰ্তিকৰণ হ'ব। তেতিয়ালৈকে মোৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়া নাই। যিহেতু আমি গাঁৱৰ ভিতৰুৱা অঞ্চলৰ স্কুলত পঢ়া শিক্ষাৰ্থী, সেয়ে কণিষ্ঠ মহাবিদ্যালয় কি, বি. এড. কলেজ কি, এইবোৰৰ বিষয়ে ভালকৈ একো বুজিব পৰা হোৱা নাছিলোঁ। সেই সময়ত আমাৰ ভিতৰ অঞ্চলৰ ৰাস্তা-ঘাটৰ কথা নক'লোঁৱে যেনিবা, স্বয়ং বকো-ছমৰীয়া গড়কাপ্তানী পথটোৰে অৱস্থা তথৈবচ আছিল। পুৰণি পকাবোৰ ভাঙি শিলগুটিৰে ইফাল-সিফাল যাব নোৱাৰা অৱস্থা হৈ আছিল। সেয়ে, ৰেডিঅ'টোত পোৱা খবৰৰ বাহিৰে আন আন খবৰ আমি ক'মেই পাইছিলোঁ। গাঁৱৰ দুই-এঘৰৰহে ক'লা-বগা টিভি আছিল। মেট্ৰিকৰ ফলাফলৰ পিছত জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোত বিজ্ঞান শাখাত নামভৰ্তি কৰিলোঁ। কলেজ অৱ এডুকেশ্বনতে (মুখে মুখে চমুকৈ বি. এড. কলেজ বুলি সকলোৱে কয়) কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ শ্ৰেণীবোৰ হৈছিল আৰু ইয়াৰে নৱাগত আদৰণি সভাত মোৰ লগৰ চন্দন হাজৰিকাই যাবলৈ বাৰে বাৰে মাতিলে। একে সময়তে বকো সংগীত মহাবিদ্যালয়তো নাম ভৰ্তি কৰিছিলোঁ বাবে চন্দনৰ লগত ভাল সম্পৰ্ক হৈছিল যদিও মোতকৈ দুই-এবছৰ ডাঙৰ হ'ব আৰু চিনাকি সূত্ৰে আলহী গ'ম পাইছিলোঁ। উক্ত আদৰণি সভাতে প্ৰথম ড° চহৰীয়া ছাৰক দেখা আৰু তেখেতৰ কিছু বক্তব্য শুনা ৰিণিকি ৰিণিকি মনত পৰে।
ইয়াৰ পিছত দিন গৈ থাকিল। মই পঢ়া মহাবিদ্যালয়ৰ শিক্ষক পদাৰ্থ বিজ্ঞানৰ ড° ৰঞ্জিত বৈশ্য ছাৰ আৰু ৰসায়ন বিজ্ঞানৰ ড° জ্যোতি প্ৰসাদ শৰ্মা বৰুৱা ছাৰৰ হাতত 'বিজ্ঞান জেউতি' আলোচনীখন প্ৰায় দেখিছিলোঁ। পঢ়িম বুলি আগ্ৰহ কৰাত ছাৰসকলে পঢ়িবলৈ দিয়ে আৰু যদি সম্ভৱ হয় অসম বিজ্ঞান সমিতিৰ আজীৱন সদস্য হ'লে বিনামূলীয়াকৈ পাম বুলি জনাই থ'লে। অৱশ্যে ঘৰুৱা অৱস্থা তেওঁলোক জ্ঞাত বাবে জোৰ কৰি কোৱা নাছিল। ২০১৩ চনত মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা অসম বিজ্ঞান সমিতিৰ ৪৯ সংখ্যক দ্বি-বাৰ্ষিক বকো অধিৱেশনৰ আগে আগে ড° শৰ্মা ছাৰে সমিতিৰ আজীৱন সদস্য হিচাপে পঞ্জীয়ন কৰি দিলে। এইখিনিতে উল্লেখ কৰি থওঁ যে উক্ত অধিৱেশনৰ স্মৃতিগ্ৰন্থখন অতি কম সময়ৰ ভিতৰতে অসমৰ বিশিষ্ট বিজ্ঞান লেখকৰ লগতে বিভিন্নজনৰ তথ্যসমৃদ্ধ লেখাৰে ড° চহৰীয়া ছাৰে সম্পাদনা কৰি পাঠকৰ হাতত তুলি দিবলৈ সক্ষম হৈছিল। ইয়াৰ আগতে ২০১২ চনলৈকে দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছিলোঁ যদিও অসম বিজ্ঞান সমিতিত পঞ্জীয়ন হোৱাৰ পিছত ২০১৭ চনত বকো শাখাৰ সহকাৰী সম্পাদকৰ গুৰু দায়িত্ব পোৱাৰে পৰা সামাজিক ক্ষেত্ৰখনত অতি দৃঢ়তাৰে জড়িত হৈ পৰিলোঁ। সেই বছৰেই কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে বাছনিকৃত হোৱাৰ লগতে সমিতিৰ বিভিন্ন প্ৰজেক্টৰ কামত তথা শাখাৰ সাংগঠনিক কামত সেই সময়ৰ শাখাৰ সভাপতি ড° অৱনী কুমাৰ দাস ছাৰ আৰু সম্পাদক ধ্ৰুৱজ্যোতি মেধি দাদাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰাৰ বাবে অঞ্চলটোৰ বিভিন্নজনৰ লগত নিকট সম্পৰ্ক গঢ়ি উঠিছিল। গতিকে, সভাবোৰত লগ পাওঁতে চিনাকি হোৱা অৱসৰপ্ৰাপ্ত বন বিষয়া প্ৰহ্লাদ বড়ো ছাৰ, বকো ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুৰেন চন্দ্ৰ কলিতা ছাৰ, জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোৰ শিক্ষা বিভাগৰ অধ্যাপিকা তথা পিছলৈ উপাধ্যক্ষা হৈ অৱসৰ গ্ৰহণ কৰা ড° বিজয়া ডেকা বাইদেউ, অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক গৌৰাংগ ঠাকুৰীয়া ছাৰ, জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ লক্ষীকান্ত শৰ্মা ছাৰৰ দৰে বহুজনৰ লগত আন্তৰিকতা বাঢ়িল আৰু ২০১৯ চনত অসম সাহিত্য সভাৰ আজীৱন সভ্য কৰি ল'লে। ইয়াৰ পিছত বিজ্ঞান সমিতিৰ লগতে বকো সাহিত্য সভা (শতদল শাখা)ৰো বিভিন্ন কামত সক্ৰিয়তাৰে জড়িত হৈ পৰিলোঁ। এটা কাৰ্যকাল সহকাৰী সম্পাদক, পত্ৰিকা সম্পাদক হিচাপে দ্বিতীয়টো কাৰ্যকাল চলি আছে। সাহিত্য সভাৰ লগত জড়িত হোৱাৰ পিছত বিগত বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সভা-সমিতিটিত ড° চহৰীয়া ছাৰৰ সৈতে অংশগ্ৰহণ কৰাৰ লগতে বহুতো স্বনামধন্য ব্যক্তিৰ লগত চা-চিনাকি হোৱাৰ সুযোগ লাভ কৰিছিলোঁ। আনকি শৈক্ষিক গোট জ্ঞানম, কামৰূপতো জড়িত হ'বলৈ পৰামৰ্শ দিছিল যাতে নিজৰ কামবোৰ এঠাইতে আৱদ্ধ কৰি নাৰাখি দূৰ-দূৰণিলৈ সিঁচৰতি কৰি জগতত চিনাকি দিব পাৰি। যেতিয়া পুৰণি ফটোবোৰ দেখোঁ, সেই স্মৃতিবোৰ প্ৰকট হৈ আমনি কৰে। আকৌ ২০১৮ চনত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বাবে প্ৰকল্প কেনেকৈ প্ৰস্তুত কৰিব লাগে তাৰে ওপৰত নগাঁৱৰ নেহেৰু যুৱ কেন্দ্ৰত দুদিনীয়া ৰাজ্যিক ভিত্তিক সমল ব্যক্তিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি অহাৰ পিছৰে পৰাই ইয়াতো কম-বেছি পৰিমাণে জড়িত হৈ পৰিলোঁ। এই সমাৰোহৰ শেষৰটো অৰ্থাৎ ৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ কামৰূপ জিলা ভিত্তিক সমাৰোহখনি জিলা আয়োজক সমিতিৰ সভাপতি হিচাপে ড° চহৰীয়া ছাৰৰ নেতৃত্বত ২০২৩ চনৰ ১৫ অক্টোবৰত সেই সময়ৰ বকো উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছিল। উক্ত অনুষ্ঠানতে জিলাৰ প্ৰথম তথা শেষৰখন স্মৃতিগ্ৰন্থ "সন্ধান" প্ৰকাশ কৰি উলিওৱা হৈছিল। স্মৃতিগ্ৰন্থখনৰো সভাপতি হিচাপে ড° চহৰীয়া ছাৰ আৰু মই সম্পাদকৰ দায়িত্বত আছিলোঁ যদিও মই বিশেষ ঘৰুৱা সমস্যাত ব্যস্ত হৈ পৰাৰ বাবে অধিকাংশ সম্পাদনাৰ কাম শেষৰ ফালে ছাৰেই কৰিব লগা হৈছিল।
২০২৫-২৬ বৰ্ষৰ বাবে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি হিচাপে ড° চহৰীয়া ছাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু ২০২৫ চনৰ ২৩ জানুৱাৰীৰ দিনাখন শাখাসমূহৰ দ্বাৰা ভোট দান পৰ্বৰ লগতে গণনাও আছিল। উক্ত গণনা পৰ্বত মই পলিং এজেণ্ট হিচাপে আছিলোঁ আৰু তেখেতে বিপুল ভোটৰ জৰিয়তে জিলাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ২০২৪ বৰ্ষতে অষ্টাদশ বকো গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ বিভিন্ন দল-সংগঠনৰ উপস্থিতিত অনুষ্ঠিত সাধাৰণ সভাত ছাৰক সভাপতি আৰু মোক সম্পাদক হিচাপে গ্ৰন্থমেলা আয়োজক সমিতিখন গঠন কৰা হৈছিল যদিও বিভিন্ন কাৰণত অনুষ্ঠিত কৰিব পৰা নগ'ল হেতুকে ২০২৫ বৰ্ষত আয়োজনৰ পূৰ্ণ প্ৰস্তুতি চলিছিল। সেই সময়তে আন এটি খবৰ পোৱা গ'ল যে কামৰূপ জিলা সাহিত্য সভাৰ ৩৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখনিও বকোতে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ হৈছে । সেয়ে, ২২,২৩ আৰু ২৪ মাৰ্চ, ২০২৫ খ্ৰীষ্টাব্দত অন্তৰংগ, বকো আৰু বকো সাহিত্য সভা (শতদল শাখা)-ৰ উদ্যোগত অষ্টাদশ বকো গ্ৰন্থমেলাৰ লগতে প্ৰথম দিনাখন বকো সাহিত্য সভা (শতদল শাখা)-ৰ ৬৪ সংখ্যক বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনত মই পত্ৰিকা সম্পাদক হিচাপে জড়িত থকা শাখাৰ তৃতীয় সংখ্যক পত্ৰিকাৰ বিশেষ সংখ্যা "বকোজ্যোতি" প্ৰকাশ পায়, যিখনৰো সেই সময়ৰ শাখাৰ সভানেত্ৰী ড° বিজয়া ডেকা বাইদেউ আৰু স্মৃতিগ্ৰন্থখনৰ উপদেষ্টা হিচাপেই থকা ড° চহৰীয়া ছাৰে অধিকাংশ সম্পাদনা কৰিছিল কাৰণ নিজৰ চৰকাৰী দায়িত্বৰ ব্যস্ততাৰ উপৰিও গ্ৰন্থমেলাৰ বিভিন্ন কামৰ লগতে অন্যান্য ক্ষেত্ৰত ব্যস্ততাৰ বাবে সময় দিবলৈ সক্ষম হোৱা নাছিলোঁ। দ্বিতীয় দিনাখনৰ কামৰূপ জিলা সাহিত্য সভাৰ ৩৭ সংখ্যক দ্বি-বাৰ্ষিক বকো অধিৱেশনত ড° গণেশ্বৰ চহৰীয়া ছাৰে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। এই মধুৰ সময়ৰ স্মৃতিয়ে এতিয়া বুকুত খুন্দিয়াই শোকান্বিত কৰি তোলে। ছাৰৰ তৎপৰতাতে মই কামৰূপ জিলা সাহিত্য সভাৰ এখন গুৰুত্বপূৰ্ণ "কুঁহি" উপ-সমিতিত সহকাৰী আহ্বায়ক হিচাপে মনোনীত হৈ জিলাৰ বাবে কাম কৰাৰ সুবিধা পাইছোঁ।
তেখেতে এক বৃহৎ পৰিকল্পনা আগত ৰাখি কামৰূপ জিলা সাহিত্য সভাখনক ৰাজ্যখনৰ ভিতৰতে শ্ৰেষ্ঠ কৰিবলৈ প্ৰয়াস কৰিছিল যদিও কামৰূপ জিলা সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক ডিমু অধিৱেশনত এবছৰীয়া কাৰ্যকালৰ অন্তত দ্বিতীয় বৰ্ষৰ কাম-কাজ আগবঢ়াবলৈ নোপোৱাতে ইহলীলা সম্বৰণ কৰে। ইয়াৰ ফলত জিলাখনে সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত
বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব।
২০২৩ চনৰ ২৮ ফেব্ৰুৱাৰীৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনাখন মই কৰ্মৰত আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয়ত এটি স্মাৰ্ট টিভি উন্মোচনৰ সভাত উপস্থিত থাকি বিদ্যালয়খনৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নতিৰ বাবে সুন্দৰ বক্তব্য ৰাখিছিল আৰু তেখেতে লিখা কেইবাখনো গ্ৰন্থ বিদ্যালয়খনৰ পুথিভঁৰাললৈ আগবঢ়াইছিল। বিগত ২০২৫ বৰ্ষৰ গুণোৎসৱতো অন্য এখন বিদ্যালয়ত বাহ্যিক মূল্যায়ক হিচাপে সেৱা আগবঢ়াই উভতি আহোঁতে তেখেতৰ পৰিবাৰ ড° বিজয়া ডেকা বাইদেৱে মোৰ বিদ্যালয়ত বাহ্যিক মূল্যায়কৰ কাম সমাপন কৰা লৈকে ৰৈ দিছিলে।
২০২৩ বৰ্ষত ২নং মাকেলী আদৰ্শ গাঁৱৰ সোণালী জয়ন্তী উদ্যাপনৰ সামৰণি অনুষ্ঠানত এক সুন্দৰ বক্তব্য ৰাখি তেখেত যে এজন সুনিপুণ বক্তা, সেয়া ৰাইজৰ মাজত আকৌ এবাৰ প্ৰমাণিত হৈছিল। ২০২৫ বৰ্ষৰ মহা শিৱৰাত্ৰিৰ দিনাখন মোৰ গাঁৱৰ সোণালীটাৰী যুৱক সংঘ সৌজন্যত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধনী অনুষ্ঠানত এজন বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি শিৱৰ মাজতো যে বৈজ্ঞানিক দৃষ্টিভংগী আছিল, বক্তব্যত সুন্দৰকৈ ফুটাই তুলিছিল। ঠিক সেইদৰে, এইটো বৰ্ষতে মই পঢ়ি অহা তাৰাবাৰী আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদ্যাপনৰ শেষৰ দিনাখনৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধনী অনুষ্ঠানত বকো ৰাজহ চক্ৰ বিষয়া দিৱস বৰদলৈদেৱৰ সৈতে একেলগে উপস্থিত থাকি অতি কম সময়ৰ ভিতৰত যিটো সাৰুৱা বক্তব্য ৰাখিছিল, তাক কোনেও পাহৰিব নোৱাৰিব আৰু শোভাযাত্ৰাতো তেখেতে খোজকাঢ়ি অংশগ্ৰহণ কৰিছিল ।
এটি সাধাৰণ দুৰ্ঘটনাতে যে তেখেতক হেৰুৱাম আমি কোনেও সপোনতো ভবা নাছিলোঁ। তেখেতৰ বিয়োগৰ দিনাখন মোৰ এজন শুভাকাংক্ষীয়ে আন এজন শুভাকাংক্ষীক কৈছিল যে পৱিত্ৰৰ এখন হাত কটা গ'ল। একেবাৰে সঁচা কথা, যিবোৰ মনত পেলালেই বুকুত এটা ঢপঢপনি উঠে। বিশেষকৈ বিগত ২/৩ বছৰত স্কুল বন্ধ থকাৰ আগ ৰাতি প্ৰায়ে ফোন কৰি কৈছিল যে কাইলৈ অমুকত অমুক সভা বা অনুষ্ঠান আছে, যাবা নহয় বুলি লাহেকৈ ছাৰে কৈছিল। বিশেষ জৰুৰী কাম নাথাকিলে, যাম ছাৰ বুলি চিধাই কৈছিলোঁ। তেওঁ ওলাই আহি মোক কেতিয়াবা ২০/৩০ মিনিটত ৰখিব লগা হ'লে কৈছিল, "এনেকৈ নহ'ব নহয় । সময়ৰ সঠিক ব্যৱহাৰ নকৰিলে পিছলৈ সামাজিক কাম কৰাত বহুত অসুবিধা পাবা। সময়ৰ প্ৰতি সচেতন হোৱা।" আপোনাৰ এনেকুৱা কথাবোৰ মোৰ কাণত পূৰা বাজি আছে।
২০২৬ বৰ্ষৰ ১৭ জানুৱাৰীৰ মাজৰাতি তেখেতৰ বিয়োগত অকল বকো অঞ্চলৰে ভাষা, সাহিত্য, সংস্কৃতি, বিদ্বান সমাজখনৰ ক্ষতি নহয়, সমগ্ৰ কামৰূপ জিলাৰ লগতে ৰাজ্যখনৰ ক্ষেত্ৰতো বৃহৎ ক্ষতি হ'ল। তেখেতৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ হোৱাৰ উপৰিও আৰু কেইখনমান গ্ৰন্থৰ কাম চলি আছিল। সেয়ে, ন দি ক'ব পাৰি যে তেখেতৰ কলমৰ পৰা অসমীয়া ভাষা সাহিত্যৰ ভঁৰাললৈ আৰু বহুতো সমল আহিলে হয়, যিবোৰ ভৱিষ্যৎ অসমীয়া ভাষা-সাহিত্য, সমাজ-সংস্কৃতিৰ বাবে উল্লেখযোগ্য অৱদান হিচাপে বিবেচিত হ'ল হয়।
বকোৰ ২নং ডাকুৱাপাৰাৰ গৃহতো এটা সাধাৰণ গৃহ নহয়। এইটো এটা ডাঙৰ তথ্যৰ ভঁৰাল কেন্দ্ৰ। এবাৰ যিয়ে তেখেতৰ এই ভঁৰালত সোমাই পাইছে, তেওঁহে গ'ম পাব , আচলতে তেখেত কোন আছিল, কিমান দূৰদৰ্শী ব্যক্তি আছিল!
তেখেতৰ বিয়োগত আকৌ এবাৰ গভীৰ শোক প্ৰকাশ কৰি শোক-সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ ।
✍️পৱিত্ৰ কৈৱৰ্ত্ত
প্ৰধান শিক্ষক, আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড : বকো

0 Comments